ঔষধি গুণৰে ভৰপূৰ চজিনা
এতিয়া চজিনাৰ বতৰ৷ কোমল চজিনা সৰিয়হ দি খাবলৈ বৰ তৃপ্তিদায়ক৷ এই চজিনাৰ ফুল, ফল, পাত, ছাল আদি সকলো অংশই ঔষধি গুণৰে ভৰপূৰ৷ ভিটামিন, মিনাৰেলেৰে ভৰপূৰ চজিনাই মধুমেহ নিয়ন্ত্ৰণ, তেজ পৰিষ্কাৰ, শাৰীৰিক ক্ষমতা, হাড় মজবুত কৰে৷ তদুপৰি চজিনাই কেন্সাৰ ৰোগৰ কোষসমূহ ধবংস কৰে৷ আয়ুৰ্বেদত চজিনাৰ বহুতো ঔষধি গুণৰ কথা উল্লেখ আছে৷
⬛এতিয়া বসন্ত ৰোগৰ সময়৷ চজিনাৰ ফুল ভাজি খালে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি৷ বিশেষকৈ সৰু ল’ৰা ছোৱালীক খাবলৈ দিব লাগে৷ দাইলত কুমলীয়া পাত দি নতুবা আঞ্জা খোৱাৰ অভ্যাস কৰিব লাগে৷
⬛ কৃমি হ’লে ফুল ভাজি খাব লাগে নতুবা কুমলীয়া পাত ভাজি খাব লাগে৷ বিশেষকৈ সৰু ল’ৰা ছোৱালীৰ ক্ষেত্ৰত৷ চজিনাৰ ছেঁই শুকুৱাই গুড়ি কৰি, তাৰ লগত নিমখ মিহলাই খালে হাইপাৰ টেনচন, অতিৰিক্ত কলেষ্টেৰ’ল ৰোধ হয়৷
⬛ চকু ৰঙা পৰিলে, চকু খচখচালে আৰু মধুমেহ ৰোগীৰ চকুৰ দৃষ্টিশক্তি কমিলে এমুঠি চজিনা পাত লৈ ৰস উলিয়াই দুয়োটা চকুতে দুটোপালকৈ দিলে সুফল পোৱা যায়৷ চকুৰ চাৰিওকাষ ফুলি উঠিলে পাত পিহি প্ৰলেপ দিব লাগে৷
⬛ চজিনা ফুল জালুক দি ভাজি খালে মুখলৈ ৰুচি ঘূৰি আহে৷
⬛ ফুল শুকুৱাই অকণমান ঘিঁউত ভাজি জালুক আৰু নিমখ দি গৰ্ভৱতী মহিলাক খাবলৈ দিব লাগে৷ পাত শুকুৱাই গুড়ি কৰি পানীৰ লগত মিলাই খালে ছালৰ বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷
⬛ শৰীৰৰ বিভিন্ন অংশ ফুলিলে এই গছৰ চাল পিচি বান্ধি থব লাগে৷ চজিনা গছৰ চাল পিচি ৰস উলিয়াই খালে অসহ্যকৰ গাৰ বিষ নাইকিয়া কৰে৷ অসহ্যকৰ মূৰৰ বিষত শিপা খুন্দি ৰস উলিয়াই লগাব লাগে৷
⬛ পাতৰ ৰসত ঘিঁউ মিহলাই খুৱালে পোৱতী মাতৃৰ দুগ্ধ বৃদ্ধি হয়৷ নিয়মীয়াকৈ চজিনা খাই থাকিলে পুৰুষৰ যৌন দুৰ্বলতা নাইকিয়া হোৱাৰ লগতে শুক্ৰ বৃদ্ধি হয়৷ মাহেকীয়া সময়ত বিষ হ’লে পাতৰ ৰস খাবলৈ দিব লাগে৷
⬛ শৰীৰ জ্বলা- পোৰা কৰিলে পাত পিচি লগাব লাগে৷ শিপা উতলাই সেই পানী খালে জ্বৰ উপশম হয়৷
⬛ টনচিল হ’লে চজিনা পাত সিজাই সেই পানীৰে গাৰগল কৰিব লাগে৷ ৰক্তহীনতাত ভোগা লোকক চজিনা আৰু চজিনা পাত নিয়মীয়াকৈ খাবলৈ দিব লাগে৷
⬛ ছালৰ পৰা তৈয়াৰ কৰা ৰসে ঘা আদি শুকুৱাত সহায় কৰে৷ মৃগী ৰোগীক শিপা উতলোৱা পানী খাবলৈ দিব লাগে৷ পাত পিচি নেমু ৰসৰ লগত মিহলাই লগালে শালমনৰ সমস্যা দূৰ হয়৷
তদুপৰি চজিনাৰ পৰা তৈয়াৰ কৰা চুপ লিভাৰ, অগ্নাশয়, মধুমেহৰ কাৰণে অতি উপকাৰী৷ পাত শুকুৱাই গুড়ি কৰা চাহে উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