Logo
image

সমষ্টিৰ সংখ্যা নাবাঢ়ে সলনি হ’ব চাৰিসীমা

আমাৰ অসম, ২৮ মাৰ্চঃ ৰাজ্যৰ লোকসভা আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বাবে সোমবাৰে পুৱাৰে পৰা গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত দিনজোৰা কাৰ্যসূচীৰে মাৰাথন শুনানি গ্ৰহণ কৰিলে নিৰ্বাচন আয়োগে৷ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ নিৰ্বাচন আয়োগে ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দলসমূহৰ লগত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত মত বিনিময় কৰে৷ আনহাতে দিনৰ ১ বজাৰ পৰা বিয়লি প্ৰায় চাৰে চাৰি বজালৈ নিৰ্বাচন আয়োগে  বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দৰ সৈতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত গম্ভীৰ আলোচনাত মিলিত হয়৷ কাৰ্যতঃ আজিৰ শুনানিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ বহুধা বিভক্ত স্থিতি স্পষ্ট হ’ল৷ শাসকীয় বিজেপি-অগপ, ইউপিপিএল দলে  সমষ্টি পুনৰ নিৰ্ধাৰণৰ পক্ষত আয়োগক আৰ্জি দিয়াৰ বিপৰীতে এআইইউডিএফ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ, আপ, চিপিআইকে ধৰি বিভিন্ন বাওঁ ৰাজনৈতিক দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বৰ্তমান প্ৰয়োজন নাই বুলি মত পোষণ কৰে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছে শুনানিত অংশগ্ৰহণ নকৰি কৌশলী স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত শুনানিত ভাগ লৈও নুখুলিলে মুখ৷ একেদৰে বিভিন্ন জাতীয় দল-সংগঠনেও সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত পোষণ কৰে বিভিন্ন মত৷ আমছু, এবিএমছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দুৰ্ঘোৰ বিৰোধিতা কৰাৰ বিপৰীতে আছু, এবছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পক্ষে মত আগবঢ়ায়৷  লক্ষণীয় যে আজিৰ শুনানিত শাসকীয় বিজেপি দলৰ হৈ মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত এটা সজাতী দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে৷ বিজেপিৰ সজাতী দলটোত ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, বিধায়ক ৰূপক শৰ্মা, ৰাজ্যিক উপ-সভানেত্ৰী বিজুলী কলিতা মেধি আদিও আছিল৷ বিজেপিয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউ আদি জিলাত জনসংখ্যাৰ ভিত্তিত সমষ্টি হ্ৰাস নকৰিবলৈ আয়োগক আবেদন দিয়ে৷ মন্ত্ৰী অশোক সিংঘালে এই সন্দৰ্ভত কয় যে–  উজনি অসমৰ লোকসকলে ৰাষ্ট্ৰীয় জনসংখ্যা নীতিৰ লগত  সংগতি ৰাখি চলি আছে৷ ইয়াৰ বিপৰীতে ধুবুৰী, বৰপেটা, বঙাইগাঁও, নগাঁও আৰু বৰাক উপত্যকাৰ জিলাসমূহত জনসংখ্যা বেছি৷ সেইবুলি নামনি অসমত সমষ্টি বৃদ্ধি কৰি উজনিত সমষ্টিত হ্ৰাস কৰিব নোৱাৰিব বুলি বিজেপিয়ে স্পষ্ট ভাষাৰে আয়োগক আজি আৰ্জি দিয়ে৷ একেদৰে ধেমাজি জিলাৰ ধেমাজি আৰু জোনাই সমষ্টি বৰ্তমান অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হৈ আছে৷ এই দুই সমষ্টিৰ বাহিৰে যদি জিলাখনত  আন এটা সমষ্টি কৰা হয় তেন্তে সেই সমষ্টিটো অসংৰক্ষিত ৰাখিবৰ বাবেও বিজেপিয়ে আয়োগক অনুৰোধ কৰে৷ কোকৰাঝাৰ লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবেই বৰ্তমানৰ দৰেই সংৰক্ষিত ৰখাৰ পক্ষত মত