Logo
image

ন্যায়ালয়ৰ ৰায়ৰ সুৰঙাৰে বজাৰত বিক্ৰী হৈ আছে ‘বিষাক্ত’ শাক-পাচলি

আমাৰ অসম, ২৯ মাৰ্চঃ  গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনা অত্যাধিক ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশক ব্যৱহৃত শাক-পাচলিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে চৰকাৰে৷ খাদ্য সুৰক্ষা বিভাগৰ অধীনত ট্ৰাস্ক ফ’ৰ্চ গঠন কৰি সংগ্ৰহ কৰিছে শাক-পাচলিৰ নমুনা৷ কিন্তু গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়ৰ আইনী সুৰুঙাৰে নাগৰিকে যেন বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহৃত শাক-পাচলিকে ভক্ষণ কৰিবলৈ বাধ্য হৈছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে, খাদ্য সুৰক্ষা বিভাগৰ অভিযানত শাক-পাচলিত কোনো বিষাক্ত কীটনাশক দ্ৰব্য তথা  অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰৰ উপস্থিতি ধৰা পৰিলেও উক্ত পাচলিসমূহৰ বিক্ৰী প্ৰতিৰোধত প্ৰশাসনৰ হাতত কোনো ব্যৱস্থাই নাথাকিব৷ কিয়নো খাদ্য সুৰক্ষা বিভাগৰ অধীনত গঠন কৰা টাস্ক ফ’ৰ্চে পাচলিৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগাৰলৈ প্ৰেৰণ কৰিছে যদিও সংশ্লিষ্ট পাচলি সমূহ জব্দ কৰা নাই৷ যাৰ বাবে কোনো নমুনাৰ পৰীক্ষাৰ পজিটিভ ৰিপ’ৰ্ট আহিলেও, তেতিয়ালৈ সংশ্লিষ্ট বিষাক্ত দ্ৰব্য ব্যৱহৃত শাক-পাচলিসমূহ বজাৰৰ পৰা গ্ৰাহকে ক্ৰয় কৰি খাই শেষ কৰিব৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়ত থকা আইনী সুৰুঙাৰ বাবেই অত্যাধিক ৰাসায়নিক দ্ৰব্য মিহলি শাক-পাচলিক কোনো বাধা দিব নোৱাৰে চৰকাৰৰ কিম্বা প্ৰশাসনে৷ ইয়াৰ বিপৰীতে পাচলিৰ নমুনা পৰীক্ষাত পজিটিভ ধৰা পৰিলে শাক-পাচলিৰ বিক্ৰেতাসকলৰ উৎসৰ সন্ধান কৰি বিষাক্ত কীটনাশক তথা ৰাসায়নিক দ্ৰব্য বিক্ৰী কৰা পাইকাৰী তথা খুচুৰা ডিলাৰসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি খাদ্য সুৰক্ষা বিভাগে স্পষ্ট কৰি দিছে৷ উল্লেখ্য, শাক-পাচলিত অত্যাধিক কীটনাশক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ সন্দৰ্ভত তথ্য প্ৰমাণ দাখিল কৰি এগৰাকী অধিবক্তাই গুৱাহাটী উচ্ছ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰুজু কৰিছিল৷ উক্ত গোচৰটোত শেহতীয়াকৈ উচ্ছ ন্যায়ালয়ে ৰাজ্য চৰকাৰক চহৰৰ প্ৰৱেশ পথত শাক-পাচলিৰ নমুনা পৰীক্ষাৰ বাবে নিৰ্দেশ দিছিল৷ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পাছতেই খাদ্য সুৰক্ষা বিভাগে আৰক্ষী, পৰিবহণ, জি এম চি আৰু কৃষি বিভাগক লগত লৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰে৷ এই টাস্ক ফ’ৰ্চটোৱে ২৫ মাৰ্চৰ পৰা গুৱাহাটীৰ ৬ টা মণ্ডলত শাক-পাচলিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ মঙলবাৰে পুৱনি নিশা জালুকবাৰী, যোৰাবাট, নাৰেংগী আদি ৬টা স্থানত তালাচী চলাই বহিঃৰাজ্যৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ অহা শাক-পাচলিৰ ৭৫টা নমুনা সংগ্ৰহ কৰে৷ এই নমুনাসমূহ টাস্ক ফ’ৰ্চে গুৱাহাটীৰ বামুণীমৈদামস্থিত ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগাৰলৈ প্ৰেৰণ কৰে৷ বিশ্লেষণাগাৰৰ পৰা প্ৰতিবেদন আহিবলৈ ১০-১৫ দিন সময় লাগিব বুলি জানিবলৈ দিছে খাদ্য সুৰক্ষা বিভাগে৷ বিশ্লেষণাগাৰৰ প্ৰতিবেদনৰ ভিত্তিতেই শাক-পাচলিৰ উৎস স্থলীত অভিযান চলাই বিষাক্ত ৰাসায়নিক দ্ৰব্য তথা কীটনাশক যোগান কৰা ডিলাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও টাস্ক ফ’ৰ্চে সদৰী কৰিছে৷ অৰ্থাৎ বিশ্লেষণাগাৰৰ পৰা প্ৰতিবেদন অহালৈ নাগৰিকে বিষাক্ত শাক-পাচলিকে অনিচ্ছা স্বত্বেও খাবলৈ বাধ্য হোৱাটো নিশ্চিত হৈ পৰিল৷