Logo
image

ৰক্ষকেই ভক্ষক হ’লে উপায় কি?

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এখনৰ পিছত এখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত শৈক্ষিক মহলৰ লগতে দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ শাসকীয় পক্ষই প্ৰকাৰান্তৰে এই ঘটনা অতি দুৰ্ভাগ্যজনক বুলি কৈ দোষ স্বীকাৰ কৰি ইয়াক উপশম কৰাৰ চেষ্টা কৰাৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দল, অন্যান্য একাংশ ব্যক্তি, সংগঠনে শিক্ষামন্ত্ৰী, ছেবাৰ চেয়াৰমেনৰ পদত্যাগ দাবী কৰিছে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত ছেবাক দোষমুক্ত কৰি উক্ত কাৰ্যৰ বাবে এই অপকৰ্মত জড়িত সংশ্লিষ্ট শিক্ষকসকলেই জগৰীয়া বুলি মন্তব্য কৰিছে৷ এনেদৰে পৰস্পৰৰ মাজত দলিয়াদলি অব্যাহত থকাৰ পাছত সমগ্ৰ ঘটনাটো হয়তো অচিৰেই পাহৰণিৰ গৰ্ভত লোপ যাব, এক নতুন ঘটনাৰ সৃষ্টি হ’ব আৰু এই ঘটনাক লৈ পুনৰ ব্যস্ত হৈ পৰিব ৰাজনৈতিক-অৰাজনৈতিক মহল, সংবাদ মাধ্যম৷ গৰুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী খোৱাৰ সময়তো অসম উত্তাল হৈছিল৷ সেই সময়তো চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ চৰকাৰেও পৰীক্ষা কেন্দ্ৰ মূল্যায়ন কেন্দ্ৰসমূহ সঠিকভাৱে গঢ়ি তোলা, ছেবাক সংস্কাৰ কৰা আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল৷ সেই আশ্বাস, সংস্কাৰৰ প্ৰতিশ্ৰুতি প্ৰদান বহু বছৰ হৈ গ’ল যদিও আজিও পৰীক্ষা পৰিচালনাৰ পৰা মূল্যায়নলৈকে কথাবোৰৰ স্বচ্ছতা, সক্ৰিয়তা আশা কৰা মতে পৰিলক্ষিত নহ’ল৷ সেই বাবেই হাইস্কুল শিক্ষান্ত, উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ কোনো কোনো বিষয়ত অতি কম নম্বৰ লাভ কৰি পুনৰীক্ষণৰ দাবী কৰা এচাম শিক্ষাৰ্থীয়ে ষ্টেণ্ড কৰে, ষ্টাৰ মাৰ্কচ অৰ্জন কৰে৷ যুগ যুগ ধৰি এনেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্ছতৰ মাধ্যমিক পৰীক্ষা বিভিন্ন বিতৰ্কৰ মাজেদি চলি আহিছে যদিও পৰিৱৰ্তিত পৰিস্থিতি, তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিৰ লগত সংগতি ৰাখি ছিষ্টেমৰ পৰিৱৰ্তনৰ বাবে যিখিনি কৰণীয় আছিল তাক কৰা নহ’ল৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ আটাইতকৈ ট্ৰেজিক দিশটো হ’ল যাৰ হাতত পৰীক্ষাৰ পবিত্ৰতা ৰক্ষা কৰি ইয়াক সুচাৰুৰূপে পৰিচালনা কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে সেইসকলৰ এচামেই চৰম বিশ্বাসঘাতকতা কৰি অতি নিলৰ্জ্জভাৱে ধনৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বে বিতৰণ কৰিছে৷ সহজেই মেট্ৰিকৰ দেওনা পাৰ হোৱা, ষ্টাৰ, ডিষ্টিংচন লাভ কৰাৰ বাসনাত এচাম ছাত্ৰ-অভিভাৱকো জড়িত হৈ পৰিছে যেনেতেনে প্ৰশ্নকাকতখন লাভ কৰাৰ বাবে৷ শিক্ষাৰ্থীক মানৱ সম্পদ ৰূপে গঢ় দি সমাজ তথা দেশৰ বাবে উপযোগী নাগৰিকৰূপে