Logo
image

আৰ্থ-সামাজিক বিকাশৰ গতিধাৰা বনাম বাস্তৱৰ দৃশ্যপট

অসমৰ দৰে ৰাজ্যই বছৰি বিভিন্ন উৎসৰ পৰা ঋণ লোৱাৰ বাবে ৰাজ্যখনৰ ধাৰৰ বোজা আকাশলংঘী হৈছে৷ প্ৰতি মাহে ধাৰৰ পৰিমাণ বৃদ্ধি পোৱাৰ বিৰুদ্ধে বিধানসভা অধিৱেশনত বিধায়ক অখিল গগৈকে মুখ্য কৰি বিৰোধী দলৰ কেইবাজনো বিধায়ক সোচ্ছাৰ হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাইও বিৰোধী দলৰ প্ৰত্যুত্তৰ দি ৰাজ্যৰ জিডিপি বৃদ্ধি পোৱাৰ সুবাদত আন্তঃগাঁথনি নিৰ্মাণ আৰু অন্যান্য উন্নয়নমূলক কাম-কাজ খৰতকীয়া কৰা, বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে অসমে কেন্দ্ৰৰ পৰা অধিক ধাৰ লাভ কৰাৰ যুক্তিযুক্ততা আছে বুলি ব্যক্ত কৰিছে৷ উল্লেখ্য, কেন্দ্ৰ বা অন্য উৎসৰ পৰা ধাৰ লোৱাটো ৰাজ্যসমূহৰ বাবে পুৰণি কথা নহয়৷ ভাৰতৰ বহুকেইখন ৰাজ্যৰ ধাৰৰ পৰিমাণ অসমতকৈ বেছি৷ সেই স্বৰূপত অসমে ধাৰ লোৱাটো অস্বাভাৱিক নহয়৷ কিন্তু  বৃহৎ পৰিমাণৰ ধাৰৰ সুত আৰু মূলৰ পৰিমাণ ঘূৰাই দিব পৰাকৈ অসমে সক্ষমতা অৰ্জন কৰিব পৰা প্ৰক্ৰিয়াটো কেনেভাৱে চলাই নিছে সেয়াহে ৰাজ্য চৰকাৰ আৰু ৰাজ্যবাসীৰ বাবে বৃহৎ প্ৰত্যাহ্বান৷ ২০২১-২২ চনৰ তথ্যমতে, ৰাজ্যৰ মুঠ জিডিপিৰ ২৫ শতাংশ কৃষি খণ্ডৰ, ৩০ শতাংশ উদ্যোগিক খণ্ড আৰু ৪৫ শতাংশ সেৱা খণ্ডৰ৷ ২০২২-২৩ৰ বাজেটত ৰাজ্যৰ মুঠ ৰাজহ কৰ সংগ্ৰহৰ লক্ষ্য ২২,৩৮৫ কোটি টকা স্থিৰ কৰা হৈছিল, যি বিগত বৰ্ষৰ তুলনাত ২ শতাংশ অধিক আছিল৷ এইবাৰ বাজেটত ইয়াৰ পৰিমাণ আৰু বৃদ্ধি কৰা হৈছে৷ তাৎপৰ্যৰ কথা নিয়োগ- সংস্থাপনৰ ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৃষি খণ্ডই প্ৰায় ৭৫ শতাংশ লোকক নিয়োগেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু শ্ৰমৰ [ৱৰ্ক ফৰ্চ] লগত জড়িত ৰাজ্যৰ মুঠ লোকৰ ৫৩ শতাংশই কৃষি খণ্ডতে জড়িত৷ এক বৃহৎ পৰিমাণৰ লোক কৃষি খণ্ডৰে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ পিছতো কৃষিৰ যোগেদি অসমে যিমান ৰাজহ সংগ্ৰহ কৰিব লাগিছিল তাক কৰাত ব্যৰ্থ হৈছে৷ সম্প্ৰতি চৰকাৰে বহু অভিলাষী আঁচনি, নতুন ভূমি ৰাজহ, পঞ্জীয়ন প্ৰক্ৰিয়াক সৱলীকৰণ আদিৰ যোগেদি সামগ্ৰিক ব্যৱস্থাটোৰ সংশোধন কৰিবলৈ চেষ্টা কৰাৰ লগতে কৃষি, পশুপালন আদিক অধিক পৰিকল্পিত, বিজ্ঞানসন্মত কৰাৰ বাবে ভূমিকা গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ বৃহৎ পৰিমাণৰ লোক নিয়োজিত হৈ থকা খণ্ডটোৱে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্যখনক সকাহ দিবলৈ বহু যোজন দূৰ!