দিয়ে বিজেপিয়ে৷ ইফালে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আয়োগক সাক্ষাৎ কৰি কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণক অগপই আদৰণি জনাইছে৷ অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ ভাষিক-সাংস্কৃতিক, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা সুনিশ্চিত কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অগপই আয়োগক স্মাৰকপত্ৰ প্ৰদান কৰে৷  অগপই সমষ্টিসমূহত প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম প্ৰতিনিধিত্ব সুনিশ্চিত কৰিবৰ বাবে এটা সমষ্টিৰ পৰা আন এটা সমষ্টিৰ মাজত ৩০ শতাংশ ভেৰিয়েছনৰ পোষকতা কৰে৷ উজনিৰ জিলাসমূহত যাতে সমষ্টিৰ সংখ্যা হ্ৰাস নহয় তাৰ প্ৰতিও অগপই আয়োগৰ দৃষ্টিগোচৰ কৰে৷ অগপৰ প্ৰতিনিধি দলটোত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ-সভাপতি কুমাৰ দীপক দাস, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি নেতৃবৃন্দ উপস্থিত আছিল৷ বিজেপি অন্যতম মিত্ৰদল ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োও আজি শুনানিত উপস্থিত থাকি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পক্ষত আয়োগক স্মাৰকপত্ৰ দিয়ে৷ আনহাতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ  সম্পাদক জগদীশ ভূঞাই সমষ্টি নিৰ্ধাৰণৰ বিৰোধিতা কৰি কয় যে আকৌ যিহেতু ২০২৬ত সমগ্ৰ দেশতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’বই গতিকে দৌৰাদৌৰিকৈ এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা নাই৷ এই সমষ্টি পুনৰ নিৰ্ধাৰণত ৰাজ্যৰ সমষ্টিৰ সংখ্যা বৃদ্ধি নাপায়৷ বিজেপি দলে সম্পূৰ্ণ নিজৰ ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ লক্ষ্যত এনেদৰে হুৰমুৰকৈ  সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে৷ অসম জাতীয় পৰিষদে ইয়াৰ বিৰোধিতা কৰে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলেও নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ নোহোৱাকৈ এখন আসোঁৱাহপূৰ্ণ ভোটাৰ তালিকাৰ ভিত্তিত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ গ্ৰহণযোগ্য নহয়৷ ইয়াৰ পৰা অসমৰ ৰাইজৰ একো লাভ নহয়৷ ৰাইজৰ দলে প্ৰশ্ন কৰে যে এফালে চৰকাৰে অসমক এতিয়াও অশান্ত অঞ্চল বুলি ঘোষণা কৰিছে, আনফালে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ৰংঘৰ, তলাতল ঘৰ আঁতৰ কৰি আহোমৰ পুৰণি ৰাজধানীখনক বিজেপিয়ে অস্তিত্বহীন কৰিব বিচাৰিছে বুলিও ৰাইজৰ দলে গুৰুতৰ অভিযোগ তোলে৷ আনহাতে আম আদমি পাৰ্টী অসমৰ যুটীয়া সমন্বয়ক মামুন ইমদাদুল হক চৌধুৰী, জিতুল ডেকা আদি নেতৃবৃন্দই নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰে৷ তেওঁলোকে কয় যে যদিহে জম্মু-কাশ্মীৰত ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় তেন্তে অসমত কিয় হ’ব নোৱাৰে৷ এখন শুদ্ধ এন আৰ চি প্ৰকাশ নোপোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ ৰাখিব লাগে বুলি আপ অসমে মত পোষণ কৰে৷ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰে৷  তেওঁ কয় যে ২০২৬ত সমগ্ৰ দেশত হ’বলগীয়া  সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে একেলগে অসমতো সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ’ব লাগে৷ আজিৰ শুনানিত অংশগ্ৰহণ কৰি আছুৱে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো বিচাৰে৷ উজনিৰ সমষ্টি কৰ্তনৰ বিৰোধিতা কৰে আছুৱে৷ আছুৱে কয় যে  সমষ্টি পুনৰ নিৰ্ধাৰণত খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক ৰাজনৈতিক অধিকাৰ থাকিব লাগিব৷ ইফালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি কয় যে ২০০১ চনৰ ভোটাৰ তালিকাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ যুক্তিযুক্ত নহয়৷ ১৯৭১ চনৰ ডেৰ কোটি জনসংখ্যাৰ ভিত্তিত ১২৬টা বিধানসভা সমষ্টি আৰু ১৪টা লোকসভা সমষ্টি নিৰ্ধাৰিত হৈ আছে৷ কিন্তু বৰ্তমান অসমৰ জনসংখ্যা প্ৰায় চাৰে তিনিকোটি৷ এনে অৱস্থাত বিধানসভা আৰু লোকসভা সমষ্টিৰ যথাযথ সংখ্যা অবিহনে সমষ্টি পুনৰ নিৰ্ধাৰণ অৰ্থহীন৷ দ্বীপেন বড়ো নেতৃত্বত এবছুৰ নেতৃবৃন্দই আয়োগক সাক্ষাৎ কৰি বিটিআৰৰ ১৪টা বিধানসভা সমষ্টিৰ জ্জ্বটা এছটিৰ বাবে সংৰক্ষণৰ দাবী জনোৱাৰ লগতে কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টিও এছটিৰ বাবে সংৰক্ষণৰ দাবী তোলে৷ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে বড়োলেণ্ড পিপুলছ কমিটী অৱ ডিলিমিটেছনৰ হৈ শুনানিত অংশ গ্ৰহণ কৰি বিটিএডিৰ ১৪টা বিধানসভা সমষ্টিৰ ১৪টাই এছটিৰ বাবে সংৰক্ষণৰ দাবী তোলে৷ লগতে কোকৰাঝাৰ আৰু ওদালগুৰিও এছ টিৰ সংৰক্ষণৰ আউটিত থাকিব লাগে বুলি তেওঁ দাবী তোলে৷ বিছমুতিয়াৰীয়ে কয় যে বিটিএডিৰ প্ত ৰ পৰা জ্জ্ব লাখ অবৈধ অনুপ্ৰৱেশকাৰীক ট্ৰাইবল ব্লক বেল্টৰ পৰাই উচ্ছেদ কৰিব লাগে৷ উল্লেখ্য যে নিৰ্বাচন আয়োগে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ সৈতে শুনানি গ্ৰহণ কৰি এপ্ৰিল মাহৰ শেহৰ ফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ পাছতো গ্ৰহণ কৰিব বিভিন্ন দল-সংগঠনৰ শুনানি৷ ২০০১ চনৰ ভোটাৰ তালিকা আৰু ২০০৭ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাকে যে আয়োগে আধাৰ হিচাপে ল’ব সেয়া প্ৰায় একপ্ৰকাৰে নিশ্চিত হৈছে৷ এনে হ’লে ৰাজ্যক সমষ্টিৰ সংখ্যা নাবাঢ়ে কিন্তু সলনি হ’ব চাৰিসীমা৷ নিৰ্বাচন আয়োগৰ সূত্ৰই সদৰী কৰা মতে, আজিৰ শুনানিত দহটা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ উপৰি আছু, এব্‌ছু, যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৭৬টা অৰাজনৈতিক সংগঠন আৰু অস্বীকৃতি ৰাজনৈতিক দলে ভাগ লয়৷

খিলঞ্জীয়াৰ হাতত নিৰ্ণায়ক অধিকাৰ থকাকৈ সমষ্টি পুনৰনিৰ্ধাৰণ কৰকঃ ছাত্ৰ সন্থা

সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আজি অসম ভ্ৰমণলৈ অহা ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰক সাক্ষাৎ কৰি অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকাকৈ আৰু সৰ্বকালৰ বাবে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ নিশ্চিতভাৱে থকাকৈ অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ কৰিবলৈ দাবী জনায়৷ অসম চুক্তিৰ ৬ নং দফা অনুসৰি কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্ছস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ অন্যতম পৰামৰ্শৰ আধাৰত অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰিবলৈ যাওঁতে সমগ্ৰ অসমৰ জনবিন্যাস পৰিবৰ্তনৰ বিষয়টো বিশেষভাৱে বিবেচনা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনায়৷ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে স্পষ্টভাৱে দাবী কৰি কয়– অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি যিসমূহ জিলাত জনবিন্যাস পৰিবৰ্তনৰ বিশেষ প্ৰভাৱ পৰা নাই আৰু খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ আছে সেই জিলাসমূহত জিলাৰ ভিতৰতে সীমাৰ সালসলনি কৰক আৰু সমষ্টিৰ সংখ্যা হ্ৰাস কৰিব নালাগিব৷ ছাত্ৰ সন্থাই ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ নিদ্ধৰ্াৰণ কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা সিদ্ধান্তক স্পষ্টভাৱে আদৰণি জনাইছে৷ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস সমন্বিতে সন্থাৰ প্ৰতিনিধি দলটোৱে ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ হাতত তথ্য পাতিসহ এখন বিস্তৃত স্মাৰক পত্ৰ প্ৰদান কৰি কয়– অসমত অবৈধ বাংলাদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়লৈ ভাবুকি মাতি আনিছে৷ সময়ে সময়ে এই কথা তথ্য পাতিসহ প্ৰমাণ হৈ আহিছে৷ হীৰালাল পাটোৱাৰী ঢুকুৱাৰ পাছত ১৯৭৯ চনত অনুষ্ঠিত মংগলদৈ লোকসভাৰ উপনিৰ্বাচনৰ সময়ত ভোটাৰ তালিকাত হাজাৰ হাজাৰ অবৈধ বাংলাদেশীৰ নাম কৰ্তন হৈছিল৷ ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা ছয়বছৰীয়া অসম আন্দোলনৰ পাছত ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল৷ ১৯৮৬ চনতেই কেন্দ্ৰীয় চৰকাৰক অসম চুক্তিৰ ৬ নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকবচৰ বিভিন্ন পৰামৰ্শৰ ভিতৰত অসমত সমষ্টি পুনৰ  নিৰ্ধাৰণ কৰিবলৈ ছাত্ৰ সন্থাই পৰামৰ্শ দিছিল৷ ২০০৫ চনৰ ১২ জুলাইত উচ্ছতম ন্যায়ালয়ে আই এম ডি টি আইন বাতিল কৰি দিয়া ৰায়টোত অসমত অবৈধ বাংলাদেশীৰ বহিঃআগ্ৰাসনৰ কথা কৈছিল৷ ২০০৮ চনৰ ২৫ জুলাইত গুৱাহাটী উচ্ছ ন্যায়ালয়ে অসমত অবৈধ বাংলাদেশী ‘কিং মেকাৰ’ হোৱাৰ কথা কৈছিল৷ তাৰ মাজতে অসমত ৰাজ্যপালৰ প্ৰতিবেদন আৰু অসম চৰকাৰে অসমত অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন বিষয়ত এখন শ্বেতপত্ৰ প্ৰকাশ কৰি সমস্যাটোৰ ভয়াৱহতা সম্পৰ্কত বিস্তৃত ব্যাখ্যা দিছে৷ ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি ৬ নং দফা অনুসৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্ছ স্তৰীয় সমিতিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষাকবচৰ বিষয়ে আগবঢ়োৱা বিভিন্ন পৰামৰ্শৰ ভিতৰত সমষ্টি পুনৰ  নিৰ্ধাৰণৰ বিষয়টো অন্যতম পৰামৰ্শ আছিল৷ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে আয়োগে কেনেধৰণৰ পদ্ধতিৰে অসমত সমষ্টি পুনৰ  নিৰ্ধাৰণ কৰিব সেই বিষয়ে জানিব বিচাৰে৷ ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে তথ্যপাতি সহ আগবঢ়োৱা কথা শুনি মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকীয়ে কয়– সাধাৰণতে আয়োগে খচৰা প্ৰকাশ কৰি জনসাধাৰণৰ মতামত লয়৷ অসমৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলোৰে মতামত লৈহে পদ্ধতি ঠিক কৰি আয়োগে খচৰা প্ৰস্তুত কৰিব আৰু খচৰা প্ৰকাশ কৰি পুনৰ সংশ্লিষ্ট সকলৰ মতামত লবলৈ অসমলৈ আহিব৷ ছাত্ৰ সন্থাৰ পৰামৰ্শসমূহ আয়োগে বিবেচনা কৰিব৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ দাবী চি পি আই [এম-এল]ৰ

