Logo
image

আৰক্ষীৰ ছিণ্ডিকেট! : আদাবাৰীত প্ৰতিখন বাছৰ পৰা আৰক্ষীয়ে ২০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ সদাব্যস্ত বাছ আস্থান হিচাপে পৰিচিত আদাবাৰী বাছ আস্থান। এই আস্থানটোৰ পৰাই মহানগৰীৰ বিভিন্ন ঠাইলৈ চিটীবাছ চলাচল কৰাৰ লগতে বৰপেটা, দৌলাশাল, বৰপেটাৰোড, নলবাৰী আদিকে ধৰি দূৰণিবটীয়া বহু যাত্রীবাহী বাছ চলাচল কৰে। আস্থানৰ ভিতৰত নির্দিষ্ট স্থানত পার্কিং কৰি যাত্ৰী উঠাই বাছসমূহে গম্ভব্য ঠাইলৈ যাত্ৰা কৰিব লাগে। কিন্তু ইয়াৰ বিপৰীতে আদাবাৰী বাছ আস্থানৰ বাহিৰত ৰাজপথৰ ওপৰতে সম্প্রতি গঢ়ি উঠিছে যাত্রীবাহী বাহনৰ এটি অবৈধ আস্থান। প্রাপ্ত অভিযোগ অনুসৰি, আৰক্ষীৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠিছে এই আস্থানটো। আদাবাৰীৰ পথসেতুৰ দাঁতিৰ পৰা এনআৰএল পেট্র'ল পাম্পৰ ভিতৰলৈ বিস্তৃত এই আস্থানটো। বৰপেটা, মন্দিয়া, বৰপেটাৰোড, দৌলাশাল, নলবাৰীলৈ যোৱা বাছসমূহৰ পৰা ধন সংগ্ৰহৰ বাবে জালুকবাৰী থানাৰ যান-বাহন আৰক্ষীয়ে নিয়োজিত কৰি ৰাখিছে দুজনকৈ লোক। 

আনহাতে ৰাজপথৰ ওপৰতে এইদৰে যাত্রীবাহী বাছসমূহ ৰখাই থোৱাৰ ফলত অন্য বাহনৰ চলাচল অসুবিধাৰ সৃষ্টি হোৱাৰো অভিযোগ উঠিছে। যাৰ বাবে আদাবাৰী অঞ্চলত দিনৰ ভাগত সৃষ্টি হয় তীব্র যানজঁটৰ।  যান-বাহন আৰক্ষীৰ ধনৰ মোহৰ বাবেই সাধাৰণ জনতাই দৈনিক ভুগিব লাগে যমৰ যাতনা। সচেতন লোকসকলে আদাবাৰীত ৰাজপথৰ ওপৰতে গঢ়ি উঠা আস্থানটো উচ্ছেদ কৰাৰ লগতে ইয়াৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ মহানগৰ আৰক্ষী আয়ুক্তক দাবী জনাইছে।

উল্লেখ্য যে বাছৰ চালকসকলে আদাবাৰী বাছ আস্থানৰ ভিতৰত পার্কিং কৰাৰ সলনি ৰাজপথৰ ওপৰতে পার্কিং কৰি যাত্ৰীৰ বাবে অপেক্ষা কৰে। ইয়াৰ বিনিময়ত প্ৰতিখন বাহনে আৰক্ষীক ২০০ টকাকৈ আদায় দিব লাগে। অৱশ্যে আৰক্ষীয়ে এই ধন নিজে সংগ্রহ নকৰে।