Logo
image

শৰীৰ চৰ্চাৰ পাছত খাওক এই আহাৰ

সু-স্বাস্থ্যৰ বাবে সঠিক নিয়মৰ খাদ্যাভাস আৰু সময়মতে শৰীৰ চৰ্চা কৰাটো প্ৰয়োজন৷ শৰীৰ চৰ্চাৰ পাছত সাধাৰণতে অত্যন্ত ভোক আৰু ভাগৰ লাগে৷ এনে সময়ত সঠিক খাদ্যৰ প্ৰয়োজন৷ উল্লেখ কৰা হ’ল শৰীৰ চৰ্চাৰ পাছত কোনবোৰ খাদ্য খোৱা উচিত–

[১] শৰীৰ চৰ্চা কৰা, দৌৰা বা খোজকঢ়াৰ পাছত প্ৰচুৰ ঘাম ওলায়৷ ফলত শৰীৰত পানীৰ পৰিমাণ কমি আহে৷ সেয়ে শৰীৰ চৰ্চা কৰি উঠি প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত৷ লগতে ফল-মূল জাতীয় খাদ্যও খাব পাৰে৷ ফলাহাৰে দেহত পানীৰ চাহিদা পূৰণ কৰে৷  নেমুৰ ৰস বা অন্যান্য ফলৰ ৰসো খাব পাৰে৷

[২] বহুতে শৰীৰ চৰ্চা কৰি উঠি পানী খাব নোখোজে৷ শৰীৰ চৰ্চাৰ পাছত পানী খাবলৈ মন নগ’লে মজলীয়া আকাৰৰ দুই-তিনিটা কল খাব পাৰে৷ কলত থকা উচ্ছ মাত্ৰাৰ পটাছিয়াম আৰু অন্যান্য উপাদানবোৰে শৰীৰটোক শক্তি দিয়ে৷

[৩] শৰীৰ চৰ্চাৰ পাছত সিজোৱা কণী খোৱাটো অতি উপকাৰী৷ এটা কণীৰ পৰা ৬.৩ গ্ৰাম প্ৰ’টিন আৰু কেল’ৰি পোৱা যায়৷ কণীয়ে শৰীৰ চৰ্চাৰ পাছত লগা ভাগৰ আঁতৰায়৷

[৪] মিঠা আলু খালেও শৰীৰত শক্তি পোৱা যায়৷ মিঠা আলুত থকা প্ৰ’টিন, ভিটামিন আৰু খনিজ উপাদানসমূহে শৰীৰ চৰ্চাৰ পাছত অৱশ হৈ পৰা দেহটোক সতেজ কৰি তোলে৷

[৫] দীৰ্ঘ সময় শৰীৰ চৰ্চা কৰাৰ পাছত দেহত উপকাৰী ফেট্‌ছৰ প্ৰয়োজন হয়৷ বাদামত এনে উপকাৰী ফেট্‌ থাকে৷ বিশেষকৈ কাজু বাদাম, কাঠ বাদাম, আখৰোট, পেষ্টা বাদাম আদিয়ে শৰীৰত ফেট্‌ছৰ যোগান ধৰে৷ সেয়ে শৰীৰ চৰ্চা কৰাৰ পাছত বাদাম খাব লাগে৷ অৱশ্যে প্ৰয়োজনতকৈ অধিক বাদাম খালে অন্যান্য সমস্যা হ’ব পাৰে৷