Logo
image

বিধায়কৰ বিৰুদ্ধে মাত মাতি আৰক্ষীৰ জিম্মাত ২ ছাত্ৰনেতা

আমাৰ অসম, ২০ মাৰ্চঃ সমালোচনা- প্ৰতিবাদ যেন এতিয়া সহ্য নহয় শাসকীয় দলৰ নেতা-বিধায়কৰ৷ বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সংবাদ মাধ্যমত তীৰ্যক মন্তব্য দিয়াৰ অপৰাধত আটক হ’বলগীয়া হ’ল দুই সংগঠনৰ দুই নেতা৷ উল্লেখ্য, নিৰ্মাণৰত অৱস্থাতে কপিলী নৈৰ দলং ভাঙি পৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সংবাদ মাধ্যমত মন্তব্য দিয়া ৰাইজৰ দলৰ ভাতৃ সংগঠন অসম যুৱ সেনাৰ কেন্দ্ৰীয় উপ-সভাপতি ভাস্কৰ বৰা আৰু বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি কলিতাক নগাঁও আৰক্ষীয়ে আটক কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

নগাঁৱৰ ঠিকাদাৰ উত্তম চান্দ নাহাতাই নিৰ্মাণ কৰা কপিলী নৈৰ দলঙৰ এটা অংশ ১৬ মাৰ্চত ভাগি পৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ১৭ মাৰ্চত ঠিকাদাৰ নাহাতাৰ আৰ জে কোম্পানীয়ে পুনৰ কাম আৰম্ভ কৰিবলৈ গৈ জাতীয় দল-সংগঠনৰ প্ৰতিৰোধৰো সন্মুখীন হৈছিল৷ নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰাৰ বাবেই দলংখন নিৰ্মাণৰত অৱস্থাতে খহি পৰাৰো অভিযোগ কৰিছিল জাতীয় দল-সংগঠনে৷ ঠিকাদাৰৰ পৰা গড়কাপ্তানি বিভাগৰ বৰমূৰীয়া আৰু বিধায়ক জিতু গোস্বামীয়ে কমিছন সংগ্ৰহৰো অভিযোগ তুলি সমালোচনা কৰিছিল কেইবাটাও জাতীয় দল-সংগঠনে৷ এই কথাত ক্ষুব্ধ হৈ পৰিছিল বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী৷ ১৮ মাৰ্চত বিধায়কজনে বীৰ লাচিত সেনা আৰু অসম যুৱ সেনাৰ ওপৰত কামপুৰ থানাত এজাহাৰ দাখিল কৰে৷ ইয়াৰ পিছতে ১৮ মাৰ্চৰ নিশা নগাঁৱৰ আৰক্ষীয়ে কামপুৰৰ পৰা ভাস্কৰ বৰা আৰু নগাঁও চহৰৰ পৰা ৰূপজ্যোতি শইকীয়াক আটক কৰে৷ অৱশ্যে দেওবাৰে পুৱা দুয়োজন নেতাকে আৰক্ষীয়ে মুকলি কৰি দিয়ে৷  এই ঘটনাক লৈ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ দুয়োজন নেতাক আটক কৰাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সদৰ আৰক্ষী থানাত বিভিন্ন জাতীয় সংগঠনৰ নেতাই ভিৰ কৰে৷ চৰকাৰৰ এই কাৰ্যক সকলোৱে গৰিহণা দিয়াৰ লগতে এয়া গণতন্ত্ৰৰ পৰিপন্থী বুলিও মন্তব্য কৰে৷ আনহাতে, আম আদমি পাৰ্টিৰ নেতা বিৰিঞ্চি বৰাই অসমত এতিয়া ৰাজতন্ত্ৰ চলি আছে বুলি মন্তব্য কৰি এয়া চৰকাৰৰ চৰম লজ্জাজনক কাৰ্য বুলি মন্তব্য কৰে৷