Logo
image

বিনাদোষত গুৰুদণ্ড, বৰ্ষাশ্ৰীক ক্ষতিপূৰণ দিয়াৰ দাবী

আমাৰ অসম, ১৯ মাৰ্চঃ যোৰহাট জিলাৰ টীয়ক এজাৰগুৰি গাঁৱৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰীগৰাকীক বিদ্ৰোহী কবিতা লিখাৰ ‘অপৰাধ’ত আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তেওঁৰ লগতে পৰিয়ালটোক হাৰাশাস্তি কৰাই নহয়, ছাত্ৰীগৰাকীৰ আৱেগিক, মানসিক আৰু শৈক্ষিক জীৱনৰ ব্যাপক ক্ষতিসাধন কৰিলে৷ কোনো অভিযোগ তথা তথ্য-প্ৰমাণ অবিহনে কেৱল এটা কবিতা লিখাৰ বাবে এগৰাকী কলেজীয়া ছাত্ৰীক গ্ৰেপ্তাৰ কৰি ৬৪ দিনকৈ কাৰাগাৰত বন্দী কৰি ৰখাৰ পাছত ৰাজ্যৰ গৃহ বিভাগে মুখ থেকেচা খালে৷ বৃহস্পতিবাৰে গোলাঘাটৰ বিশেষ ন্যায়াধীশৰ আদালতে তেওঁক দোষমুক্ত কৰে যদিও ছাত্ৰীগৰাকীৰ আৱেগিক, মানসিক আৰু শৈক্ষিক ক্ষতিৰ কেনেদৰে পূৰণ কৰা হ’ব বুলি প্ৰশ্ন উত্থাপিত হৈছে৷ ৰাজ্যৰ সৰ্বত্ৰ এই দাবী উত্থাপিত হৈছে যে অসম চৰকাৰে নিজেই বৰ্ষাশ্ৰীক পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণ দিব লাগে৷ আদালতৰ ৰায়দানত সৰ্বসাধাৰণে আদৰণী জনাইছে যদিও ৰাজ্যৰ গৃহ বিভাগৰ প্ৰতি তীব্ৰ বিষোদ্‌গাৰ প্ৰকাশ কৰিছে৷ 

উল্লেখ্য, ২০২০ চনৰ ১৮ মে’ত  গালাঘাট জিলাৰ উৰিয়ামঘাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বৰ্ষাশ্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই ২০২২ চনৰ ১ অক্টোবৰত আদেশ জাৰি কৰিছিল৷ এই আদেশটোত বৰ্ষাশ্ৰীৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ চলাবলৈ অসমৰ ৰাজ্যপালে অনুমোদন দিয়া বুলিও প্ৰকাশ কৰিছিল৷ কিন্তু আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ফেচবুকত কবিতা লিখাৰ বাদে কোনো বেআইনী কাৰ্যকলাপত লিপ্ত থকাৰ তথ্য প্ৰমাণ সংগ্ৰহ কৰিব নোৱাৰিলে৷ সেয়ে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক আৰু লোক অধিবক্তাই তেওঁৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপত লিপ্ত থকাৰ কোনো প্ৰমাণ নাই বুলি গৃহ বিভাগক প্ৰতিবেদন দিয়ে৷ এই প্ৰতিবেদনৰ পাছতে গৃহবিভাগৰ সচিবে বৰ্ষাশ্ৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ লোক অধিবক্তাক আদেশ দিয়ে৷ কিন্তু আদালতে লোক অধিবক্তাৰ আবেদনতে ক্ষান্ত নাথাকি কাব্যিক অভিব্যক্তিক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ আওতালৈ আনিব নোৱাৰি বুলি ৰায়দানত স্পষ্ট কৰি দিয়ে৷ 

সেয়ে কবিতা লিখাৰ বাবেই স্নাতক মহলাত অধ্যয়নৰত এগৰাকী ছাত্ৰীক ৰাজ্যৰ গৃহ বিভাগে এনেদৰে হাৰাশাস্তি কৰি শৈক্ষিক আৰু আৱেগিক জীৱনৰ কিয় ক্ষতিসাধন কৰিলে বুলি সৰ্বসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে৷ চৰকাৰে তেওঁৰ যি ক্ষতি সাধন কৰিলে তাৰ ক্ষতিপূৰণ কৰিব পাৰিবনে বুলিও ৰাইজে প্ৰশ্ন কৰিছে৷ উল্লেখ্য, যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ দ্বিতীয় ষান্মাসিকত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক ২০২০ চনৰ ১৮ মে’ত তেওঁৰ এগৰাকী বান্ধৱীৰ ঘৰৰ পৰা গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ ইয়াৰ পাছতে থানাখনৰ পংকজ শইকীয়া নামৰ এজন কনিষ্টবলে দাখিল কৰা এজাহাৰৰ ভিত্তিত তেওঁক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইফালে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ দ্বিতীয় ষান্মাসিকৰ পৰীক্ষাৰ দিন ওচৰ চাপি অহাত গোলাঘাট আদালতত জামিন আৱেদন জনায় যদিও প্ৰথম অৱস্থাত আদালতে অগ্ৰাহ্য কৰে৷ অৱশেষত আদালতে তেওঁক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়াৰ লগতে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ২২ জুলাইত তেওঁৰ জামিন মঞ্জুৰ কৰে৷ কিন্তু কাৰাগাৰৰ ভিতৰতে দুখন প্ৰশ্নকাকতৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতহে বৰ্ষাশ্ৰীয়ে মুকলি আকাশৰ তললৈ অহাৰ সুযোগ লাভ কৰে৷ কিন্তু প্ৰায় এবছৰ ধৰি তেওঁ আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই থাকিব লগীয়া হোৱাত শৈক্ষিক জীৱনৰ যথেষ্ট ক্ষতি হয়৷ তাতকৈয়ো অধিক আৱেগিক আৰু মানসিক ক্ষতি হয়৷ আদালতে দোষমুক্ত কৰাৰ পাছত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে নিজেই সাংবাদিকক কয়, “সেই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মোক হাঁহিছিল, তেওঁলোকে মোক উপলুঙা কৰিছিল৷ তেনে উপলুঙাই মোৰ লগতে পৰিয়ালটোক আজিও প্ৰভাৱিত কৰি আছে৷”