Logo
image

নিৰ্বাচন, ক্ষমতা আৰু অসাৰ প্ৰতিশ্ৰুতি

নিৰ্বাচন, ভাৰতীয় সাংবিধানিক গণতন্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ এই নিৰ্বাচন বাৰ মাহত তেৰটা অনুষ্ঠিত হয় বুলি ক’লেহে ইয়াৰ ব্যাপকতা বুজি পোৱাত সুবিধা হ’ব৷ লোকসভা নিৰ্বাচন, ৰাজ্যসভাৰ নিৰ্বাচন, দেশৰ ২৮খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন, ৮ খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিভিন্ন নিৰ্বাচন, গাঁও পঞ্চায়তৰ নিৰ্বাচন, জিলা পৰিষদৰ নিৰ্বাচন, পৌৰসভাৰ নিৰ্বাচন, পৌৰ নিগমৰ নিৰ্বাচন৷ নিৰ্বাচন যেন ভাৰতৰ বাবে এক উৎসৱহে৷ ৰাজনৈতিক দলসমূহে সেই উৎসৱত সৰ্বস্ব উজাৰি অংশগ্ৰহণ কৰি আহিছে৷ আৰু জনসাধাৰণে নিৰ্বাচনৰ জৰিয়তে ইয়াৰে এটা অংশক প্ৰধানমন্ত্ৰী পাতিছে, মুখ্যমন্ত্ৰী পাতিছে, কেন্দ্ৰীয় মন্ত্ৰী পাতিছে, কেবিনেট মন্ত্ৰী-ৰাজ্যিক মন্ত্ৰী পাতিছে, সাংসদ পাতিছে, বিধায়ক পাতিছে৷ ক্ষমতাৰ বাবে এইসকলে বাৰে বাৰে নিৰ্বাচিত হ’বলৈ নানা কৌশল উদ্ভাৱন কৰিছে৷ ধনবল-বাহুবল প্ৰয়োগ কৰি ক্ষমতা লাভৰ বাবে নৈতিক, অনৈতিক সকলো প্ৰচেষ্টা হাতত লৈছে৷ দীৰ্ঘদিন কংগ্ৰেছ দল ক্ষমতাত থকাৰ পাছত এই দলটোক ক্ষমতাৰ পৰা অপসাৰিত কৰি জনসাধাৰণেই ভাৰতীয় জনতা পাৰ্টীক ক্ষমতাত বহুৱালে৷ বহু প্ৰত্যাশাৰে বিজেপিক ক্ষমতা দি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ বহুদিনৰ পাছত এটা দলক ভাৰতীয় জনতাই একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত কৰিলে৷ বিশেষকৈ কংগ্ৰেছৰ দিনত ব্যাপক হাৰত হোৱা দুৰ্নীতিয়ে জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল৷ দুৰ্নীতিৰ বাবেই যে দেশত ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছিল সেই কথা জনসাধাৰণে উপলব্ধি কৰিছিল৷ কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা ব্যাপক নিবনুৱা সমস্যায়ো জনসাধাৰণক ত্ৰাসমান কৰি তুলিছিল৷ মানুহে সংস্থাপনৰ বাবে কৰা হাহাকাৰ অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰবাসত থকা ভাৰতীয় লোকেও আহি বিজেপিৰ পদুমৰ চিনত ভোট দিছিল৷ কিন্তু সেয়া সকলো যেন ফুটুকাৰ ফেনত পৰিণত হ’ল৷ বিজেপি দল তথা নৰেন্দ্ৰ মোদীয়ে দিয়া এটাও প্ৰতিশ্ৰুতি চৰকাৰখনে পালন কৰিব নোৱাৰিলে৷ বিশেষকৈ মূল্যবৃদ্ধি, নিবনুৱা সমস্যাই দেশখনক খুলি খুলি খাইছে৷ ৪০০ টকীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ যেতিয়া ১২০০ টকাত কিনিব লগা হৈছে, ৬০ টকীয়া পেট্ৰ’ল ১১০ টকা, ৬০ টকীয়া মিঠাতেল ২০০ টকাত কিনিব লগা হৈছে, তেতিয়া নিশ্চিতভাৱে চৰকাৰে দিয়া হিতাধিকাৰীৰ আঁচনিয়ে সেই সাধাৰণ ভোটদাতাৰ কোনো উপকাৰ সাধন কৰা নাই৷ তদুপৰি প্ৰতিবছৰে ২ কোটিক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে নতুন চাকৰি দূৰৰে কথা বি এছ এন এলৰ ৭৮,৫৬৯জন কৰ্মচাৰীক বাধ্যতামূলক অৱসৰ প্ৰদান কৰি এক বিপৰীত কাম কৰিলে৷ কেৱল সিমানেই