Logo
image

চিনেমাৰ কাহিনীৰ দৰেই ৰোমাঞ্চকৰ ৰামচৰণৰ প্ৰেম

দেশলৈ আহিছে দুটাকৈ অস্কাৰৰ মুকুট৷ দক্ষিণৰ ছবিক লৈ আজি সমগ্ৰ দেশ গৰ্বিত৷ আৰ আৰ আৰৰ নাটু নাটু শীৰ্ষক গীত আৰু ‘দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ’ তথ্যচিত্ৰৰ যোগেদি দুটাকৈ অস্কাৰ অহাত দেশজুৰি আনন্দৰ বন্যা বৈছে৷ অস্কাৰজয়ী ছবি আৰ আৰ আৰ যোগেদি আজি বিশ্বই চিনি পোৱা হৈছে দক্ষিণৰ শক্তিশালী তাৰকা ৰামচৰণক৷ এছ এছ ৰাজামৌলিৰ আৰ আৰ আৰৰ অভিনেতা হিচাপে তথা নাটু নাটু শীৰ্ষক গীতেৰে বিশ্বমঞ্চত চিনাকি কৰাই দিলে ৰামচৰণক৷ ৰামচৰণৰ আন এক চিনাকি হ’ল বলীউড আৰু দক্ষিণৰ ছবিৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীৰ পুত্ৰ তেওঁ৷ ২০১২ বৰ্ষত ৰামচৰণ প্ৰেম -বিবাহত আৱদ্ধ হয় উপাসনা কামিনেনীৰ সৈতে৷ দুয়োৰে প্ৰেম কাহিনী চিনেমাৰ কাহিনীৰ দৰেই ৰোমাঞ্চকৰ৷ শুনা যায় ৰামচৰণ আৰু উপাসনাৰ মাজত এটা সময়ত খুব ভাল বন্ধুত্ব আছিল৷ কলেজীয়া জীৱনত দুয়ো প্ৰেমৰ বৰষুণজাকত বাৰুকৈয়ে তিতিছিল৷ ‘মগধীয়া’ ছবিৰ শ্বুটিঙৰ সময়ৰ পৰাই দুয়ো ডেটিং কৰিবলৈ আৰম্ভ কৰিছিল৷ দুয়োৰে বিবাহ অৱশ্যে দুয়োটা পৰিয়ালৰ সন্মতিতে হৈছিল৷ ২০১২ চনত চিৰঞ্জীৱী পুত্ৰই উপাসনাৰ পাণিগ্ৰহণ কৰে৷ উপাসনা বৰ্তমান এপল’ লাইফ সংস্থাৰ উপাধ্যক্ষ আৰু  তেওঁ এখন আলোচনীৰ সম্পাদকো৷ লণ্ডনৰ ৰিজেণ্ট ইউনিৰ্ভাচিটীৰ পৰা ইণ্টাৰনেশ্যনেল বিজনেছ মাৰ্কেটিং আৰু মেনেজমেণ্টত ডিগ্ৰী অৰ্জন কৰিছিল উপাসনাই৷ উপাসনাৰ নিজা ব্যৱসায়ো আছে৷ দাক্ষিণাত্যত এগৰাকী নাম কৰা ব্যৱসায়ী হিচাপে উপাসনাৰ সুনাম আছে৷ ৰূপে লক্ষ্মী, বুদ্ধিত সৰস্বতী উপাসনা বলীউডৰ সুন্দৰী নায়িকাতকৈ কোনোগুণে কম নহয় যদিও তেওঁ অভিনয় জগতৰ পৰা নিজকে বিৰত ৰাখিছে৷ ৰামচৰণ আৰু উপাসনাই বিলাসী জীৱন উদ্‌যাপন কৰি আহিছে৷ দুয়োৰে বুজন পৰিমাণৰ সম্পত্তি আছে৷ ৰামচৰণ বৰ্তমান ১৩০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী আৰু তেওঁৰ পত্নী উপাসনাৰ ওচৰত আছে ৩০০ কোটি টকাৰ সম্পদ৷ ১২ মাৰ্চত লছ এঞ্জেলছৰ ডলফি থিয়েটাৰত সমগ্ৰ বিশ্বই দেখা পালে ‘নাটু নাটু’ৰ যাদু৷ কম্পোজাৰ এম এম কিৰবাণি সৃষ্ট নাটু নাটু শীৰ্ষত গীত অস্কাৰ মঞ্চত পৰিৱেশন কৰে গায়ক ৰাহুল ছিপলিগঞ্জ আৰু কাল ভৈৰৱে৷ গানৰ তালে তালে দুভৰিৰ চমক দেখুৱালে আমেৰিকান- ভাৰতীয় নৃত্যশিল্পী বিখ্যাত লৰেন গটলিয়েবে৷ সংগ দিছিল এটা পাকৈত নৃত্যশিল্পীৰ দলে৷