Logo
image

৪ দুৰ্ধৰ্ষ খালিস্তানীক পঞ্জাবৰ পৰা আনি ডিব্ৰুগড়ৰ কাৰাগাৰত

আমাৰ অসম, ২০ মাৰ্চঃ পঞ্জাবৰ খালিস্তানপন্থী নেতা অমৃতপাল সিঙৰ গ্ৰেপ্তাৰ আৰু অৱস্থিতিক লৈ শনিবাৰৰ পৰা পঞ্জাবত উত্তেজনা আৰু সমগ্ৰ দেশজুৰি বিভ্ৰান্তি বিয়পি পৰাৰ সময়তে বিচ্ছিন্নতাবাদী নেতাজনক আন তিনি সতীৰ্থৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ নিৰ্দেশত দেওবাৰে বায়ু সেনাবাহিনীৰ বিশেষ বিমানেৰে আনি উজনি অসমৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা বুলি বিশ্বস্ত সূত্ৰই দাবী কৰিছে৷ পঞ্জাবৰ আৰক্ষী মহাপৰিদৰ্শক (কাৰাগাৰ) আৰু আন ২৬জন আৰক্ষী বিষয়াই দেওবাৰে পঞ্জাবৰ জলন্ধৰৰ পৰা বায়ু সেনাবাহিনীৰ বিশেষ বিমানেৰে যোৰহাট হৈ ডিব্ৰুগড়লৈ এই চাৰিজন খালিস্তানপন্থী নেতাক নিশ্চিদ্ৰ নিৰাপত্তাৰ মাজেৰে লৈ আহে৷ ডিব্ৰুগড় লীলাবাৰী বিমান বন্দৰত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি কৰি উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত এটা বিশাল আৰক্ষী বাহিনীয়ে ৪ বিচ্ছিন্নতাবাদী নেতাক পঞ্জাব আৰক্ষীৰ পৰা চমজি লৈ পোনে পোনে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ নি কাৰাবন্দী কৰে৷ ডিব্ৰুগড় আৰক্ষীয়ে পঞ্জাবৰ ৪ জন খালিস্তানপন্থী নেতাক ডিব্ৰুগড়লৈ অনা আৰু কাৰাবন্দী কৰাৰ কথা স্বীকাৰ কৰিলেও এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰাৰ পৰা বিৰত আছে৷ কি পৰিস্থিতিত আৰু কিয় পঞ্জাবৰ ৪ জন খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাক অসমলৈ অনা হ’ল আৰু তেওঁলোকক কিয় ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী কৰিবলগীয়া হ’ল সেই সন্দৰ্ভত মন্তব্য কৰাৰ বিপৰীতে উপায়ুক্ত, আৰক্ষী অধীক্ষক কিম্বা আৰক্ষী-প্ৰশাসনে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰিছে৷ আনকি আৰক্ষী বা প্ৰশাসনে কাৰাবন্দী ৪ বিচ্ছিন্নতাবাদী নেতাৰ নাম সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰাৰ পৰাও বিৰত আছে৷ 

