Logo
image

পাইপেৰে পানী নোলালে বিল নাপাব ঠিকাদাৰে

আমাৰ অসম, ২৬ মাৰ্চঃ ২০২৪ চনৰ ৩১ মাৰ্চৰ পাছত নাথাকে জলজীৱন মিছন৷ ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব জলজীৱন মিছনৰ কাম৷ ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰক ব্লেক লিষ্টেড কৰা হ’ব৷ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত জলজীৱন মিছনৰ ঠিকাদাৰ সকলৰ কামৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় –জলজীৱন মিছনৰ কাম লৈ ১০ দিনৰ ভিতৰত দিয়ক পাৰফৰমেন্স গেৰাণ্টি৷ জলজীৱন মিছনৰ ঠিকাদাৰে হয় ১০ দিনৰ ভিতৰত পাৰফৰমেন্স গেৰাণ্টি দিয়ক নহ’লে নিবিদাৰ কাম কৰিব নোৱাৰো বুলি চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰক৷ পাৰফৰমেন্স গেৰাণ্টি দিয়াত সমস্যা কি? কিন্তু ঠিকাদাৰসকলে নামত কাম কৰিলে নহ’ব৷ জলজীৱন মিছনৰ পাইপেৰে পানী নোলালে বিল নাপাব ঠিকাদাৰে৷ কোনো কাৰণত বিল পালেও পাইপেৰে পানী নোলোৱাৰ অভিযোগ আহিলে ওভোটাই দিব লাগিব বিলৰ সমুদায় ধন৷  অৰ্থাৎ জলজীৱন আঁচনি সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ কৰাৰ উপৰি  কামৰ মানো চাব লাগিব ঠিকাদাৰে৷ ভৰিখন বেয়া কামৰ বাবে আগুৱাই দিবই নালাগে৷ বিষয়া-অভিযন্তাসকলেও ঠিকাদাৰৰ প্ৰতি সহযোগিতাৰ দৃষ্টি ৰাখি আগবাঢ়িব লাগে৷ 

মুখ্যমন্ত্ৰী শৰ্মাই অভিযন্তাসকলকো গেলামালৰ দোকানৰ দৰে নকৰিব বুলি সকীয়নি দিয়ে৷ তেওঁ কয় – এইখন গেলামালৰ দোকান নহয়৷ মুখ্যমন্ত্ৰীৰ এনে ভাষ্যৰ লগে লগে জাউৰিয়ে জাউৰিয়ে হাতচাপৰি বজায় ঠিকাদাৰসকলে৷ লগে লগে মুখ্যমন্ত্ৰী শৰ্মাই বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক প্ৰশ্ন কৰে –জয়ন্ত, জলজীৱন মিছনৰ নামত গেলামালৰ দোকান চলিছে নেকি? হাত চাপৰি বজোৱাটোৱেতো তাৰেই ইংগিত দিছে৷ অভিযন্তাসকল, কামত পাক নলগাব৷ সকলো পাক খুলি দিয়ক৷ মোক কাম লাগে বাকী একো কথাই নাই৷  ঠিকাদাৰসকলে ঠিক কৰক –হয় পাৰফমেন্স গেৰাণ্টি দিম নহ’লে আমি কামখিনি এৰি দিম৷ ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰি ল’ব লাগে৷ 

উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ ধবজাবাহী আঁচনি ‘জলজীৱন মিছন’ ৰূপায়ণ সন্দৰ্ভত ঠিকাদাৰ আৰু তৃতীয় পক্ষ নিৰীক্ষণ সংস্থা আদিৰ প্ৰতিনিধিৰ সৈতে শনিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এক পৰ্যালোচনামূলক বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই সময়নিৰ্দ্ধাৰিতভাৱে কাম সম্পূৰ্ণ কৰাৰ বাবে নিজস্ব পৰিকল্পনা প্ৰস্তুত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্ৰীয়ে সময়মতে কাম সম্পূৰ্ণ কৰাৰ লগতে গুণগত মানসম্পন্ন কাম সুনিশ্চিত কৰিবলৈও ঠিকাদাৰসকলক কয়৷ ভাল কাম কৰি আদৰ্শ দেখুৱাবলৈ আহ৩ান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে তৃতীয় পক্ষৰ নিৰীক্ষকসকলেও নিৰ্মাণস্থলীলৈ গৈ সকলো দিশ পৰ্যবেক্ষণ কৰিব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ আৰু পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰা হ’ব৷ পাৰদৰ্শিতা দেখুওৱা কৰ্মৰ ভিত্তিতহে সুকীয়া সুকীয়াভাৱে পৰ্যালোচনা বৈঠকলৈ মতা হ’ব৷ আজিৰ যুগৰ কৰ্মপদ্ধতি পেছাদাৰিত্বৰে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেনে পেছাদাৰী মনোভাৱেৰে কাম সম্পূৰ্ণ কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে যিসকল ঠিকাদাৰে সময় নিৰ্দ্ধাৰিত আৰু গুণগত মানসম্পন্ন কাম কৰিব নোৱাৰে সেই সকল ঠিকাদাৰক ব্লেকলিষ্টেড কৰা হ’ব আৰু এইসকল ঠিকাদাৰক প্ৰতিটো বিভাগৰ বাবে ব্লেকলিষ্টেড বুলি ঘোষণা কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে আঁচনিখন ৰূপায়ণৰ দিশত কোনো অভিযন্তা বা শীৰ্ষ বিষয়াই বিধিপথালি দিলে সেই দিশতো ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব৷ এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী, জল জীৱন মিছনৰ মিছন সঞ্চালক কৈলাশ কাৰ্তিক এন প্ৰমুখ্যে শীৰ্ষ-বিষয়াসকল উপস্থিত থাকে৷