Logo
image

ওদালগুৰিৰ ৰৌতাত বোমা বিস্ফোৰণঃ কে এল অ' জড়িত থকাৰ সন্দেহ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ইকৰাবাৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হ'ল সন্দেহজনক বোমা বিস্ফোৰণৰ ঘটনা। ব্যৱসায় সুত্ৰে বহিঃৰাজ্যত থকা পুচন্দ্ৰ ওৰফে তন দাসৰ পৰিয়ালৰ বাসগৃহলৈ লক্ষ্য কৰি বোমা নিক্ষেপ কৰিলে অচিনাক্ত দুৰ্বৃত্তই। প্ৰাপ্ত তথ্য মতে যোৱা নিশা ১২ মান বজাত তন দাসৰ ঘৰৰ দেৱালত বোমাটো বিস্ফোৰণ হয়। তন দাসৰ ভাতৃ সুশান্ত দাসৰ কোঠাৰ সমীপতে বিস্ফোৰণ হোৱাৰ ফলত কোঠাৰ খিৰিকি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে ক'লা ধোৱাই আৱৰি ধৰে কোঠাটো। বোমা বিস্ফোৰণৰ ফলত ঘৰৰ দেৱালৰ কেইবাটাও স্থানত বোমাৰ অংশই আঘাত কৰে যদিও কথমপি ৰক্ষা কৰে সুশান্ত দাস আৰু পৰিয়ালটো। 

শুকুৰবাৰে পুৱা ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ উচ্চ পদস্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে তন দাসক যোৱা ২০ ফেব্ৰুৱাৰীত উগ্ৰপন্থী সংগঠন কে এল অ'ৰ নামৰ ২৫ লাখ টকা দাবী কৰি হোৱাটছ এপ বাৰ্তা প্ৰেৰণ কৰিছিল। ১৫ দিনৰ ভিতৰত দাবী কৰা ধন আদায় নিদিলে সংগঠনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা ল'লে দায়ী নহ'ব বুলিও সকীয়নি দিছিল তন দাসক। এই দাবী কৰা ধন আদায় নিদিয়াৰ বাবেই পৰিয়ালটোক বোমাৰে ভাবুকি দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বিস্ফোৰণ হোৱা এই বোমাটো হস্তনিৰ্মিত বুলি সন্দেহ কৰা হৈছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য দিয়া নাই সংবাদ মাধ্যমক। ইপিনে ওদালগুৰিৰ এই ঘটনাৰ পিছতে ওদালগুৰি আৰক্ষীৰ ভূমিকাক লৈও উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ। তন দাসৰ পৰিয়ালক ধন দাবীৰ কথা আৰক্ষীক জনোৱাৰ পিছতো ঘটনাৰ সুং সুত্ৰ উলিয়াৱলৈ সক্ষম নহ'ল ওদালগুৰি আৰক্ষী। আৰক্ষীৰ এই ব্যৰ্থতাৰ বাবেই তন দাসৰ পৰিয়াললৈ আহিছে তীব্ৰ ভাবুকি। উগ্ৰপন্থীৰ ভাবুকিৰ পিছতো পৰিয়াল এটাৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা ওদালগুৰি আৰক্ষীয়ে পৰৱৰ্তী সময়ত এই ঘটনাৰ তদন্ত কেনেদৰে কৰিব সেয়াহে হ'ব লক্ষণীয়।