Logo
image

আগ্ৰাসী ইংৰাজীয়ে সংকট আনিছে প্ৰান্তীয় ভাষালৈ!, অক্সফ’ৰ্ডৰ অধ্যাপক

আমাৰ অসম, ২০ মাৰ্চঃ আজিৰ এই বিশ্বায়নৰ যুগত ইংৰাজী ভাষাপ্ৰীতি আৰু এই ভাষাৰ ভয়াৱহ আগ্ৰাসনৰ পৰিণতিত সমাগত ৫০ বছৰত প্ৰান্তীয় ভাষাবোৰ হেৰাই গৈ ইংৰাজী ভাষাই সমগ্ৰ বিশ্বৰ ভাষাৰ ৰূপ ল’ব পাৰে৷ আনকি ইংৰাজী ভাষাপ্ৰীতি আৰু আগ্ৰাসনৰ এই গতি অব্যাহত থাকিলে হিন্দী ভাষাৰ ঠাইত ইংৰাজী ভাষা হৈ পৰিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষাত৷ –এই উদ্বেগজনক ভাষ্য বিশ্ববিখ্যাত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট ভাষাবিদ ইম্ৰে বাংঘাৰ৷ ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ বাইহাটা চাৰিআলিত দেওবাৰে সামৰণি পৰা ৰাজ্যিক অধিবেশনখনলৈ অহাৰ সময়ত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিশিষ্ট গৱেষক বাং¸ঘাই অভিভাৱকৰ অত্যধিক ইংৰাজী ভাষাপ্ৰীতিৰ পৰিণতিতে প্ৰান্তীয় ভাষাৰ প্ৰতি এই সংকট অহা বুলি গভীৰ খেদ প্ৰকাশ কৰে৷ এইক্ষেত্ৰত তেওঁ লগতে কয় যে বিগত দুটা দশক পূৰ্বৰে পৰা বিশ্বৰ লগতে ভাৰতবৰ্ষতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলেও প্ৰান্তীয় ভাষাৰ সলনি ইংৰাজী ভাষাটোক প্ৰাধান্য দিবলৈ লৈছে৷ মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমতহে শিক্ষা গ্ৰহণৰ প্ৰতি আসক্তি বৃদ্ধি হোৱা দেখা গৈছে৷ ইংৰাজী মাধ্যমতহে শিক্ষা গ্ৰহণ কৰাটো এক নিচাত পৰিণত হৈছে আজিৰ প্ৰজন্মৰ৷ মাতৃভাষা অথবা প্ৰান্তীয় তথা স্থানীয় ভাষাক সম্প্ৰতি এলাগী কৰাৰ এনে প্ৰৱণতাৰ ফলত ইংৰাজী ভাষাৰ ব্যতিৰেকে সমগ্ৰ বিশ্বৰ আন ভাষাবোৰলৈ গভীৰ সংকট নামি আহিছে৷ এনেকাৰণত গোলকীকৰণৰ কৱলত পৰি অন্ধকাৰ নামি আহিছে বিশ্বৰ প্ৰান্তীয় ভাষাবোৰলৈ৷ যাৰ পৰিণতিত দুখীয়া শ্ৰেণীৰ লোকসকলৰ মাজতহে প্ৰান্তীয় অথবা সৰু-বৰ স্থানীয় কেতবোৰ ভাষাৰ অস্তিত্ব সীমাৱদ্ধ হৈ ৰোৱাৰ বিপৰীতে এই ধাৰা ৰোধ নহ’লে সমাগত ৫০ বছৰৰ ভিতৰত ইংৰাজী ভাষা বিশ্বৰ ভাষা ৰূপে পৰিগণিত হোৱাৰ বিপৰীতে আনবোৰ ভাষাৰ অস্তিত্ব বিপন্ন হৈ পৰিব৷ আনকি ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ এই গৰাকী শিক্ষাবিদে হিন্দী ভাষাই ভাৰতৰ ৰাষ্ট্ৰীয় ভাষাৰ মৰ্যাদা হেৰুওৱাব লগাত পৰাৰ পৰিৱৰ্তে ইংৰাজী ভাষাই এই স্থান দখলৰ দিশে অগ্ৰসৰ হোৱা বুলিও গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ ভাৰতবৰ্ষত ইংৰাজী ভাষাৰ আগ্ৰাসনে প্ৰান্তীয় ভাষাবোৰকো নিঃশেষ কৰিব বুলিও নিজৰ মত ব্যক্ত কৰে৷ এই দৃষ্টিকোণৰ পৰা তেওঁ নিজৰ গৱেষণাৰ উধৃতিৰে আৰু কয় যে কোনো সন্তানে কি ভাষাৰ প্ৰতি আকৃষ্ট হব, সেয়া সেই সন্তানৰ পিতৃ-মাতৃৰ মানসিকতাৰ ওপৰত বহুল পৰিমাণে নিৰ্ভৰশীল৷ আনকি এই ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা শিক্ষক সকলৰ ভূমিকাতকৈ বেছি গুৰুত্বপূৰ্ণ৷ শিক্ষকৰ ভূমিকা তেনেই গৌণ৷ আনহাতে প্ৰান্তীয় ভাষাই নহয়, ৰাষ্ট্ৰীয় ভাষাও ইতিমধ্যে সংকটাপন্ন হৈ পৰাৰ উদ্ধৃতিৰে তেওঁ আয়াৰলেণ্ডত ১৮০০ শতিকালৈ প্ৰচলিত ৰাষ্ট্ৰীয় ভাষা ‘আইৰিছ ভাষা’ৰ পতন ঘটাই ১৯০০ শতিকাত ইংৰাজী ভাষাই এই স্থান দখল কৰাৰ তথ্যও প্ৰকাশ কৰে৷