শীৰ্ষ আৰক্ষী সূত্ৰই অৱশ্যে একাংশ সংবাদ মাধ্যমৰ ওচৰত তিনিজন কাৰাবন্দী বিচ্ছিন্নতাবাদী নেতাৰ নাম প্ৰকাশ কৰিছে৷ সেই অনুসৰি কাৰাবন্দী তিনি খালিস্তানপন্থী নেতা হৈছে–দলজিৎ কালছি ওৰফে সৰবজিৎ সিং কালছি, ভগৱন্ত সিং আৰু গুৰমীট সিং৷ ইয়াৰে দলজিৎ সিং কালছি হৈছে খালিস্তানপন্থী সংগঠন ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ বিত্ত যোগানধাৰী৷ বিশ্বস্ত এটা সূত্ৰই দাবী কৰা অনুসৰি যি চতুৰ্থজন খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাৰ নাম এতিয়াও আৰক্ষী সূত্ৰই ঘনিষ্ঠ সংবাদ মাধ্যমকো জনোৱাৰ পৰা বিৰত আছে তেওঁ হৈছে পঞ্জাব আৰক্ষী আৰু ১৮টা চিআৰপিএফ কোম্পানীয়ে শনিবাৰৰ পৰা সমগ্ৰ পঞ্জাব খেদি ফুৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হোৱা মূল খালিস্তানপন্থী নেতা অমৃতপাল সিং৷ অমৃতপাল সিং হৈছে ‘ৱাৰিছ পঞ্জাব দে’ অৰ্থাৎ ‘পঞ্জাবৰ উত্তৰাধিকাৰী’ নামৰ খালিস্তানপন্থী সংগঠনটোৰ স্বয়ম্ভূ মুৰব্বী৷ এসময়ৰ ডুবাইত ট্ৰাক ড্ৰাইভাৰ হৈ থকা এই ৩০ বছৰীয়া উগ্ৰপন্থী মানসিকতাৰ অমৃতপাল সিঙে যোৱা বছৰৰ ছেপ্টেম্বৰত ডুবাইৰ পৰা পঞ্জাবলৈ আহি ৰাজ্যখনত পুনৰ গা কৰি উঠা খালিস্তান আন্দোলনক বিভিন্ন হিংসাত্মক কাৰ্যাকলাপেৰে গতি দিছিল৷ অৱশ্যে অসম আৰক্ষী অথবা পঞ্জাব আৰক্ষী এটা পক্ষয়ো অমৃতপাল সিঙক অসমলৈ অনা বুলি স্বীকাৰ কৰা নাই৷ কেৱল অমৃতপালেই নহয়, আৰক্ষীয়ে ডিব্ৰুগড়ত কাৰাবন্দী কৰা ৪ জন বিচ্ছিন্নতাবাদী নেতাৰ এজনৰ নামো ৰাজহুৱা কৰা নাই৷ ইয়াৰ বিপৰীতে পঞ্জাবৰ আৰক্ষীয়ে অমৃতপাল সিঙৰ অতি ঘনিষ্ঠ ৯ জন নেতাৰ লগতে মুঠত ৭৮ জন খালিস্তানপন্থী নেতা বা ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰা বুলি জনালেও মুৰব্বী অমৃতপাল সিঙক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলিহে দাবী কৰি আছে৷ জলন্ধৰৰ (গ্ৰাম্য) আৰক্ষী অধীক্ষক স্বৰ্ণদ্বীপ সিঙে জনোৱা মতে ইতিমধ্যে পঞ্জাব আৰক্ষীয়ে অমৃতপাল সিঙক পলাতক ঘোষণা কৰিছে৷ আনহাতে অমৃতসৰৰ (গ্ৰাম্য) আৰক্ষী অধীক্ষক সতীন্দৰ সিঙে প্ৰকাশ কৰা অনুসৰি খালিস্তানপন্থী ৭৮ জন নেতাক অস্ত্ৰ আইনৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে৷ তাৰে যি ৯ জনক অমৃতপাল সিঙৰ সৈতে পলায়ন কৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ পৰা ৭টা ১২ ব’বৰ ৰাইফল, ৰটা ৩১৫ ব’ৰৰ ৰাইফল, ৰটাৰিভলভাৰ আৰু ৩৭৩ টা গুলী উদ্ধাৰ কৰা বুলি তেওঁ জনাইছে৷ 

