Logo
image

কাজিৰঙা ইমান লেতেৰা কিয়? ক্ষুব্ধ বিজেপি বিধায়ক

আমাৰ অসম, ২৬ মাৰ্চঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ অপৰিষ্কাৰ, কদৰ্য পৰিৱেশ দেখি পুনৰ ক্ষোভ প্ৰকাশ কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই৷ বিধায়কজনে টুইটাৰত কাজিৰঙাৰ কেন্দ্ৰস্থান কহঁৰা চাৰিআলিৰ কদৰ্যময় পৰিৱেশক লৈ সৰৱ মন্তব্য কৰা দেখা যায়৷ বিধায়কজনে কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহঁৰা চাৰিআলিৰ তিনিখনকৈ ফটো সন্নিবিষ্ট কৰি কোন এই পৰিৱেশৰ বাবে দায়ী বুলি প্ৰশ্নৰ অৱতাৰণা কৰাৰ লগতে এই পৰিৱেশ চাফ-চিকুণ কৰাৰ বাবে কোন দায়বদ্ধ বুলিও প্ৰশ্ন উত্থাপন কৰে৷ উল্লেখ্য, সামাজিক মাধ্যমত দ্বিতীয়বাৰৰ বাবে কাজিৰঙাৰ কহঁৰাৰ এই পৰিৱেশক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মৃণাল শইকীয়াই৷ বিধায়কজনৰ এই টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাজিৰঙাৰ স্থানীয় দল-সংগঠনে৷ 

অভিযোগ অনুসৰি, বোকাখাত মহকুমা প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো এইক্ষেত্ৰত কোনো স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে প্ৰশাসনে৷ আনহাতে, স্থানীয় পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ কোনো ভূমিকা এইক্ষেত্ৰত নাই বুলিও দুখ প্ৰকাশ কৰে স্থানীয় ৰাইজে৷ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তে দুটামান ডাষ্টবিনৰ ব্যৱস্থা কৰিছিল যদিও সেই ডাষ্টবিন বৰ্তমান হাবি-জংঘলৰ মাজত আবদ্ধ হৈ আছে৷ ইপিনে কহঁৰাৰ একাংশ কাণ্ডজ্ঞানহহীন ব্যৱসায়ীয়ে এই পৰিৱেশ দূষিতকৰণত হাত উজান দিয়াৰো অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন মহলে৷  উল্লেখ্য, কহঁৰাৰ মাজেৰে পাৰ হৈ যোৱা কহঁৰা নদী এতিয়া ৰূপান্তৰিত হৈছে ডাষ্টবিনলৈ৷  সকলো আৱৰ্জনা কহঁৰা নদীত নিক্ষেপ কৰাত আৰু এই প্ৰদূষিত পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিছে৷ অতি গুৰুত্বপূৰ্ণ যে কহঁৰা নদীৰ এই প্ৰদূষিত পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীয়ে ব্যৱহাৰ কৰি আছে৷ এই ভয়ানক সমস্যাক লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী৷ অতি সোনকালে বোকাখাত প্ৰশাসন, বন বিভাগ, পৰ্যটন বিভাগৰ যৌথ সহযোগত ইয়াৰ এক স্থায়ী সমাধানৰ দাবী জনাইছে সচেতন ৰাইজে৷