তেজৰ গ্ৰুপেও দিব পাৰে হৃদৰোগৰ সম্ভাৱনাৰ ইংগিত
হৃদৰোগ এটা অতি জটিল ৰোগ৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহ মৃত্যু মুখত পৰিব পাৰে৷ বিশ্বত নিতৌ হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ অনিয়ন্ত্ৰিত জীৱন-যাপন, অস্বাস্থ্যকৰ খোৱা লোৱা, অত্যধিক মানসিক চাপ আদি ইয়াৰ প্ৰধান কাৰণ৷ সম্প্ৰতি বিভিন্ন গৱেষণাৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি তেজৰ গ্ৰুপেও ইংগিত দিব পাৰে হৃদৰোগৰ সম্ভাৱনীয়তাৰ৷ আমেৰিকান হাৰ্ট এছ’চিয়েশ্বনৰ পত্ৰিকাত প্ৰকাশিত তথ্য অনুসৰি ‘এ’ আৰু ‘বি’ গ্ৰুপৰ তেজৰ মানুহ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷ ‘ও’ গ্ৰুপৰ তেজযুক্ত মানুহৰ উচ্ছ ৰক্তচাপ তথা হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা তুলনামূলকভাৱে কম৷
তেজৰ গ্ৰুপ পজিটিভ নে নেগিটিভ সেয়া নিৰ্ভৰ কৰে লোহিত ৰক্তকণিকাত প্ৰ’টিনৰ উপস্থিতি বা অনুপস্থিতিৰ ওপৰত৷ ৰক্তকণিকাত প্ৰ’টিনৰ উপস্থিতি থাকিলে তেজৰ গ্ৰুপ পজিটিভ আৰু প্ৰ’টিনৰ উপস্থিতি নাথাকিলে তেজৰ গ্ৰুপ নিগেটিভ হয়৷ গৱেষণাত এই তথ্যও পোৱা গৈছে যে ‘ও’ গ্ৰুপৰ তেজৰ বাহিৰে এ, বি আৰু এবি গ্ৰুপৰ তেজযুক্ত মানুহৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি৷ প্ৰায় ৪ লাখ মানুহৰ ওপৰত চলোৱা সমীক্ষাত দেখা গৈছে যে যিসকল লোকৰ তেজৰ গ্ৰুপ ‘এ’ আৰু ‘বি’ তেওঁলোক হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা প্ৰায় ৮ শতাংশ বেছি৷ ‘এ’ গ্ৰুপৰ তেজযুক্ত মানুহৰ দেহত যদি কলেষ্টেৰল থাকে তেনেহ’লে হৃদক্ৰিয়া বন্ধ হৈ যোৱাৰ আশংকাও যথেষ্ট বেছি৷