লাভলীনাৰ বিশ্বজয়
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠি শেহতীয়াভাৱে অসমৰ এচাম খেলুৱৈয়ে ৰাজ্যখনৰ ক্ৰীড়া গতক উৎসাহিত কৰাৰ লগতে উঠি অহা খেলুৱৈক প্ৰেৰণা যোগাইছে৷ এই খেলুৱৈসকলৰ কথা ক’লে প্ৰথমেই নাম ল’ব লাগিব বক্সাৰ লাভলীনা বৰগোহাঁইৰ৷ নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয়েৰে আন এটা বৃহৎ সফলতা লাভ কৰিলে লাভলীনাই৷ লাভলীনা হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ৷ ২০২০ চনৰ টকিঅ’ অলিম্পিকত ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে লাভ কৰিছল ব্ৰঞ্জৰ পদক৷ সেইবাৰৰ অলিম্পিকৰ বক্সিঙত লাভলীনাৰ যোগেদিয়েই ভাৰতে পাইছিল একমাত্ৰ পদকটো৷ বিশ্ব চেম্পিয়নশ্বিপত ইয়াৰ পূৰ্বে অসমৰ বক্সাৰগৰাকীয়ে দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ কিন্তু ইয়াৰ পূৰ্বে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণপদক জয় কৰাটোহে সম্ভৱ হোৱা নাছিল৷ যোৱা বছৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰত্যাহ্বান সামৰাৰ পাছত লাভলীনা সমালোচনাৰো সন্মুখীন হৈছিল৷ কোৱা হৈছিল যে ৰিঙত বক্সাৰগৰাকীয়ে কেতিয়াও নিজৰ এশ শতাংশ চেষ্টা নচলায়৷ এনেবোৰ সমালোচনা নীৰৱে সহি অসম কন্যাগৰাকীয়ে নিজৰ প্ৰদৰ্শনেৰে সকলোকে প্ৰত্যুত্তৰ দিলে৷ বিশ্ব চেম্পিয়নশ্বিপ আৰম্ভ হোৱাৰ পূৰ্বে যথেষ্ট আত্মবিশ্বাসেৰে লাভলীনাই কৈছিল, আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণপদক জয় কৰিব নোৱৰাৰ বিষয়টোৱে তেওঁকো মনোকষ্ট দিয়ে৷ সেইবাবে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণপদক জয় কৰাৰ লক্ষ্যৰে তেওঁ যথেষ্ট পৰিশ্ৰম কৰিছে৷ লাভলীনাৰ এই পৰিশ্ৰম অথলে নগ’ল৷ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদকটোৱে লাভলীনাৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰিলে৷ এই সফলতা বক্সাৰগৰাকীৰ বাবে আছিল যথেষ্ট গুৰুত্বপূৰ্ণ৷ কিয়নো টকিঅ’ অলিম্পিকৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো বৃহৎ সফলতা৷ আনহাতে, অলিম্পিকত ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে শেহতীয়াকৈ লাভলীনাই খেলিবলৈ লৈছিল ৭৫ কিলোগ্ৰাম শাখাত৷ কিয়নো ২০২৪ চনৰ পেৰিছ অলিম্পিকত নাথাকিব ৬৯ কিলোগ্ৰাম শাখা আৰু পৰৱৰ্তী অলিম্পিকত খেলাৰ সুযোগ পালে লাভলীনাই ৭৫ কিলোগ্ৰাম শাখাতেই প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব৷
লাভলীনাৰ পূৰ্বে অসমৰ শিৱ থাপাই দুবাৰকৈ অলিম্পিকত খেলাৰ সুযোগ পাইছিল যদিও পদক অৰ্জনত তেওঁ সফল হ’ব পৰা নাছিল৷ লাভলীনাই অলিম্পিকত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈয়ে পদক জয় কৰিছিল, যাৰ বাবে প্ৰয়োজন হৈছিল প্ৰবল মানসিক দৃঢ়তা আৰু চাপক জয় কৰাৰ শক্তি৷ এই দুয়োটা গুণেই বিদ্যমান লাভলীনাৰ ক্ষেত্ৰত৷ সদায়েই নতুন নতুন কৌশল আয়ত্ত কৰাত আগ্ৰহী তেওঁ৷ তদুপৰি মনোসংযোগ বিঘ্নিত নহ’বলৈ নিয়মিত ধ্যানো কৰে৷ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদকৰ পাছত এতিয়া হয়তো লাভলীনাৰ লক্ষ্য হ’ব অলিম্পিকৰ স্বৰ্ণপদক৷ তাৰবাবে প্ৰয়োজন হ’ব নতুন ধৰণে প্ৰস্তুতি চলোৱাৰ৷ উল্লেখ্য, বিশ্ব মহিলা বক্সিং চেম্পয়নশ্বিপত ভাৰতৰ চাৰিগৰাকী বক্সাৰ ফাইনেলত উপনীত হৈছিল আৰু চাৰিওগৰাকীয়ে লাভ কৰিছে স্বৰ্ণপদক৷ টুৰ্নামেণ্টখনৰ পূৰ্বে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ লগতে ভাৰতীয় হকী ফেডাৰেশ্বনে লাভলীনাৰ লগতে নিখত জাৰিনৰ পৰা স্বৰ্ণপদক পোৱা যাব বুলি দাবী কৰিছিল৷ জাৰিনে বিশ্ব চেম্পিয়নশ্বিপত দ্বিতীয়টো স্বৰ্ণপদক জয় কৰিছে৷ লাভলীনাই অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পাছত অসমৰ বহু ছোৱালী বক্সিঙৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে, যিটো ৰাজ্যখনৰ বক্সিঙৰ বাবে উৎসাহৰ বিষয়৷ অসম বক্সিং সন্থাৰ সম্পাদকজন বৰ্তমান ভাৰতীয় বক্সিং ফেডাৰেশ্বনৰো সম্পাদকৰ দায়িত্বত আছে৷ তেওঁ নিশ্চয় ৰাজ্যখনৰ বক্সাৰসকলৰ অভাৱ-অভিযোগবোৰৰ বিষয়ে ভালদৰে জানিব৷ ৰাষ্ট্ৰীয় ফেডাৰেশ্বনটোৰ গুৰুত্বপূৰ্ণ পদবীত থকা অসমৰ বক্সাৰসকলক সঠিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উচিত ব্যৱস্থা ল’ব বুলি সকলোৱে আশা কৰিব৷ সকলো ঠিকে থাকিলে ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে দেখুৱাই যোৱা আদৰ্শ অনুকৰণ কৰি মহিলাৰ বক্সিঙৰ ক্ষেত্ৰখনত অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পাৰিব লাভলীনাৰ লগতে অসমৰ খেলুৱৈসকলে৷