পঞ্জাব আৰক্ষীয়ে দাবী কৰা অনুসৰি একাধিক সংগীৰ সৈতে অমৃতপাল সিং পলাই যোৱা অৱস্থাত জলন্ধৰৰ শ্বাহকোটৰ মেহতপুৰত তেওঁৰ ৯ জন সংগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু আৰক্ষীয়ে তেওঁলোকক ভেটি ধৰাৰ পূৰ্বেই অমৃতপাল সিঙে আন এখন গাড়ীত উঠি পলায়ন কৰে৷ আৰক্ষীৰ এই ভাষ্য সজোৰে অস্বীকাৰ কৰিছে অমৃতপাল সিঙৰ পিতৃ তাৰছেম সিঙে৷ তেওঁ সংবাদ প্ৰতিষ্ঠান ‘এবিপি সঞ্জা’ৰ আগত দাবী কৰে যে, আৰক্ষী আৰু নিৰাপত্তাবাহিনীয়ে তেওঁৰ পুত্ৰ অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিছে৷ কোনো ৰহস্যজনক কাৰণত অমৃতপালক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে আৰক্ষীয়ে প্ৰকাশ কৰা নাই৷ তাৰছেম সিঙে আশংকা প্ৰকাশ কৰি কয় যে, তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে কোনো গোপন স্থানত বন্দী কৰি ৰাখিছে বা অজ্ঞাত স্থানলৈ লৈ গৈছে৷ কিয়নো তেওঁ পুত্ৰ অমৃতপালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত ১০০ শতাংশ নিশ্চিত৷

৪জনখালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাক পঞ্জাবৰ পৰা অসমলৈ কিয় অনা হ’ল, সেই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ একো নাজানে৷ সংবাদ প্ৰতিষ্ঠান এ এন আইৰ সন্মুখত তেওঁ নিজেই এই বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই কয়–‘চাওক, এই বিষয়ে মই একো নাজানো৷ আমিও এসময়ত অসমৰ পৰা ভাগলপুৰ কাৰাগাৰলৈ আচামীক পঠিয়াইছিলো৷ এয়া দুই ৰাজ্যৰ আৰক্ষী-আৰক্ষীৰ মাজৰ সহযোগিতাৰ বিষয়৷ আমাৰ একো নাই৷’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ আৰক্ষী তথা প্ৰশাসনে এই গম্ভীৰ বিষয়টোত অজ্ঞতা প্ৰকাশ কৰিলেও ৪ খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাক অসমলৈ আনি ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী কৰাৰ এটা পটভূমি আছে৷ এক বিশ্বস্ত সূত্ৰই জনোৱা  মতে, যোৱা ২৪ ফেব্ৰুৱাৰীত খালিস্তানপন্থী নেতা অমৃতপাল সিঙে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যা কৰিব বুলি ভাবুকি দিছিল৷ এই ঘটনাত খঙত অগ্নিশৰ্মা হৈ গৃহমন্ত্ৰী অমিত শ্বাহে ৩ মাৰ্চত পঞ্জাবৰ আপ চৰকাৰৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানক তলব কৰে৷ মানৰ সৈতে অমিত শ্বাহে ৪৫ মিনিট সময় বৈঠক কৰে আৰু অমৃতপাল সিং তথা তেওঁৰ অনুগামীক গ্ৰেপ্তাৰ কৰিবলৈ আৰু ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনটো চুৰমাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে৷ সেই অনুসৰি ৬ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পঞ্জাবলৈ ১৮টা চিআৰপিএফ কোম্পানী ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ বিৰুদ্ধে অভিযান চলাবলৈ প্ৰেৰণ কৰে৷ কালি অৰ্থাৎ শনিবাৰৰ পৰা অমৃতপাল সিং তথা তেওঁৰ সহযোগীৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰা হয়৷ কিন্তু ইয়াৰ পূৰ্বে ডিব্ৰুগড়ত এতিয়াও নাম প্ৰকাশ নোপোৱা এজন ব্যক্তিয়ে অমৃতপাল সিং আৰু তেওঁৰ সংগঠনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দিয়া হত্যাৰ ভাবুকিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে৷ চৰ্চা অনুসৰি সেই গোচৰৰ ভিত্তিতেই ৪ খালিস্তানপন্থী বিচ্ছিন্নতাবাদী নেতাক উজনি অসমৰ ডিব্ৰুগড়লৈ অনা হৈছে৷ যোৱা বুধবাৰে আৰক্ষী সঞ্চালকপ্ৰধান  জি পি সিঙে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰিছিল৷ সেই দিশৰ পৰা পঞ্জাবৰ খালিস্তানীক ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী কৰি ৰাখিব বুলি আগতীয়াকৈ পৰিকল্পনা হৈছিল বুলি ধাৰণা কৰা হৈছে৷ সেয়েহে অসম চৰকাৰে এই বিষয়ে অজ্ঞতা প্ৰকাশ কৰিলেও সন্দেহৰ অৱকাশ থাকি গৈছে৷ অচিৰেই সেই সন্দৰ্ভত সমস্ত তথ্য প্ৰকাশ পাব৷