ৰাজ্য চৰকাৰৰ ৰাজহৰ উৎসসমূহ হ’ল– বিভিন্ন ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা টেক্স, লাইচেন্স ফীজ, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ফাইন-পেনাল্টী, ল’ন ইত্যাদি৷ কিন্তু চৰকাৰৰ নিয়ন্ত্ৰিত বা সম্পৰ্কিত খণ্ডসমূহৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ প্ৰয়োজনীয়তাৰ বিপৰীতে বহু কম হোৱাৰ বাবে দিনে দিনে ধাৰৰ বোজা অবিশ্বাস্য হাৰত বৃদ্ধি পাই গৈ আছে৷ আনহাতে বৃহৎ পৰিমাণৰ ধাৰত লোৱা ধনৰ বুজন অংশ হিতাধিকাৰীৰ নামত ব্যয় কৰা হয় আৰু এই ধনৰ যোগেদি উৎপাদনশীলতাৰ পৰিমাণ নিচেই নগণ্য হোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰ্থিকভাৱে লাভান্বিত হোৱা নাই৷ কংগ্ৰেছৰ আমোলৰ পৰা এই প্ৰক্ৰিয়া অব্যাহত আছে আৰু ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বিজেপিয়ে হিতাধিকাৰীৰ সংখ্যা বৃহৎ পৰিমাণলৈ বৃদ্ধি কৰি আছে৷ পূৰ্বে কৃষিকৰ্মত নিজে জড়িত হৈ থকা ৰাজ্যৰ লক্ষ লক্ষ পৰিয়ালে হিতাধিকাৰী হৈ এতিয়া ফ্ৰী চাউল আৰু অন্যান্য সা-সুবিধা লাভ কৰি জীৱন ধন্য কৰিলে যদিও কৰ্ম-সংস্কৃতি আৰু উৎপাদনশীলতাৰ পৰা নিজকে বিচ্ছিন্ন কৰিলে৷ এই ধাৰা এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ প্ৰবাহিত হোৱাটো ৰাজ্যখনৰ বাবে কিমান ক্ষতিকাৰক হ’ব বা হৈছে তাক সময়েই উত্তৰ দিবলৈ আৰম্ভ কৰিছে৷ আওপকীয়াকৈ ৰাজ্যৰ অৰ্থনীতিৰ লগতে সামাজিক জীৱনধাৰালৈকো হিতাধিকাৰী হোৱাৰ মানসিকতাই প্ৰত্যাহ্বান কঢ়িয়াই আনিছে৷ আজিৰ সময়ত গ্ৰামাঞ্চলতো কৃষিকৰ্ম বা অন্যান্য উৎপাদনশীল কাম-কাজৰ সৈতে জড়িত লোকৰ সংখ্যা হ্ৰাস পাই আহিছে বা যিসকল জড়িত তেওঁলোকেও লাভৰ পৰিমাণ অতি কম হোৱাৰ বাবে হতাশ হৈছে৷ লক্ষণীয়ভাৱে বছৰ বছৰ জুৰি ছন পৰি থকা বহু কৃষিভূমিত হয় এতিয়া অন্যান্য আৱাসস্থলী, ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ আদি প্ৰতিষ্ঠা হোৱাৰ বাবে ৰাজ্যত কৃষিভূমিৰ পৰিমাণ দ্ৰুতগতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ আত্মসহায়ক গোটসমূহৰ যোগেদি বিশেষকৈ এচাম মহিলাই স্ব-নিয়োজনৰ বাট মোকলাইছে যদিও গৰিষ্ঠসংখ্যক গোটৰ সক্ৰিয়তা আশাপ্ৰদ নহয়৷ এফালে অন্যান্য নিবনুৱাৰ লগতে শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ আছে; আনহাতে এইসকলক সংস্থান দিয়াৰ বাবে প্ৰয়োজনীয় কৃষি, উদ্যোগ, সেৱাখণ্ডৰ যি বিকাশৰ প্ৰয়োজন সেয়া হৈ উঠা নাই৷ কৰ্মৰ পৰা বিচ্ছিন্নতা, মানসিকতাৰ অৱক্ষয়– এনেবোৰ কাৰণত ৰাজ্যত বহু যুৱ-প্ৰজন্মৰ মাজত মদ, ভাং, ড্ৰাগছৰ প্ৰচলন, চুৰি-ডকাইতি, হত্যা-লুণ্ঠন, অপহৰণ, চাইবাৰ ক্ৰাইম আদি বৃদ্ধি পাইছে যি জনজীৱনক ত্ৰস্তমান কৰিছে৷ অসমক দেশৰ শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিবলৈ হ’লে বহু আৰ্থ-সামাজিক প্ৰত্যাহ্বান আছে৷ সেইবোৰ চৰকাৰে কেনেদৰে মোকাবিলা কৰে সেয়া নিতান্তই লক্ষণীয় হ’ব৷