Logo
image

বদহজমৰ পৰা সকাহ পাওক

অনিয়মীয়া খাদ্যাভ্যাস আৰু ভজা-পোৰা খাদ্য খোৱাৰ অভ্যাসে পেটফুলাৰ লগতে বদহজমৰ সৃষ্টি কৰে৷ কাৰ্ব’হাইড্ৰেট জাতীয় খাদ্য বেছিকৈ খালে আৰু হজমত সমস্যা হ’লে পেটত গেছ হয়৷ এই সমস্যা অতি অস্বস্তিদায়ক৷ বহুতে পেটফুলা বা বদহজমৰ পৰা সকাহ পাবলৈ ঔষধ খোৱা কৰে৷ কিন্তু কিছুমান সহজ উপায় আছে, যিবোৰৰ সহায়ত পেটফুলা আৰু বদহজম সমস্যাৰ পৰা নিৰাময় পাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–

- পেটফুলা বা পেটত অস্বস্তি অনুভৱ কৰিলে কেতিয়াও শুই নাথাকিব৷ বৰঞ্চ খোজকাঢ়ি সময় পাৰ কৰক৷ শুই থাকিলে পেটত অস্বস্তি বৃদ্ধি পায়৷

- কেঁচা হালধি চোবাই খালেও পেটফুলা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ যদি কেঁচা হালধি খাবলৈ বেয়া পায়, তেন্তে সৰু সৰুকৈ হালধি কাটি চাহ বনাই খাব পাৰে৷ কেঁচা হালধি চোবাই খালেও পেটফুলা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ যদি কেঁচা হালধি খাবলৈ বেয়া পায়, তেন্তে সৰু সৰুকৈ হালধি কাটি চাহ বনাই খাব পাৰে৷

- গৱেষণাত দেখা গৈছে যে বেকিং ছ’ডা আৰু নেমুৰ ৰস মিহলাই পানী খালেও বদহজম সমস্যাৰ পৰা সকাহ পোৱা যায়৷ এই মিশ্ৰণে কাৰ্ব’নিক এচিড প্ৰস্তুত কৰে৷ এই গেছে  বদহজমৰ সমস্যা নাইকিয়া কৰে৷

- নিতৌ খোৱাৰ পাছত এটুকুৰা আদা চোবাই খোৱা কৰক৷ দেখিব বদহজমৰ সমস্যা আৰু পেটফুলাটো লাহে লাহে কমি আহিছে৷

- পেট ফুলিলে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খালেও পেটফুলা বা বদহজমৰ সমস্যা কমে৷

- পৰ্যাপ্ত পৰিমাণে পানী খোৱা কৰক৷ পানীয়ে খাদ্যবস্তু সোনকালে হজম কৰাত সহায় কৰে৷ যিসকলৰ হজমজনিত সমস্যা আছে তেওঁলোকে প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷

- তিয়ঁহ খালে পেট ঠাণ্ডা হৈ থাকে৷ ইয়াত থকা ফ্লেভ’নয়েড আৰু এণ্টি ইনফ্লেমেট’ৰি উপাদানে গেছৰ সমস্যা কমায়৷

- টেঙা দৈয়ে অন্ত্ৰত উপকাৰী বেক্টেৰিয়াৰ মাত্ৰা বৃদ্ধি কৰে৷ ফলত হজম শক্তি বৃদ্ধি পায়৷

- অমিতা খালেও পেটফুলা বা বদহজমৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ অমিতাত থকা পাপায়া নামৰ এন্‌জাইমবিধে হজম শক্তি বঢ়ায়৷ 

- জিৰাই পেটৰ গেছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে কাম কৰে৷ জিৰাত থকা পুষ্টিগুণসমূহে পাকস্থলীৰ এচিড নিয়ন্ত্ৰণ কৰি পেটফুলা বা পেটৰ বিষৰ লগতে হজম শক্তি বৃদ্ধি কৰে৷ ইয়াৰ বাবে এগিলাচ পানীত সামান্য পৰিমাণৰ জিৰাগুৰি উতলাই ঠাণ্ডা কৰি খাওক৷

- তুলসীত ইউজিনল নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানে পেটত এচিডৰ পৰিমাণ কমায়৷

- ডাবৰ পানীত উচ্ছ মাত্ৰাত পটাছিয়াম আৰু মেগনেছিয়াম থাকে৷ দৈনিক চাৰি বা ছঘণ্টাৰ মূৰে মূৰে ডাবৰ পানী খোৱা কৰিলে পেটফুলা আৰু বদহজমৰ সমস্যা নাইকিয়া হয়৷

- কলত থকা ভিটামিন-বি-৬, পটাছিয়াম আৰু ফলেট নামৰ  পুষ্টিকৰ উপাদানসমূহে পেটফুলা, পেটৰ বিষ আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ দিয়ে৷

- এগিলাচ পানীৰ সৈতে আধা চামুচ ডালচিনিৰ গুৰি উতলাই খালেও পেটফুলা বা বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