চিপিআই [এম-এল]ৰ অসম ৰাজ্যিক সমিতিৰ হৈ ৰাজ্যিক সদস্য নৰেন বৰা আৰু কেন্দ্ৰীয় নিয়ন্ত্ৰক আয়োগৰ সদস্য ধীৰাজ দাসে সোমবাৰে ৰেডিচন ব্লু হোটেলত ভাৰতৰ নিৰ্বাচন আয়োগৰ কেন্দ্ৰীয় প্ৰতিনিধি দলক সাক্ষাৎ কৰি এক সৌহাদ্যমূলক আলোচনাত মিলিত হয় আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ স্মাৰক পত্ৰত দলে খৰখেদাকৈ অসাংবিধানিক আৰু অযুক্তিকৰ ভাৱে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচৰা কাৰ্য শাসক দলৰ ন্যস্ত ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত বুলি অভিহিত কৰি কয় যে ভাৰতৰ নিৰ্বাচন আয়োগে নতুন প্ৰশাসনিক গোট সৃষ্টিৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা বলবৎ হোৱাৰ মাত্ৰ কেইঘণ্টামান আগতে অৰ্থাৎ পহিলা জানুৱাৰীৰ কেইঘণ্টা মান আগতে চাৰিখন যথাক্ৰমে-হোজাই, বিশ্বনাথ চাৰিআলি, বজালী আৰু তামুলপুৰ— খৰখেদাকৈ ভংগ কৰি দিয়া হৈছিল আৰু বহু কেইখন গাও বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত অন্তৰ্ভুক্ত কৰে৷ স্মাৰক-পত্ৰত উল্লেখ কৰা হৈছে যে ১৯৭১ চনৰ লোক পিয়ল ভিত্তিত ১৯৭৬ চনত অসমৰ সমষ্টিসমূহৰ শেষবাৰৰ বাবে সীমা নিৰ্ধাৰণৰ কাম কৰা হৈছিল৷ এতিয়া নিৰ্বাচন আয়োগে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অনুৰোধ অনুসৰি ২০০১ চনৰ লোক পিয়লৰ পৰিসংখ্যাৰ ২০২৩ চনত সীমা নিৰ্ধাৰণ কৰাটো যথেষ্ট অন্যায় আৰু অযুক্তিকৰ হ’ব৷  দুটা দশকৰো অধিক পূৰ্বে কৰা লোকপিয়লৰ ভিত্তিত বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা পুনৰ অংকন কৰাটোৱে কোনো কাৰণতে সীমা নিৰ্ধাৰণৰ উদ্দেশ্য পূৰণ নকৰে৷ দলে বৰ্তমানৰ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কৰিব বিচৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখি ২০২৬ চনত হ’ব লগা দেশজোৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে অসমৰো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ দাবী জনায়৷ স্মাৰক পত্ৰত উল্লেখ যে ১৯৭৬ চনৰ সীমা নিৰ্ধাৰণ কৰা সময়ত অসমৰ জনসংখ্যা ১.৪৬ কোটিৰ অলপ বেছি আছিল৷ ২০০১ চনত জনসংখ্যা ২.৬৬ কোটি আৰু ২০১১ চনত ৩.১২ কোটিলৈ বৃদ্ধি পাইছে আৰু ইয়াৰ দশকীয় বৃদ্ধিৰ হাৰ হৈছে প্ৰায় ১৭ শতাংশ [যোৱা দুটা দশকত]৷  ২০২৩ চনত অসমৰ বাবে প্ৰক্ষেপিত জনসংখ্যা হৈছে ৩.৬৬ কোটি৷ এই সন্দৰ্ভত দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয়– স্বাভাৱিকতে বৰ্তমান সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত লাখ লাখ লোক ৰাজনৈতিক আৰু প্ৰশাসনীয় ভাৱে ন্যায় আৰু অধিকাৰৰ পৰা বঞ্চিত হব৷ শেহতীয়াকৈ জন্মু আৰু কাশ্মীৰৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে ২০১১ চনৰ লোকপিয়ল ব্যৱহাৰ কৰিছিল আৰু পূৰ্বৰ ৰাজ্যখনক পুনৰ সংগঠিত কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰি আইনখনৰ প্ৰয়োজনীয় পৰিৱৰ্তন কৰাৰ পিছত এই কাম সম্পূৰ্ণ কৰা হয়৷  নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলৰ লগত হোৱা আলোচনা কালত চিপিআই [এম-এল]ৰ প্ৰতিনিধিয়ে অসমৰ সীমা সমস্যা সমাধান নকৰাকৈ কৰা সীমা নিৰ্ধাৰণে আন এক জটিলতা সৃষ্টি কৰিব বুলি উল্লেখ কৰে৷