Logo
image

উঃ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত পুনৰ ক’লা আইনৰ ম্যাদ বৃদ্ধি

আমাৰ অসম, ২৬ মাৰ্চঃ উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ছমাহৰ বাবে পুনৰ বৃদ্ধি হ’ল সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ ‘আফস্পা’ৰ ম্যাদ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ আইন শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি শনিবাৰে নাগালেণ্ড, অসম আৰু মণিপুৰৰ কেতবোৰ অঞ্চলৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰ কৰিছে যদিও অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ অংশত পুনৰ বৃদ্ধি কৰিলে আফস্পা৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মণিপুৰৰ ৱাংগই, লেইমাখং, নামবল আৰু মৈৰাঙৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে৷ একেদৰে অসমৰ কাছাৰ জিলাৰ লখিপুৰ মহকুমাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে আফস্পা৷ নাগালেণ্ডৰ ৮ খন জিলাৰ ১৮ খন পুলিচ থানাৰ ভিতৰৰ ৮ খনৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে৷ লক্ষণীয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে পূৰ্বৰ তুলনাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীৰ কূটাঘাটমূলক কামকাজ ৭৬ শতাংশ পৰ্যন্ত হ্ৰাস পোৱা বুলি দাবী কৰিছে যদিও এতিয়াও কিন্তু অসমৰ ৯ খন জিলা আৰু এটা মহকুমাত আফস্পাৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰিছে৷ একেদৰে নাগালেণ্ডতো আঠখন জিলাৰ ২১ খন পুলিচ থানাৰ অন্তৰ্গত এলেকা আৰু আন পাঁচটা স্থানত আফস্পাৰ ম্যাদ বৃদ্ধি হৈছে৷

‘আফস্পা’ সম্পূৰ্ণৰূপে বাতিল হ’ব লাগিবঃ আছু, নেছ’

সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে (নেছ') উত্তৰ- পূৰ্বাঞ্চলৰ পৰা কেন্দ্ৰীয় চৰকাৰে পুনৰ আংশিকভাৱে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) প্ৰত্যাহাৰ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্ত ইতিবাচক বুলি মন্তব্য কৰি স্পষ্টভাৱে কয়– উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আংশিকভাৱে নহয়, সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ হ’বই লাগিব৷ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– কেন্দ্ৰীয় চৰকাৰে দ্বিতীয়বাৰৰ বাবে আংশিকভাৱে আদৰ্শ প্ৰত্যাহাৰ কৰিছে৷ পুনৰ দ্বিতীয়বাৰৰ বাবে কিছু অংশৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰাটো ইতিবাচক যদিও সম্পূৰ্ণ আফস্পা প্ৰত্যাহাৰ হ’বই লাগিব৷ আফস্পা সম্পূৰ্ণ বাতিল নোহোৱালৈকে ছাত্ৰ সন্থা ক্ষান্ত নহয়৷ নেছ’ৰ অধ্যক্ষ  চেমুৱেল জেৰৱা, সঞ্চালক প্ৰধান  বাবুমুচিও, মুখ্য উপদেষ্টা ড॰ সমুজ্জল ভট্টাচাৰ্যই কয়–  উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আফস্পা বাতিলৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে৷ দুবাৰকৈ আংশিক, আংশিককৈ কেন্দ্ৰীয় চৰকাৰে আফস্পা উত্তৰ-পূৰ্বাঞ্চলত কিছু কিছু অংশৰ আৰু প্ৰত্যাহাৰ কৰাটো ইতিবাচক যদিও উত্তৰ- পূৰ্বাঞ্চলৰ পৰা সম্পূৰ্ণকৈ আফস্পা প্ৰত্যাহাৰ কৰিবই লাগিব৷