হৃদযন্ত্ৰ দুৰ্বল হ’লে এইবোৰ লক্ষণে দেখা দিয়ে
চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচন অৰ্থাৎ চিডিপিৰ মতে সমগ্ৰ বিশ্বত লাখ লাখ মানুহৰ মৃত্যুৰ এটা অন্যতম কাৰণ হৈছে হৃদৰোগ৷ ভাৰততো প্ৰতিবছৰে হৃদৰোগত মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ একেদৰে বাঢ়িছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ স্বাস্থ্য বিভাগৰ এক প্ৰতিবেদন মতে ভাৰতত কিছুবছৰৰ পৰা ১৮-৩০ বছৰ বয়সৰ যুৱকসকলৰ মাজত হৃদৰোগৰ প্ৰৱণতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ যিটো অতিশয় চিন্তাজনক৷
হৃদৰোগৰ এটা অন্যতম কাৰণ হৈছে অনিয়মীয়া জীৱনশৈলী৷ ধূমপান, মদ্যপানৰ অভ্যাস তথা শাৰীৰিক কাৰ্যকলাপ নকৰিলে হৃদৰোগৰ আশংকা আহি পৰে৷ আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ মতে হৃদৰোগৰ ৮০ শতাংশই প্ৰতিৰোধযোগ্য৷ ইয়াৰ বাবে মাথোঁ সেই সংকেতসমূহৰ বিষয়ে জানিব লাগে, যিবোৰ সংকেতে আপোনাৰ হৃদযন্ত্ৰক সমস্যাত পেলাব পাৰে৷ তেনে সংকেত পোৱাৰ লগে লগে আপুনি অন্যান্য শাৰীৰিক সমস্যাৰ দৰে হৃদযন্ত্ৰৰো যত্ন ল’বলৈ সক্ষম হ’ব৷
অসুস্থতাৰ পূৰ্বে এইবোৰ লক্ষণে দেখা দিয়ে–
যদি আপোনাৰ হৃদযন্ত্ৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে বা হাৰ্ট এটেক হয়, তেন্তে আপোনাৰ হৃদযন্ত্ৰৰ ‘ইজেকশ্বন’ ভগ্নাংশ কমি আহে৷ উদাহৰণস্বৰূপে, যদি এজন ৰোগীৰ ৩০ শতাংশ ‘ইজেকশ্বন’ থাকে, তেন্তে ইয়াৰ অৰ্থ– ৰোগীৰ হূদপিণ্ডই সঠিকভাৱে তেজৰ সৰবৰাহ কৰিবলৈ সক্ষম নহয়৷ এই সমস্যা পৰৱৰ্তী সময়ত ‘হাৰ্ট ফেইলৰ’ৰ অন্যতম কাৰণ হ’ব পাৰে৷ এজন লোকৰ হাৰ্ট বা হৃদযন্ত্ৰৰ ‘ইজেকশ্বন’ ভগ্নাংশ যিমানেই কম হয়, হাৰ্ট ফেইলৰ আৰু কাৰ্ডিয়াক এৰেষ্টৰ আশংকা সিমানেই বেছি হয়৷
হৃদৰোগৰ আশংকা এনেদৰে কমাওক–
প্ৰখ্যাত চিকিৎসক ডাঃ নিউমেনৰ মতে, সাধাৰণতে বেছিভাগ লোকেই নিজৰ হৃদযন্ত্ৰৰ স্বাস্থ্য সম্পৰ্কে সচেতন নহয়৷ বেয়া খাদ্যাভ্যাস, স্থূলতা, শাৰীৰিক কাৰ্যকলাপ নকৰা আদিয়ে হৃদযন্ত্ৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়৷ হৃদযন্ত্ৰৰ স্বাস্থ্য মূলতঃ আমাৰ জীৱনশৈলীৰ সৈতে জড়িত৷ জীৱনশৈলী উন্নত কৰি হৃদৰোগৰ আশংকাৰ পৰা নিজকে ৰক্ষা কৰিব পৰা যায়৷ ধূমপান আৰু মদ্যপানৰ অভ্যাসৰ লগতে শাৰীৰিক কাৰ্যকলাপ নকৰিলে পৰিস্থিতি জটিল হয়৷ সেয়ে ধূমপান আৰু অত্যাধিক মদ্যপান কৰাৰ পৰা বিৰত থাকক৷ যিমান পৰা যায় শাৰীৰিক কাৰ্যকলাপ কৰক৷ পাৰিলে নিতৌ শৰীৰচৰ্চা কৰাৰ অভ্যাস গঢ়ি তোলক৷