Logo
image

পৰীক্ষা বাতিলৰ দাবীত ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুটাকৈ বিষয়ৰ প্ৰশ্নকাকত ফাদিলক লৈ অস্বস্তিত পৰিছে ৰাজ্যৰ ছাত্র-ছাত্ৰীসকল। শিক্ষা বিভাগৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবেই এতিয়া মানসিকভাৱে ভাগি পৰিছে লাখ লাখ শিক্ষাৰ্থী। ফলত ৰাজপথলৈ প্লেকাৰ্ড লৈ ওলাই আহিল ডিব্ৰুগড়ৰ শ শ মেট্ৰিক পৰিক্ষাৰ্থী। 

প্ৰশ্নকাকত ফাদিলক লৈ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল ডিব্ৰুগড়ৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰী। ডিব্ৰুগড় চৌকিডিঙ্গিস্থিত শ্বহীদ ভৱনৰ পৰা সমদল কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষুব্ধ শিক্ষাৰ্থীসকলে‌‌। প্ৰতিবাদকাৰী ছাত্র-ছাত্ৰীসকলে 'শিক্ষা বিভাগ হায় হায়', 'শিক্ষামন্ত্ৰী মুৰ্দাবাদ' আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে পৰীক্ষাৰ বাবে যথেষ্ট কষ্ট কৰি প্ৰস্তুতি চলাইছিলো। আমাৰ সকলো কষ্ট অথলে গ'ল। আমি এতিয়া মানসিকভাৱে ভাগি পৰিছোঁ। সাধাৰণ পৰীক্ষা এটা চৰকাৰে পাতিব পৰা নাই চৰকাৰে। চৰকাৰে মেট্ৰিকৰ পৰীক্ষা বাতিল কৰিব লাগে। আমাক পাছ কৰাই দিব লাগে। মুঠৰ ওপৰত আমাক ন্যায় লাগে। উল্লেখযোগ্য যে ছাত্র-ছাত্ৰীসকলে ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ সভাপতি তনুজ হালৈয়ে।