কিডনী সুস্থ ৰখাত সহায় কৰে জিলমিল শাকে
সেউজীয়া শাক বহুতৰে প্ৰিয়৷ গ্ৰামাঞ্চলৰ বাটে-ঘাটে, নৈ-পুখুৰীৰ পাৰত নিজে নিজে গজি উঠে কেতবোৰ উপকাৰী শাক৷ বহুতেই এনে শাকৰ উপকাৰিতাৰ বিষয়ে নাজানে৷ গ্ৰামাঞ্চলত সহজলভ্য হোৱা এনে এবিধ শাক হৈছে জিলমিল শাক৷ জিলমিল শাকৰ বাবে কোনো খেতি কৰাৰ প্ৰয়োজন নাই৷ শীতকালত গ্ৰামাঞ্চলৰ য’তে ত’তে গজি উঠে এইবিধ শাক৷
জিলমিল শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, আইৰণ, এমিন’এচিড, ফছফৰাছ আৰু জিংকৰ দৰে বিভিন্ন উপকাৰী উপাদান থাকে৷ জিলমিল শাক স্বাস্থ্যৰ বাবে উপকাৰী৷ উল্লেখ কৰা হ’ল জিলমিল শাকে স্বাস্থ্যৰ কি কি উপকাৰ কৰে–
⬛ ৰন্ধন কাৰ্য কৰি থাকোঁতে কেতিয়াবা বহুতৰে অসাৱধানবশতঃ হাত পোৰে৷ উতলা পানী গাত পৰিলেও অতি যন্ত্ৰণাদায়ক হয়৷ জিলমিল শাক ব্যৱহাৰ কৰি এই যন্ত্ৰণাৰ পৰা নিৰাময় লাভ কৰিব পৰা যায়৷ ইয়াৰ বাবে এমুঠি জিলমিল শাক বটি লৈ পোৰা অংশ বা উতলা পানী পৰা অংশত লগাওক৷ দেখিব ছালৰ যন্ত্ৰণা লাহে লাহে কমি আহিছে৷
⬛ বিভিন্ন কাৰণত মুখত কেতিয়াবা ঘাঁৰ সৃষ্টি হয়৷ এনেকুৱা হ’লে খাদ্য গ্ৰহণত সমস্যা হয়৷ মুখত ঘাঁ হ’লে জিলমিল শাক চোবাই খাওক৷ ভাজিও খাব পাৰে৷ জিলমিল শাকে মুখৰ ঘাঁ সোনকালে নাইকিয়া কৰে৷
⬛ প্ৰস্ৰাৱত জ্বলা-পোৰাৰ সমস্যা হ’লে জিলমিল শাক বটি লৈ দুচামুচ জিৰা গুৰি আৰু দুচামুচ নেমুৰ ৰস মিহলাই খাওক৷ দিনত অন্ততঃ দুবাৰ এই মিশ্ৰণ খালে প্ৰস্ৰাৱত জ্বলা-পোৰাৰ সমস্যা নাইকিয়া হয়৷
⬛ কিডনীত পাথৰ হ’লে খাদ্যৰ ক্ষেত্ৰত সচেতন হ’ব লাগে৷ দৈনিক একাপ জিলমিল শাকৰ ৰস পান কৰিলে কিডনীৰ পাথৰ নাইকিয়া হয়৷