গঢ় দিয়াৰ দায়িত্বত নিযোজিত ‘গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম’সকলে এনে ঘৃণনীয় কামত লিপ্ত হোৱাটো সমগ্ৰ ৰাজ্যখনৰ বাবে অতি হতাশাজনক৷ আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে অসমত শেহতীয়াকৈ অতি শিক্ষিত লোকৰ এচামে বিভিন্ন ঘৃণনীয়, নীতিবহিৰ্ভূত কাৰ্যকলাপত জড়িত হৈ পৰিৱেশ বিনষ্ট কৰিছে৷ বিগত সময়ছোৱাত ৰাজ্যৰ কেইবাজনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দুৰ্নীতিৰ বাবে অপসাৰিত হৈছে, আই এ এছ, আই পি এছ, এ চি এছ, এ পি এছ বিষয়াৰ পৰা আন বহু শিক্ষিত বিষয়া- কৰ্মচাৰীয়ে অপকৰ্ম কৰি কাৰাবাস খাটিছে, নিলম্বিত হৈছে৷ আনক বাট দেখুৱাব লগা মানুহবোৰৰ এনে অৱনমনক লৈ সচেতন মহল উদ্বিগ্ন যদিও এতিয়া নিৰাময়ৰ যেন কোনো উপায় নাই৷ শেহতীয়াকৈ চৰকাৰে কঠোৰ দৃষ্টিভংগী পোষণ কৰিলেও কোনেও ইয়ালৈ কেৰেপ নকৰে৷ ডি আই জি, আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াই উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’ব লগা পৰীক্ষাৰ প্ৰশ্নকাকত বিক্ৰী কৰাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি জে’ললৈ নিক্ষেপ কৰা হ’ল৷ ইয়াৰ পাছত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন বিক্ৰীয়ে প্ৰতীয়মান কৰে যে সহজ ধনহে গুৰুত্বপূৰ্ণ; নীতি-আদৰ্শ অপ্ৰাসংগিক৷
চৰকাৰে নিজৰ দোষ স্বীকাৰ কৰি এয়া দুৰ্ভাগ্যজনক বুলি কৈছে যদিও ছেবাক সম্পূৰ্ণ দোষমুক্ত কৰাটো সমীচিন হোৱা নাই৷ হয়; এইবাৰ প্ৰশ্নকাকত ছেবাৰ যোগেদি ফাদিল হোৱাৰ তথ্য প্ৰমাণিত হোৱা নাই৷ যি হৈছে শিক্ষকৰ যোগেদিহে হৈছে৷ কিন্তু ইমান বৃহৎ পৰীক্ষাটো পৰিচালিত কৰা সংস্থা ছেবাৰ লগত সম্পৰ্কিত বিষয়সমূহত যে সুৰুঙা আছে সেই বিষয়ত ছেবাই গুৰুত্ব দিয়াটো সমীচিন আছিল৷ পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষকজনে আৰক্ষী থানাত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সংখ্যা আদি নিশ্চিত কৰাৰ সময়ত তেওঁৰ ওপৰত নজৰ ৰখা ব্যৱস্থাটো আজিকোপতি কিয় কৰা হোৱা নাই? সকলো শিক্ষক, কেন্দ্ৰৰ দায়িত্ববাহী প্ৰণৱ দত্ত, প্ৰসন্ন দাস, কুমুদ ৰাজখোৱা নহয়৷ কিন্তু তাৰে মাজতে এওঁলোকৰ দৰে ঘৃণনীয় কাৰ্য কৰা লোকো আছে৷ হাইস্কুল শিক্ষান্ত, উচ্ছতৰ মাধ্যমিক আদিত অত্যধিক গুৰুত্ব, ৰিজাল্টৰ পাছত চৌদিশে তালফাল, ষ্টেণ্ড কৰা, ষ্টাৰ পোৱাসকলক স্কুটী-মটৰ চাইকেল দিয়া আদি কাৰ্যবোৰ কিমান প্ৰয়োজনীয় তাকো সংশ্লিষ্ট সকলোৱে চিন্তা কৰি চোৱা উচিত৷ ছেবা এক জাতীয় অনুষ্ঠান৷ ’৬০১ দশকতে স্থাপিত ছেবাৰ প্ৰয়োজনীয়তা নস্যাৎ কৰা অনুচিত৷ ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ স্বাৰ্থত ছেবাক যুগসাপেক্ষ, স্বচ্ছ, দক্ষ সংস্থাৰূপে গঢ়ি তোলাটো অতি প্ৰয়োজন৷ অৱশ্যে ৰক্ষক ভক্ষক হোৱাৰ দিশটোক ৰোধ কৰাৰ বাবে সকলো তৎপৰ হোৱা উচিত৷