ডি চি, এছ পিৰ উপস্থিতিত ডিব্ৰুগড় আৰক্ষীয়ে চমজি ল’লে পঞ্জাবৰ অভিযুক্তক

দ্বিতীয় ভিন্দ্ৰানৱালেৰূপে কুখ্যাত হৈ পৰা পঞ্জাৱৰ খালিস্তানী  নেতা অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ খবৰে তোলপাৰ লগোৱাৰ সময়তে  তাৰে ৪ জন বিদ্ৰোহী নেতাক ডিব্ৰুগড়লৈ অনিছে পঞ্জাৱ আৰক্ষীয়ে৷ যাৰ বাবে দেওবাৰে ডিব্ৰুগড় বিমানবন্দৰত হঠাৎ গঢ়ি তোলা হৈছিল নিশ্ছিদ্ৰ নিৰাপত্তা বেষ্টনী৷ পঞ্জাৱৰ ৱাৰিছ পঞ্জাৱ দে নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙৰ ৪ সহযোগীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ পঞ্জাৱৰ পৰা বায়ু সেনাৰ বিশেষ বিমান যোগে ডিব্ৰুগড়লৈ অনা আটাইকেইজন বিদ্ৰোহী নেতাক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা পোনে পোনে অনা হয় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত অশান্তজৰ্জৰ পঞ্জাৱৰ পৰিস্থিতি যাতে অধিক বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱ আৰক্ষীৰ কাৰাগাৰ মহাপৰিদৰ্শকসহ ২৭ জনীয়া এটা দলে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই ৪জন বিছিন্নতাবাদী নেতাক ডিব্ৰুগড়লৈ আনে৷ পঞ্জাৱৰ ৱাৰিছ পঞ্জাৱ দে নামৰ সংগঠনটোৰ মুৰব্বী অমৃতপাল সিঙৰ ৪ সহযোগী ডিব্ৰুগড়ৰ কাৰাগাৰত আহি পোৱাৰ পাছতে কাৰাগাৰৰ সন্মুখৰ লগতে চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছিল কাৰাগাৰ কতৃৰ্পক্ষই৷  ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ উপস্থিতিত পঞ্জাৱ আৰক্ষীৰ পৰা কয়দীকেইজনক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে অসম আৰক্ষীয়ে৷  জলন্ধৰৰ শ্বাহকোটৰ পৰা গ্ৰেপ্তাৰ কৰা অমৃতপাল সিঙক ডিব্ৰুগড়লৈ অনাৰ খবৰো ওলাইছিল একাংশ সংবাদ মাধ্যমত৷ কিন্তু চাৰি খালিস্তানী নেতাৰ ভিতৰত অমৃতপাল সিং আছেনে নাই সেই কথা আৰক্ষী বা জিলা প্ৰশাসনে ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই৷ যাৰ বাবে কোনোৱেও স্পষ্টভাৱে ক’ব পৰা নাই যে অমৃতপাল সিঙক ডিব্ৰুগড়লৈ অনা  হৈছে নে নাই৷ আন কোনোৱে দাবী কৰামতে, খালিস্তানী নেতা অমৃতপাল সিং বা তেওঁৰ আত্মীয়ক অনা হৈছে ডিব্ৰুগড়লৈ৷ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল কেইটামান দিনৰ পুৰ্বে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ডিব্ৰুগড়ৰ কাৰাগাৰ পৰিদৰ্শন কৰি গৈছিল৷ ডিব্ৰুগড় কাৰাগাৰত খালিস্তানী নেতাক ৰখা হ’ব বুলি ভাৰত চৰকাৰৰ গৃহ বিভাগৰ আগতীয়া নিৰ্দেশ আছিল নেকি সেই লৈ প্ৰশ্ন উঠিছে৷