Logo
image

উক্তি-বক্ৰোক্তি

> বিজেপিয়ে ন্যায়পালিকাৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে৷ আদালতৰ নিৰ্দেশৰ ভুল ব্যাখ্যা কৰিছে বিজেপিয়ে৷ এয়া গণতন্ত্ৰৰ বাবে অশুভ৷ দেশ ৰক্ষাৰ বাবে আমি যুঁজ কৰি যাম৷
– কংগ্ৰেছ

> ৰাহুল গান্ধীৰ ক্ষেত্ৰত চৰকাৰে যি কৰিছে সেয়া ৰাহুল গান্ধীৰ ওপৰত আক্ৰমণ নহয়; এয়া ভাৰতৰ গণতন্ত্ৰৰ ওপৰত আক্ৰমণ৷ এই অনৈতিক কামৰ বিৰুদ্ধে দেশজুৰি যি প্ৰতিবাদ আৰম্ভ হৈছে সেয়া কেৱল কংগ্ৰেছৰ প্ৰতিবাদ নহয়, আমাৰ সকলোৰে প্ৰতিবাদ৷
– অৰবিন্দ কেজৰিৱাল

> ৰাহুল গান্ধীয়ে কৃতকৰ্মৰ ফল ভোগ কৰিছে৷ কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা উচিত নহয়৷ চাৰি বছৰ সময় পায়ো ভুল স্বীকাৰ নকৰিলে ৰাহুল গান্ধীয়ে৷ ইমানদিনে ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিছিল৷ ভুল কৰিলে শাস্তি পাবই৷
– হিমন্ত বিশ্ব শৰ্মা

> ছেবাক সংস্কাৰ কৰাৰ কোনো প্ৰয়োজন নাই৷ ছেবাই একো ভুল কৰা নাই৷ প্ৰকৃততে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সংস্কাৰৰহে প্ৰয়োজন আছে৷
– ৰণোজ পেগু

> গণতান্ত্ৰিক বিধি-ব্যৱস্থাৰ প্ৰতি, ৰাজহুৱা মতাদৰ্শৰ প্ৰতি এধানমানো শ্ৰদ্ধা নাই শিক্ষামন্ত্ৰীৰ৷ অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ধবংস হোৱাৰ অন্যতম কাৰণ পৰিচালনাগত ত্ৰুটি৷ শিক্ষামন্ত্ৰীয়ে এই কথা অস্বীকাৰ কৰাৰ অৰ্থ হ’ল তেওঁ মূল সমস্যাৰ পৰা পলায়ন কৰিব খুজিছে৷ ছেবা ধবংসৰ অভিযান আমি সফল হ’বলৈ নিদিওঁ৷
– সদৌ অসম ছাত্ৰ সন্থা

> নিম্ন আদালতে উচ্ছ আদালতত আৱেদন কৰিবলৈ ৩০ দিনৰ সময় দিয়া সত্ত্বেও এদিনতে খৰখেদাকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰি বিজেপিয়ে অসহনশীলতাৰ পৰিচয় দিছে৷
– ভূপেন বৰা