Logo
image

কৃত্ৰিম বানত কক্‌বকাইছে গুৱাহাটীয়ে, নাই খোৱাপানী

আমাৰ অসম, ২৫ মাৰ্চঃ  ‘এফালে এটুপি খোৱাপানীৰ বাবে গুৱাহাটীবাসীৰ সদা হাহাকাৰ আনফালে সামান্য এজাক বৰষুণতে কৃত্ৰিম বানত কক্‌বকাব লাগে গুৱাহাটীবাসীয়ে’– বছৰৰ পাছত বছৰ ধৰি এয়াই গুৱাহাটীৰ ৰুঢ় বাস্তৱতা৷ পাৰ হ’ল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসনকাল, একেদৰে পাৰ হ’ল পৰিৱৰ্তনকামী বিজেপিৰো ৭ বছৰীয়া কাৰ্যকাল, কিন্তু গুৱাহাটীৰ কৃত্ৰিম বান আৰু খোৱাপানীৰ সমস্যাৰ কোনো পৰিৱৰ্তন নহ’ল৷ ‘ৱাটাৰ, ৱাটাৰ এভৰিহুৱেৰ, নৰ এনি ড্ৰপ টু ডিংক’–ইংৰাজ কবি চেমুৱেল টেইলৰৰ সেই বিখ্যাত কবিতাৰ পংক্তিটো যেন গুৱাহাটীবাসীৰ ক্ষেত্ৰত ষোল্ল অনাই সত্য৷ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ হেলিকপ্টাৰ চফৰ, নলা-নৰ্দমা চফা, উচ্ছেদ, সাকো ভঙা আদি অভিনৱ পদক্ষেপ তথা তৎপৰতাৰ মাজতে পুনৰ ১০-১৫ মিনিটৰ এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ গ’ল মহানগৰী৷ বৃহস্পতিবাৰে সন্ধিয়া হোৱা এজাক মুষলধাৰ বৰষুণতে গুৱাহাটীৰ জুৰোড, চানমাৰী, হাতীগাঁও, ৰুক্মিণীগাঁও, উলুবাৰী আদি অঞ্চলৰ ৰাস্তাঘাট বুৰ গ’ল কৃত্ৰিম বানত৷ এক কথাত ক’বলৈ গ’লে চ’তৰ অবতৰীয়া কৃত্ৰিম বানত পুনৰ কক্‌বকালে গুৱাহাটীবাসীয়ে৷ ফলস্বৰূপে শুকুৰবাৰে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ তথা খোৱাপানী যোগানত চৰকাৰৰ চৰম ব্যৰ্থতাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ৷ দাহন কৰিলে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিকৃতি৷ গুৱাহাটীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ শাখাই ‘লেই লেই ছেই ছেই’ ধবনি দিয়াৰ লগতে ক’লে– গুৱাহাটীৰ উন্নয়ন বিভাগে অতদিনে কোটি কোটি টকা খৰচ কৰি নলা-নৰ্দমা চাফা কৰাৰ যি নাটক কৰিছিল, সেই নাটকে যে ফ্লপ হ’ল, সেয়া এজাক বৰষুণৰ কৃত্ৰিম বানে প্ৰমাণিত কৰিলে৷ নেতা-মন্ত্ৰী আহিলে গুৱাহাটীৰ চাৰিওফালে জাপি লগোৱা, ৰেলিঙত ৰং দিয়াটোৱেই উন্নয়ন নুবুজায়৷ অতিৰিক্ত সম্পত্তি কৰৰ বোজা, পানী, বিজুলীৰ কৰ দিয়াৰ পাছতো গুৱাহাটীবাসীয়ে লাভ কৰা নাই নূন্যতম সা-সুবিধা৷ মন্ত্ৰীয়ে হেলিকপ্টাৰ এৰি খোজ কাঢ়ি গুৱাহাটীৰ সমস্যাৰ চৰজমীন কৰক৷’ ইফালে আজি এক সংবাদমেলৰ আয়োজন কৰি গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে কয় যে গুৱাহাটীৰ নলা-নৰ্দমাৰ চাফাইৰ কাম সম্পূৰ্ণ হ’লেহে কৃত্ৰিম বানৰ সমস্যা লাঘৱ হ’ব৷ ইফালে গুৱাহাটী মহানগৰ ভু-গৰ্ভস্থ পানীৰ স্তৰ তললৈ নামি অহাৰ পৰিপ্ৰেক্ষিতত জলব’ৰ্ডৰ পানী যোগান সম্ভৱ হোৱা অঞ্চলত ‘ডিপ টিউৱেল’ নিষিদ্ধ কৰা হ’ব বুলিও মন্ত্ৰীজনে কয়৷ একেখন সংবাদমেলত মন্ত্ৰী সিংঘালে কয় যে কেবিনেটৰ সিদ্ধান্ত মৰ্মে ২০১১ চনৰ জুনৰ আগৰ চহৰ-নগৰ অঞ্চলৰ চৰকাৰী ভূমিত থকা কুৰি হাজাৰ পৰিয়ালক ৫০০ টকাৰ প্ৰিমিয়ামৰ বিনিময়ত ৩-৫ লেচা মাটি প্ৰদান কৰা হ’ব৷ এই মাটিত গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আৱাসগৃহও লাভ কৰিব৷ লক্ষণীয় যে গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ কাম-কাজৰ লেহেমীয়া গতিয়ে অতীষ্ঠ কৰিছে শাসকীয় বিজেপি দলৰ মিত্ৰ দলৰ বিধায়ককো৷ অলপতে অসম বিধানসভাত মিত্ৰ দল অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কটাক্ষ কৰিছিল যে দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্প সম্পূৰ্ণ হ’বলৈ যিমান সময় লাগিছিল তাতকৈ কম সময় লাগিছিল বিশ্ব ঐতিহ্য তাজমহল নিৰ্মাণৰ বাবে৷ ইফালে বিশেষজ্ঞৰ মতে নলা নৰ্দমা চাফা কৰিলে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমাধান নহয়৷ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাহিনী নৈখন ৰুক্মণীগাঁও আৰ চিচি  ব্ৰীজ পৰা শিলসাঁকো বিললৈ ডাইভাৰ্ট কৰিব লাগিব৷ ৰিফাইনেৰীৰ ড্ৰেইনটো বামুণীমৈদাম ৰে’লৱে কলনীৰ পৰা বোন্দাজানলৈ ডাইভাৰ্ট কৰিব লাগিব৷ বোন্দাজান চেনেলটো শ্লুইছ গেটৰ পৰা ৰাজাবাৰীলৈকে বোৱাব লাগিব৷