Logo
image

বাগেশ্বৰ বাবা উন্মাদ!-আমিনুলঃ হিন্দুৰাষ্ট্ৰ বিচাৰিলে ৰূপজ্যোতিয়ে

আমাৰ অসম, ২৪ মাৰ্চঃ বাগেশ্বৰ বাবাৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাগেশ্বৰ বাবাই ‘হিন্দু বাঘ’ আৰু ভাৰত হিন্দুৰাষ্ট্ৰ বুলি ঘোষণা কৰিবলৈহে বাকী বুলি ৰাজহুৱা মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ইউডিএফ৷ ইউডিএফ বিধায়ক আমিনুল ইছলামে বাবা বাগেশ্বৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– বাগেশ্বৰ বাবা এজন উন্মাদ ব্যক্তি৷ তেওঁ পাগলৰ দৰে কিছু কথা কৈ গৈছে৷ পাগলৰ মন্তব্যত গুৰুত্ব নিদিয়াই ভাল৷ ভাৰতবৰ্ষ বহু ধৰ্মী, বহুৰঙী দেশ৷ বাবা বাগেশ্বৰে কৈ গ’ল যে ভাৰত হিন্দুৰাষ্ট্ৰ বুলি ঘোষণা হ’বলৈহে বাকী৷ তাৰমানে গোটেই জনসাধাৰণৰ টকা লুটপাত কৰিলে আদানি-আম্বানিয়ে, টকা লুটপাত কৰি কিছুমান পলাই গ’ল বহুজন৷ এয়াই যদি হিন্দুৰাষ্ট্ৰ হয় তেনেহ’লে সেই হিন্দুৰাষ্ট্ৰ মাত্ৰ ৭-৮জন হিন্দুৰ কাৰণে৷ ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ এনে বক্তব্যৰ পাছত মুখ খুলিছে ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ তেওঁ কয়– আমিনুল ইছলাম এজন মুৰ্খ বিধায়ক৷ যিজন ব্যক্তিয় বিধায়ক পুঁজিৰ ধনেৰে নিজৰ ঘৰ বনালে তেওঁৰ কথাৰ কি গুৰুত্ব আছে? তেওঁ এজন দেশদ্ৰোহী৷ তেওঁক জে’লত ভৰাব লাগে৷ আমিনুল ইছলামে ৰাজ্যৰ উন্নয়নত বাধা দিছে৷ তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে৷ বাবা বাগেশ্বৰৰ অগণন ভক্ত আছে৷ তেওঁ অসমলৈ অহা বাবে বাঢ়িব পৰ্যটকৰ সংখ্যা৷ তেওঁ বিচাৰিলে আশ্ৰমৰ কাৰণে মাটি দিব লাগে চৰকাৰে৷ বাবাই যি কৈছে সঁচা কথা কৈছে৷ ভাৰতবৰ্ষ অতি শীঘ্ৰে হিন্দুৰাষ্ট্ৰ হিচাপে ঘোষণা হ’ব লাগে৷ ভাৰতৰ ইছলামধৰ্মী লোকসকলেও জানে এই কথা৷ তেওঁলোকে কোনো বিৰূপ মন্তব্য আগবঢ়োৱা নাই৷ ইফালে, কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ দাবী-২০২৪১ লোকসভা নিৰ্বাচনৰ বাবে অনা হৈছে বাবা বাগেশ্বৰক৷ হিন্দু-মুছলমানৰ ৰাজনীতি কৰিবলৈ তেওঁক অনা হৈছে৷ উল্লেখ্য, চাৰ্টাৰ্ড বিমানেৰে অসমলৈ আহি বাবা বাগেশ্বৰে কৰে বহু বিতৰ্কিত মন্তব্য৷