Logo
image

উক্তি-বক্ৰোক্তি

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ দায়িত্ব মই স্বীকাৰ কৰিছোঁ, ছেবাই ঠিকমতেই কাম কৰি আছে৷
– হিমন্ত বিশ্ব শৰ্মা

ছেবাৰ ঘটনাৰ বাবে মই পদত্যাগ কৰিব লাগে নে নালাগে, সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল’ব৷
– ৰণোজ পেগু

ছেবাৰ ঘটনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দায়িত্ব এৰাই চলিলে নহ’ব, সৰৱ আৰু সক্ৰিয় হ’ব লাগিব৷
– সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষই পদত্যাগ কৰক৷ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক৷ ছেবাক বিজ্ঞানসন্মতভাৱে পুনৰ গঠন কৰক৷
– সদৌ অসম ছাত্ৰ সন্থা

এটা বিয়াগোম শিক্ষা বিভাগ, সক্ৰিয় গৃহ বিভাগ আৰু দক্ষ মুখ্যমন্ত্ৰী থকাৰ পাছতো মেট্ৰিকৰ প্ৰশ্নকাকত কেনেকৈ ফাদিল হ’ল, সেয়াহে চিন্তনীয়৷
– জাতীয় যুৱ বাহিনী

কাব্যিক অভিব্যক্তিক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনলৈ নিব নোৱাৰি৷ বৰ্ষাশ্ৰী বৰগোহাঁইক দোষমুক্ত ঘোষণা কৰা হ’ল৷
– গোলাঘাট আদালত

মুখ্যমন্ত্ৰীয়ে মোক হাঁহিছিল৷ তেওঁলোকে মোক উপলুঙা কৰিছিল৷ এইবোৰে মোৰ লগতে পৰিয়ালটোক আজিও প্ৰভাৱিত কৰি আছে৷
– বৰ্ষাশ্ৰী বুঢ়াগোহাঁই

ৰাজ্যিক চলচ্ছিত্ৰ বঁটাৰ শ্ৰেষ্ঠ নেপথ্য মহিলা কণ্ঠশিল্পীৰ বঁটা ঘোষণাৰ ক্ষেত্ৰত হোৱা অযথা খেলিমেলিৰ বাবে আমি অসমবাসীৰ ওচৰত মাৰ্জনা মাগিছোঁ৷
– জুৰী ব’ৰ্ড