Logo
image

গুৱাহাটীৰ উন্নয়ন আৰু চৰকাৰৰ দৃষ্টিভংগী

উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী হৈছে দেশৰ দ্ৰুত উন্নয়নমুখী চহৰবোৰৰ অন্যতম৷ বিভিন্ন সময়ত গুৱাহাটীক দেশৰ শ্ৰেষ্ঠ পাঁচখন চহৰৰ মাজত স্থান দিয়াৰ পৰিকল্পনাৰ কথা চৰকাৰৰ ফালৰ পৰা কোৱা হয় যদিও  বৰ্তমানৰ স্থিতিত চহৰখনে তেনে মৰ্যাদা পোৱাটো এটা সপোন যেনহে ভাব হয়৷ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটীবাসী৷ কৃত্ৰিম বানৰ পৰা আৰম্ভ কৰি যান-জঁট, প্ৰদূষণ আদি সমস্যাৰ বাবে গুৱাহাটী ক্ৰমাৎ বাসৰ বাবে অনুপযোগী হৈ পৰিছে৷ উন্নয়নৰ নামত চহৰখনে হেৰুৱাইছে সেউজ আৱৰণ৷ খেল-ধেমালিৰ বাবে আৰু খোজ কঢ়াৰ বাবে নোহোৱা হৈছে মুকলি ঠাই৷ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত প্ৰায়ই ৰাস্তা-ঘাট, নলা-নৰ্দমা আদি আহল-বহল কৰি থকা দেখা যায় যদিও এই কাম সম্পূৰ্ণ হোৱাৰ পাছত পানী যোগান আঁচনিৰ নামত কেইদিনমান পূৰ্বে নিৰ্মাণ কৰা ৰাস্তা পুনৰ ভাগি পেলোৱাটো গুৱাহাটীবাসীৰ বাবে সাধাৰণ দৃশ্য হৈ পৰিছে৷ বিগত কেইদিনমানৰ পৰা চহৰখনৰ বিভিন্ন ঠাইত পানী যোগান আঁচনিৰ [জাইকা] নামত ৰাস্তা-ঘাট আদি ভাগি পেলোৱা দেখা গৈছে, যিটোৱে গুৱাহাটীবাসীক সমস্যাত পেলাইছে৷ কৃত্ৰিম বানৰ পৰা গুৱাহাটীক ৰক্ষা কৰাৰ বাবে চৰকাৰে শেহতীয়াভাৱে বিভিন্ন স্থানৰ জলাশয়বোৰ দখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল৷ জলাশয়বোৰ সংৰক্ষণৰ বাবে চৰকাৰে যি ব্যৱস্থা লৈছে, তাত নিশ্চয় কাৰোৱেই আপত্তি কৰিবলগীয়া নাথাকিব৷ কিন্তু প্ৰশ্ন হয়, কেৱল জলাশয়বোৰ দখলমুক্ত কৰিলেই গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা সমাধান হ’বনে? বৰষুণৰ পাছত বিভিন্ন ঠাইত আবদ্ধ হৈ থকা পানী বোৱাই এই জলাশয়বোৰত অথবা নদীত পেলাবলৈ হ’লে নলা-নৰ্দমাবোৰ পৰিষ্কাৰ হৈ থাকিব লাগিব৷ নলা-নৰ্দমাবোৰ যাতে আবৰ্জনাৰে ভৰি নাথাকে, তাৰ বাবে গুৱাহাটী পৌৰ নিগমে প্ৰয়োজনীয় ব্যৱস্থা ল’ব লাগিব৷ এইক্ষেত্ৰত অৱশ্যে, সাধাৰণ ৰাইজৰো কৰিবলগীয়া বহুখিনি আছে৷ গুৱাহাটীত এনে বহু লোক আছে,  জাবৰ-জোঁথৰ ঘৰৰ পৰা সংগ্ৰহ কৰাৰ ব্যৱস্থা থকা সত্ত্বেও সেইবোৰ ওচৰৰ নলা-নৰ্দমাত পেলোৱাৰ মানসিকতাৰ সলনি কৰিব নোৱাৰে৷ এনে মানসিকতাৰ লোকৰ বিৰুদ্ধে পৌৰ নিগম কৰ্তৃপক্ষ কিছু কঠোৰ হোৱা উচিত৷

