Logo
image

জাতিলাওৰ ৰস খালে কলেষ্টেৰলৰ লগতে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়

জাতিলাও স্বাস্থ্যৰ বাবে উপকাৰী৷ জাতিলাওৰ ব্যঞ্জন খাই দিনটো আৰম্ভ কৰিলে শৰীৰ সতেজ হৈ থাকে৷ হূদযন্ত্ৰৰ সমস্যা থাকিলে লাওৰ ৰস খাই উপকৃত হ’ব পৰা যায়৷ লাওৰ ৰসে কলেষ্টেৰলৰ মাত্ৰা কমোৱাত সহায় কৰে৷ অকল সেয়াই নহয় হজম শক্তি বঢ়োৱাত লাওৰ ৰস অতি কাৰ্যকৰী৷ লাওৰ ৰসে গ্ৰীষ্মকালত দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰে৷ উল্লেখ কৰা হ’ল লাওৰ ৰস প্ৰস্তুত কৰাৰ পদ্ধতি– 
- বাকলি গুচাই জাতি লাওটো সৰু সৰুকৈ কাটি লওক৷ লগতে কেইখিলামান পদিনা পাত ধুই লওক৷ পদিনা পাতখিনিও সৰু সৰুকৈ কাটক৷ এইবাৰ লাওৰ টুকুৰাসমূহ মিক্সাৰ ব্লেণ্ডাৰত দিয়ক৷ পৰিমাণ অনুসৰি জিৰাগুড়ি, জালুকগুটিৰ গুড়ি আৰু আদাৰ টুকুৰা দিয়ক৷ ইয়াৰ পাছত ব্লেণ্ডাৰত নিমখ আৰু নেমুৰ ৰস দি দুই বা তিনিবাৰ মিশ্ৰণখিনি ব্লেণ্ড কৰক৷ এইখিনি কৰা হ’লে ব্লেণ্ডাৰৰ ঢাকনি খুলি ঠাণ্ডাপানী মিহলাওক৷
- এইবাৰ পুনৰ মিশ্ৰণখিনি ঢাকি লৈ পেষ্ট ব্লেণ্ড কৰক৷ পেষ্টখিনি ভালদৰে ব্লেণ্ড হওতে দুইমিনিট সময় লাগিব৷ এইবাৰ মিক্সাৰ জাৰৰ পৰা ৰসখিনি এটা বাচনত ঢালি লওক৷ ইয়াৰ পাছত ৰসখিনি গিলাচত লৈ দুই বা তিনি টুকুৰা বৰফ মিহলাই লওক৷ এনেদৰেই আপুনি জাতি লাওৰ ৰস প্ৰস্তুত কৰিব পাৰে৷
- জাতিলাওৰ ৰসৰ সৈতে নিমখৰ সলনি বীট নিমখো মিহলাই ল’ব পাৰে৷ দৈনিক এই ৰস খালে কলেষ্টেৰলৰ সমস্যাৰ লগতে আন বহু ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়৷