Logo
image

হত্যাৰ বলি হ’ল কনিষ্টবল ধৃতাশ্ৰী, পৰিয়ালৰ অভিযোগ

আমাৰ অসম, ২৩ মাৰ্চঃ পশ্চিমবংগৰ বিএছএফৰ প্ৰশিক্ষণস্থলীত ছীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা বকোৰ ধৃতাশ্ৰী ৰাভা নামৰ যুৱতী জোৱানগৰাকীৰ মৃত্যুক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে৷ তিনি বছৰ পূৰ্বে বিএছএফত যোগদান কৰা কামৰূপ জিলাৰ বকোৰ ডাকুৱাপাৰাৰ ধৃতাশ্ৰী ৰাভাই পশ্চিমবংগৰ কোচবিহাৰত খেলৰ প্ৰশিক্ষণৰ বাবে ৬মাহ ধৰি বিএছএফৰ শিবিৰত আছিল যদিও সোমবাৰে নিশা আত্মহননৰ পথ বাছি লৈছিল৷ মেঘালয়ৰ তুৰাস্থিত সীমান্ত সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত  ধৃতাশ্ৰীৰ মৃত্যুক এতিয়া সহজভাৱে লোৱা নাই ধৃতাশ্ৰীৰ পৰিয়ালে৷ ধৃতাশ্ৰীৰ বিধৱা মাতৃ আৰু ভগ্নীৰ দাবী– ধৃতাশ্ৰীক শিবিৰতে হত্যা কৰা হৈছে৷ আগদিনা নিশালৈকে হাঁহি-মাতি পৰিয়ালৰ সৈতে মোবালইত কথা-বতৰা পতা ছোৱালীজনীয়ে আত্মহত্যা কৰা বুলি সহকৰ্মীয়ে পৰিয়ালক  অৱগত কৰিলেও এই ঘটনাৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে৷ ভগ্নীক হত্যা কৰা বুলি অভিযোগ তুলি তদন্ত বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চিঠি লিখিছে ধৃতাশ্ৰীৰ ভগ্নী দীপশিখা ৰাভাই৷ দীপশিখাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীলৈ লিখা চিঠিখনত উল্লেখ কৰিছে এইদৰে– ‘মাননীয় মুখ্যমন্ত্ৰী মহোদয়,  অতি দুখজনক আৰু অবাঞ্ছিত পৰিস্থিতিত আপোনালৈ এই পোষ্টটো কৰিবলৈ বাধ্য হৈছো৷ আপুনি কথাখিনি গুৰুত্বসহকাৰে লৈ উপযুক্ত ব্যৱস্থা ল’ব বুলি আশা কৰিছো৷ মোৰ বাইদেউ ধৃতাশ্ৰী ৰাভা বিএছএফৰ ৪৫ বেটেলিয়নত এগৰাকী কনিষ্টবল ৰূপে বিগত ছয় বছৰ ধৰি কৰ্মৰত হৈ আছে৷ বিগত ২০ মাৰ্চত হঠাতে আমালৈ এটা ফোন কল আহে আৰু জনাই যে– মোৰ বাইদেৱে কৰ্মৰত অৱস্থাতে কোচবিহাৰৰ বিএছএফৰ শিৱিৰত আত্মহত্যা কৰিছে৷ বাইদেৱৰ এই খবৰে আমাৰ ঘৰখনত সৰগ ভগাৰ দৰে হৈছে৷ পিতৃৰ মৃত্যুৰ পাছত বাইদেৱ বিএছএফত পোৱা চাকৰিটোৱে ঘৰখনলৈ এক  আৰ্থিক সকাহ আনি দিছিল৷ হাঁহি-মাতিপৰিয়ালটোৰ লগতে ব্যস্ত হৈ থকা বাইদেৱে কোনোপধ্যে আত্মহত্যাৰ পথ নলয়৷ এয়া মোৰ আৰু আমাৰ পৰিয়ালটোৰ দৃঢ় বিশ্বাস৷ এয়া আত্মহত্যা হ’বই নোৱাৰে, এয়া কাৰোৱাৰ এক পৰিকল্পতি হত্যা৷ আৰু এই হত্যাৰ ন্যায় বিচাৰি আমি আপোনাৰ ওচৰত সহায় ভিক্ষা খুজিছোঁ৷ ২১ মাৰ্চত  বিএছএফৰ কতৃৰ্পক্ষৰ উপস্থিতিত বাইদেউৰ আন্তে্যষ্টিক্ৰিয়া সম্পন্ন হৈ যায়৷ যিহেতু বাইদেউৰ আত্মহত্যাযহত্যা বহিঃৰাজ্য পশ্চিমবংগৰ কোচবিহাৰত হৈছে, সেয়েহে কোচবিহাৰলৈ গৈ তাৰ আৰক্ষী থানাত গোচৰ তৰিবলৈ আমাৰ বাবে সম্ভৱ নহয়৷ সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ৷’  উল্লেখ্য, মৃত্যুৰ এদিন পূৰ্বে  ধৃতাশ্ৰীয়ে ভগ্নীলৈ ফোন কৰি ৰ এপ্ৰিলত ঘৰলৈ আহিব বুলিও জানিবলৈ দিছিল৷ ধৃতাশ্ৰীয়ে শিবিৰৰ নিজৰ কোঠাৰ পৰিৱৰ্তে সমীপৰ এটা আছুতীয়া কক্ষত আত্মহত্যা কৰা ঘটনাক লৈও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে৷ স্বাভাৱিকতেই ধৃতাশ্ৰীক হত্যা কৰা হৈছে বুলি এতিয়া পৰিয়ালে কৰা এই অভিযোগৰ পাছত ধৃতাশ্ৰীৰ মৃত্যুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে তদন্তৰ ব্যৱস্থা কৰিব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব৷