নহয়, বিগত বিজেপি চৰকাৰৰ দিনত নগাঁও আৰু শিলচৰ কাগজ কলৰ দৰে বহুতো ৰাজহুৱা খণ্ডৰ  উদ্যোগ, কল-কাৰখানা বন্ধ হৈ গ’ল৷ যাৰ ফলত লাখ লাখ লোক নিবনুৱা হোৱাৰ লগতে বহুতেই দুৰ্বিষহ জীৱনত অতিষ্ঠ হৈ আত্মহত্যাপৰ্যন্ত কৰিব লগা হৈছে৷ কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা ব্যাপক দুৰ্নীতিৰ ফলতেই যে ব্যাপক ক’লা ধনৰ পাহাৰ হৈছিল আৰু সেই ক’লা ধন বিদেশৰ বেংকত থৈ দেশলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিছিল, সেই কথাও মানুহে বিশ্বাস কৰিছিল আৰু সেয়ে নৰেন্দ্ৰ মোদীয়ে দেশলৈ ক’লা ধন ঘূৰাই আনি সকলোৰে বেংকত ১৫ লাখকৈ সুমুৱাই দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল৷ পাছত সেই কথা চৰকাৰখনেই এক ঝুমলা আছিল বুলি স্বীকাৰ কৰাৰ পাছত ৰাইজে আশা কৰিছিল– ৰাইজক বাৰু দিব নালাগে, অন্ততঃ দেশৰ কামতে লগাবলৈ মোদীয়ে ক’লা ধন ঘূৰাই আনিব লাগিছিল, কিন্তু ঘটিল সম্পূৰ্ণ ওলোটা৷ পূৰ্বৰ ৪ লাখ কোটি টকাৰ ক’লা ধন ১১ লাখ কোটি টকালৈ বৃদ্ধি হ’ল৷ দেশৰ বেংকসমূহৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ অৰ্ধশতাধিক লোক ভাৰতৰ পৰা পলাই গ’ল৷ আগৰ চৰকাৰৰ দিনত কেৱল ধন গৈছিল, এই চৰকাৰৰ দিনত ধনৰ সৈতে মানুহেই পলাই যোৱাৰ ঘটনা ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে৷
ইমান ঋণাত্মক কামৰ পাছতো কিন্তু মোদী চৰকাৰ ২০১৯ চনত পুনৰ ক্ষমতালৈ আহিছিল আৰু পুনৰ ২০২৪ চনত হ’ব লগা সাধাৰণ নিৰ্বাচনত ক্ষমতাত বহাৰ ব্যাপক প্ৰস্তুতি চলাইছে৷ বিজেপি চৰকাৰৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সকলো বিৰোধী নেতাই নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিব পৰা নাই৷ কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা কৰিলে যদিও সামগ্ৰিকভাৱে দলটোৱে নিজৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব নোৱৰাত ৰাহুল গান্ধীও সৰ্বগ্ৰহণযোগ্য নেতা হৈ উঠিব পৰা নাই৷ বৰঞ্চ বিৰোধীক তীক্ষ্ণ আক্ৰমণ কৰি বিজেপিয়ে এফালৰ পৰা বিৰোধী ঐক্যকো ঠানবান কৰাৰ প্ৰস্তুতি চলাইছে৷ কংগ্ৰেছৰ দীঘলীয়া অপশাসনক সোনকালেই মানুহে পাহৰিব বুলি বৌদ্ধিক মহলেও ভবা নাই৷ কিন্তু আন বিৰোধী দলেও নিজৰ সক্ৰিয়তা সেই অৰ্থত বৃদ্ধি কৰিব নোৱৰাৰ বাবেই আজি দুৰ্বল খেলুৱৈৰ সন্মুখত বিজেপি সবল হৈ আছে৷ দিল্লীৰ পাছত আম আদমী পাৰ্টীয়ে পঞ্জাবত পোৱা সফলতাৰ পাছত গুজৰাটত আপে বিজেপিক যি জ্বলা-কলা খুৱালে আৰু দিল্লীৰ এম চি ডিৰ পৰাও বিজেপিক আঁতৰ কৰিলে, তেনে পৰিস্থিতিত আপে যাতে ২০২৪ত কোনো সুযোগ ল’ব নোৱাৰে, সেই বাবে বিজেপিয়ে এজনৰ পাছত আনজন আপৰ শক্তিশালী নেতাক জে’লত ভৰাইছে৷ ইমানৰ পাছতো যদি বিৰোধী দলবোৰে এক আদৰ্শগত ঐক্যত চামিল হৈ উমৈহতীয়া কৰ্মসূচী প্ৰস্তুত কৰি আগবাঢ়ি আহিব পাৰে, তেন্তে বিজেপিৰ অপশাসনক প্ৰতিহত কৰিব পাৰিব বুলি ভাবিব পাৰি৷ অন্যথা বেয়া কাম কৰিও ক্ষমতাত থকাৰ উদাহৰণ হৈ ৰ’ব বিজেপি!