Logo
image

পুনৰগঠিত সমষ্টিৰে হ’ব পৰৱৰ্তী নিৰ্বাচন

২৬-২৮ মাৰ্চত গুৱাহাটীত নিৰ্বাচন আয়োগৰ বৈঠক
আমাৰ অসম, ১৯ মাৰ্চঃ পুনৰগঠিত সমষ্টিৰে অনুষ্ঠিত হ’ব ২০২৪ৰ লোকসভা নিৰ্বাচন৷ ২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ৷ ইতিমধ্যে নিৰ্বাচন আয়োগে অসমৰ লোকসভা আৰু বিধানসভাৰ সমষ্টিৰ নতুন সীমাৰ খচৰাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে৷ সেই সূত্ৰেই ক্ষেত্ৰভিত্তিক অধ্যয়ন তথা অসমবাসীৰ মতামত গ্ৰহণৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব দেশৰ নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ৷ ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে দেশৰ নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলেও অসম ভ্ৰমণ কৰিব৷ 

নিৰ্বাচন আয়ুক্তই সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ লগতে দল-সংগঠন, নাগৰিক সমাজ আৰু সংবাদ মাধ্যমৰ সৈতেও পৃথকে পৃথকে আলোচনাত মিলিত হ’ব৷ এই ভ্ৰমণতে আয়োগে ৰাজ্যৰ সকলো জিলাৰ জিলা নিৰ্বাচন বিষয়া আৰু উপায়ুক্তৰ সৈতেও বৈঠকত মিলিত হ’ব৷ সেই অনুসৰি আয়োগে ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ মতামত গ্ৰহণ কৰিব৷ আনহাতে ২৭ মাৰ্চৰ দিনৰ ৰ বজাৰ পৰা জনপ্ৰতিনিধি সাংসদ-বিধায়ক, নাগৰিক সমাজ, সামাজিক সংগঠনৰ নেতৃত্বৰ পৰাও মতামত গ্ৰহণ কৰিব৷ তদুপৰি ২৮ মাৰ্চৰ বিয়লি ৩ বজাত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই সংবাদ মাধ্যমৰ সৈতেও মত বিনিময় কৰিব৷ লক্ষণীয় বিষয়টো হৈছে যে ‘আমাৰ অসম’ কাকতে প্ৰথমবাৰলৈ সমষ্টি পুনৰ গঠনৰ খচৰা ৰাজহুৱা কৰিছিল৷ সমষ্টি পুনৰ গঠন হ’লে বিধানসভাৰ লগতে লোকসভা সমষ্টিৰো সীমা সাল সলনি হ’ব৷ অৱশ্যে সমষ্টি পুনৰ গঠনৰ ফলত ৰাজ্যত কোনো নতুন সমষ্টিৰ সৃষ্টি কৰা নহয়৷ অৰ্থাৎ বিধানসভা সমষ্টি ১২৬টা আৰু লোকসভা সমষ্টি ১৪টাই বাহাল থাকিব৷ কেৱল সমষ্টিৰ সীমাসমূহে পূৰ্বত তুলনাত সালসলনি হ’ব৷ বিশেষকৈ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াই প্ৰভাব পেলাব পাৰে নামনি আৰু মধ্য অসমত৷ বৰপেটা, কোকৰাঝাৰ, মঙলদৈ, কলিয়াবৰ, গুৱাহাটী আৰু নগাঁৱত সমষ্টি পুনৰ গঠনৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব পাৰে৷ অৱশ্যে ধুবুৰী, লখিমপুৰ আৰু বৰাকৰ দুখন জিলাত কোনো বিশেষ প্ৰভাৱ নেপেলাব৷ একেদৰে উজনি অসমৰ সমষ্টি সমূহৰো সীমা একে থকাৰ সম্ভাৱনা আছে৷ ইফালে অসমৰ সমষ্টিৰ পুনৰ গঠনৰ সন্দৰ্ভত অংশীদাৰ ৰাজনৈতিক দল বা সাধাৰণ নাগৰিকে কিবা ক’বলগীয়া থাকিলে ২৩ মাৰ্চৰ ভিতৰত অসমৰ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয় বা ইমেইল ceo_assam@eci.gov.inত মতামত দাখিল কৰিব পাৰিব৷ ইয়াৰোপৰি জিলা পৰ্যায়তো উপায়ুক্ত বা জিলা নিৰ্বাচন বিষয়াক ২২ মাৰ্চৰ ভিতৰত মতামত দাখিল কৰিব পাৰিব৷