মিছন লাইফ
পৃথিৱীৰ পৰিৱেশ ক্ৰমে মানৱৰ বাবে প্ৰতিকূল হৈ আহিছে৷ সম্পদ আহৰণৰ প্ৰতিযোগিতাত মানুহে উত্তৰপুৰুষৰ কথা চিন্তা নকৰাৰ ফলত আজি পৃথিৱীত মানৱসৃষ্ট নানা সমস্যাই দেখা দিছে৷ মানুহৰ কৰ্মৰ বাবেই আজি মানৱ জাতি সংকটৰ সন্মুখীন হৈছে৷ পৃথিৱীখন বাসোপযোগী হৈ থাকিলেহে যে আমি জীয়াই থাকিব পাৰিম, সেই কথাৰ বিষয়ে প্ৰতিজন লোকক সজাগ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনত গ্লাছগোত অনুষ্ঠিত ক’প-চ্ছ সন্মিলনত ‘মিছন লাইফ’ শীৰ্ষক কাৰ্যসূচীৰ কথা ঘোষণা কৰিছিল৷ ভাৰতৰ দ্বাৰা আৰম্ভ কৰা এই বৈশ্বিক কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল পৰিৱেশ সুৰক্ষাৰ বাবে ব্যক্তি আৰু সমাজক সজাগ কৰি ব্যৱস্থা গ্ৰহণ কৰা৷ ভাৰতত এই কাৰ্যসূচী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১৯ অক্টোবৰত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানৰ উপস্থিতিত গুজৰাটৰ একতা নগৰত আৰম্ভ কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কমেও ১০০ কোটি লোকক পৰিৱেশ সুৰক্ষাৰ বাবে অনুপ্ৰাণিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে৷ এই কাৰ্যসূচীৰে অংশ হিচাপে অসমতো ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ অসম চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ কৰিছে পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাবে মিছন লাইফ৷ এই কাৰ্যসূচীত সাতটা জীৱনবিষয়ক কৰ্মত গুৰুত্ব আৰোপ কৰা হৈছে৷ কাৰ্যসূচীৰ প্ৰথম দিনা পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাবে পানী সংৰক্ষণ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা এই কাৰ্যসূচীৰ জৰিয়তে বুধবাৰে জল-সংকটৰ বিষয়ে ৰাইজক সজাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ পানী সংৰক্ষণৰ অভ্যাস মানুহৰ মাজত গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত থকা জলাশয়সমূহ প্ৰতিপালন আৰু সংৰক্ষণত গুৰুত্ব আৰোপ কৰাৰ উপৰি নলা-নৰ্দমা, কালভাৰ্ট আদিক নিকা কৰি ৰখাৰ লগতে পানী অৱৰোধ নোহোৱাকৈ ৰাখিবৰ বাবে জনসজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰা হয়৷ পানীয়েই যিহেতু প্ৰাণীৰ প্ৰাণ, সেয়ে পানী সংৰক্ষণ কৰিবই লাগিব৷ নহ’লে উত্তৰপুৰুষে পানীৰ অভাৱত হাহাকাৰ কৰিব লাগিব৷ এই কাৰ্যসূচীৰ বৃহস্পতিবাৰৰ সজাগতাৰ বিষয় লোৱা হৈছে শক্তি৷ বিদ্যুৎ আৰু জীৱাশ্ম ইন্ধনৰ অপচয় ৰোধ কৰাৰ বাবে সকলোৱে সজাগ হোৱাৰ লগতে সেউজ শক্তিৰ ব্যৱহাৰত গুৰুত্ব দিয়া উচিত৷ অসমত আৰম্ভ কৰা মিছন লাইফ কাৰ্যসূচীৰ তৃতীয় দিনাৰ বিষয় নিৰ্ধাৰণ কৰিছে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা৷ ইতিমধ্যে প্লাষ্টিকে প্ৰকৃতিত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে জীৱকুলৰ প্ৰতিও ভাবুকিস্বৰূপ হৈ পৰিছে৷ চৰকাৰে সময়ে সময়ে প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে আইন প্ৰণয়ন কৰে যদিও সফল হ’ব পৰা নাই৷ জনসাধাৰণ সজাগ হ’লেহে এই কাৰ্যসূচীয়ে বাস্তৱ ৰূপ লাভ কৰিব৷ আনহাতে, সপ্তাহজোৰা কাৰ্যসূচীৰ চতুৰ্থ দিনৰ বিষয় নিৰ্ধাৰণ কৰিছে বহনক্ষম খাদ্যবিধি৷ জীয়াই থাকিবলৈ আমাক খাদ্য লাগিবই৷ কিন্তু সেই খাদ্য যাতে পৰিৱেশ অনুকূল হয় তাৰ প্ৰতিও নজৰ দিয়া দৰকাৰ৷ পৰিৱেশ-প্ৰদূষণত ইন্ধন যোগোৱা আন এটা কাৰক হ’ল আৱৰ্জনা৷ মানুহে আৱৰ্জনা য’তে-ত’তে পেলোৱাৰ ফলত পৰিৱেশ প্ৰদূষিত হয়৷ সেয়ে আৱৰ্জনা কিদৰে হ্ৰাস কৰিব পাৰি, সেই বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে মিছন লাইফ কাৰ্যসূচীৰ পঞ্চম দিনৰ বিষয় লোৱা হৈছে আৱৰ্জনা হ্ৰাস কৰা৷ পৰিৱেশ অনুকূল জীৱনশৈলী গঢ়িবলৈ হ’লে আমি প্ৰত্যেকে আৱৰ্জনা হ্ৰাস কৰিব লাগিব৷ পুনৰ ব্যৱহাৰযোগ্য সম্পদ সৃষ্টিত গুৰুত্ব দিলে আৰু ডাষ্টবিনতহে আৱৰ্জনা পেলোৱাৰ ব্যৱস্থা কৰিলে নিশ্চয় আৱৰ্জনা হ্ৰাস কৰিব পৰা যাব৷ ইয়াৰ লগতে ইলেক্ট্ৰ’নিক আৱৰ্জনা কিদৰে হ্ৰাস কৰিব পাৰি তাৰ বিষয়েও ৰাইজক সজাগ কৰাৰ বাবে এই কাৰ্যসূচীৰ ষষ্ঠ দিনৰ বিষয় নিৰ্ধাৰণ কৰিছে ই-আৱৰ্জনা হ্ৰাস কৰা৷ আমাৰ চাৰিওফালৰ পৰিৱেশ অনুকূল হ’লেহে আমি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিম৷ সেয়ে এই কাৰ্যসূচীত সপ্তম দিনৰ বিষয় নিৰ্ধাৰণ কৰিছে স্বাস্থ্যসন্মত জীৱনশৈলী৷ যিহেতু আমাৰ কৰ্মৰ বাবেই প্ৰকৃতি প্ৰদূষিত হৈছে, সেয়ে আমি প্ৰকৃতিৰ প্ৰদূষণ কমাবৰ বাবে গছপুলি ৰোপণ কৰাৰ উপৰি পৰিৱেশ প্ৰদূষিত হোৱা কোনো কামেই অবাবত কৰা উচিত নহয়৷ পৰিৱেশতন্ত্ৰৰ সন্তুলন বিনষ্ট হোৱাৰ বাবেই নানা দুৰ্যোগে সময়ে সময়ে দেখা দিছে৷ তদুপৰি প্ৰদূষণৰ বাবে পৃথিৱীত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত পৃথিৱীখন ক্ৰমাৎ অস্বাভাৱিকৰূপে গৰম হৈ আহিছে আৰু মেৰু অঞ্চলৰ বৰফ গলিবলৈ আৰম্ভ কৰিছে৷ এইবোৰ বিষয়ত জনসাধাৰণ সজাগ হৈ ব্যৱস্থা নল’লে জীৱকুললৈ সংকট আহিব৷