গুৱাহাটী যদিও দেশৰ দ্ৰুত উন্নয়নমুখী চহৰবোৰৰ অন্যতম, চহৰখনৰ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত বুলি ক’ব নোৱাৰি৷ দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱাপানীৰ সমস্যা সমাধান কৰিব পৰা নাই চৰকাৰে৷ এটা কথা ক’বই লাগিব যে সঠিক পৰিকল্পনাৰ অভাৱৰ বাবেই গুৱাহাটীৰ মূল সমস্যাবোৰ সমাধান কৰিব পৰা নাই৷ গুৱাহাটীৰ বায়ুৰ মানৰ সূচাংক উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বুলি বাতৰিত প্ৰকাশ পাইছিল৷ লগতে কোৱা হৈছিল যে দেশৰ ভিতৰতে অন্যতম প্ৰদূষিত চহৰত পৰিণত হৈছে গুৱাহাটী৷ এটা অভিযোগ প্ৰায়েই দেখা যায় যে গুৱাহাটীৰ উন্নয়নৰ বাবে চৰকাৰে যিবোৰ আঁচনি গ্ৰহণ কৰে, সেইবোৰ দীৰ্ঘস্থায়ী নহয়৷ সময় অতিবাহিত হোৱাৰ লগে লগে সকলো আগৰ দৰে চলিবলৈ ধৰে৷ শেহতীয়াকৈ গুৱাহাটীত যি উচ্চেদ অভিযান চলোৱা হৈছে, সেইধৰণৰ অভিযান পূৰ্বেও বহুকেইবাৰ চলোৱা হৈছিল৷ কিন্তু দখলমুক্ত কৰা স্থানবোৰ পুনৰ সন্দেহজনক লোকেৰে ভৰি পৰে৷ আৰু এটা ডাঙৰ প্ৰশ্ন হৈছে যে যিবোৰ স্থানত বেদখল চলে, সেইবোৰ স্থানত বিদ্য়ুৎ সংযোগ, পানী যোগানৰ দৰে ব্যৱস্থাবোৰৰ কেনেদৰে অনুমোদন জনোৱা হয়? এনেক্ষেত্ৰত চৰকাৰৰ যে কোনো সুনিৰ্দিষ্ট নীতি-নিৰ্দেশনা নাই, সেয়াই প্ৰমাণ৷ দ্ৰুত বাণিজ্যিকীকৰণৰ দিশত ধাৱমান হোৱা গুৱাহাটীত মুকলি স্থানৰ অভাৱ নাইকিয়া কৰিবলৈ চৰকাৰে শেহতীয়াভাৱে চহৰখনৰ কিছুমান স্থানৰ চৰকাৰী গৃহ আদি ভাঙি সেই স্থানত হেৰিটেজ পাৰ্ক নিৰ্মাণৰ প্ৰস্তুতি চলাইছে৷ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত এয়া এক উচিত পদক্ষেপ হিচাপে বিবেচিত হৈছে যদিও পৰৱৰ্তী সময়ত এই ঠাইবোৰ কেনেদৰে চোৱাচিতা কৰা হয়, সেয়া হ’ব লক্ষণীয়৷ 

গুৱাহাটীৰ সমাধান উলিয়াব নোৱৰা সমস্যাবোৰৰ বাবেই কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰণালয়ৰ প্ৰতিবেদনত জীৱন ধাৰণৰ স্বচ্ছলতাৰ ক্ষেত্ৰত গুৱাহাটীৰ স্থান একেবাৰে সন্তোষজনক নহয়৷ এটা সময়ত গুৱাহাটীৰ সেউজ আৱৰণে দেশী-বিদেশী পৰ্যটকক বাৰুকৈ আকৰ্ষিত কৰিছিল৷ কিন্তু এতিয়া গুৱাহাটীৰ প্ৰদূষণে চহৰখনলৈ অহাৰ ক্ষেত্ৰত পৰ্যটকক শংকিত কৰিব৷ এইবোৰ সমস্যাৰ সমাধান সম্ভৱ নহয় বুলি ক’ব নোৱাৰি৷ এইক্ষেত্ৰত প্ৰয়োজন হ’ব চৰকাৰ তথা সংশ্লীষ্ট কৰ্তৃপক্ষৰ সদিচ্ছা আৰু দূৰদৰ্শী চিন্তা-চৰ্চা৷ এইক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শয়ো চৰকাৰক সহায় কৰিব পাৰে৷ কেৱল কোনো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অথবা প্ৰতিযোগিতাৰ সময়তহে গুৱাহাটীক সজাই-পৰাই তোলাৰ পৰিৱৰ্তে চৰকাৰে যদি সঁচাকৈয়ে চহৰখন দেশৰ ভিতৰতে আকৰ্ষণীয় চহৰ হিচাপে গঢ় দিব বিচাৰে, তেন্তে সঠিক পৰিকল্পনাৰে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শক গুৰুত্ব দি আগবাঢ়িব লাগিব৷