কেজৰিৱাল আহি আছে!
অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আহি আছে৷ এইটো এটা খবৰ, সামাজিক মাধ্যম, টিভি, বাতৰিকাকত সকলোৱে এই খবৰটো অতি গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে৷ সামাজিক মাধ্যমত চৰ্চা হৈছে৷ কোন এই অৰবিন্দ কেজৰিৱাল? অৰবিন্দ কেজৰিৱালৰ নাম কিয়ইবা চৰ্চা হৈছে অসমৰ ৰাজনীতিত? দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ মুখ্য নেতা অৰবিন্দ কেজৰিৱাল কেইবাটাও কাৰণত এতিয়া অসমতে নহয় সমগ্ৰ ভাৰতৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে৷ প্ৰথম কথা, ২০১২-১৩ চনত চলা আন্না হাজাৰেৰ দুৰ্নীতিবিৰোধী আন্দোলনত অৰবিন্দ কেজৰিৱালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল৷ এই আন্দোলনত পিছলৈ আন্না হাজাৰে আত্মসমৰ্পণ কৰিছিল যদিও কেজৰিৱালে শাসক গোষ্ঠীক প্ৰত্যাহ্বান জনাবলৈ ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰাই নহয়, দিল্লীৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব সফলতা লাভ কৰি বিগত প্ৰায় এটা দশকেই ৰাজধানী চহৰখনৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ আছে৷ দিল্লীৰ জনসাধাৰণৰ বাবে সমাজ কল্যাণ আঁচনিৰ জৰিয়তে ২০০ ইউনিটলৈকে বিদ্য়ুৎ মাচুল ৰেহাই, বিনামূলীয়া বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্য, মহল্লা ক্লিনিকৰ দৰে এক একক আৰু মৌলিক স্বাস্থ্যকেন্দ্ৰ প্ৰতিষ্ঠা কৰি স্বাস্থ্যখণ্ডলৈ বিপ্লৱ কঢ়িয়াই অনা৷ বিশ্বমানৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা আদিৰ লগতে মহিলাৰ বাবে যাতায়াতৰ খৰচ ৰেহাই দিয়া আদি কাৰ্যই পৰিকল্পনা আৰু সততা থাকিলে যে জনসাধাৰণক মূল্যবৃদ্ধিৰ দৰে জলাতংক ৰোগৰ পৰা বচাব পাৰি, তাৰ উজ্জ্বল নিদৰ্শন হৈ পৰিছে৷ এই ৰাজনীতি এতিয়া কেৱল দিল্লীতে সীমাবদ্ধ হৈ থকা নাই৷ পঞ্জাব বিধানসভাত দ্বিতীয়বাৰ নিৰ্বাচন খেলি একক সংখ্যাগৰিষ্ঠ দল হৈ চৰকাৰ গঠন কৰাৰ পাছত আম আদমী পাৰ্টীৰ চৰ্চা সমগ্ৰ ভাৰতত ব্যাপক হাৰত হ’বলৈ ধৰিলে৷ পঞ্জাবতো চৰকাৰ গঠন কৰিয়ে ৩০০ ইউনিটলৈকে বিদু্যৎ মাচুল ৰেহাই দিয়াই নহয় মহল্লা ক্লিনিকৰ ব্যৱস্থা, টোলগেট প্ৰত্যাহাৰ, লাখ যুৱকক চাকৰি দিয়া আদি কাৰ্যৰ বাবে পঞ্জাব চৰকাৰখনো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এই সময়তে গুজৰাটৰ নিৰ্বাচন অহাত বিজেপিক দলক নিজৰ ভূমিত একমাত্ৰ প্ৰত্যাহ্বান জনাব পৰা দলৰূপে পৰিগণিত হয় আম আদমী পাৰ্টী৷ সেই মুহূৰ্তৰ পৰাই বিজেপি দলেও নিজৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে আপকেই লক্ষ্য কৰি লোৱাত আপৰ নেতাসকলক কিছুমান অভিযোগত গ্ৰেপ্তাৰ কৰি জে’লত বন্দী কৰি থোৱাৰ পৰা দিল্লীৰ চৰকাৰখনে যাতে মুকলিকৈ কাম কৰিব নোৱাৰে তাৰ বাবে দিল্লীৰ উপ-ৰাজ্যপালজনে বাৰে বাৰে চৰকাৰৰ কাম-কাজত বাধা আৰোপ কৰি আহিছে, সেই কথা ৰাজনৈতিক মহলে বাৰুকৈয়ে উপলব্ধি কৰিছে৷ আপে যদিও সমগ্ৰ দেশখনত নিজৰ খোপনি মজবুট কৰিবলৈ বিভিন্ন নিৰ্বাচনত অংশগ্ৰহণৰ কৌশল গ্ৰহণ কৰিছে, তথাপি গোৱা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আদি ৰাজ্যত বিশেষ সফলতা লাভ কৰিব পৰা নাই৷ কিন্তু তাৰ মাজতে দলটো তথা অৰবিন্দ কেজৰিৱালৰ বাবে দুটা অতি গুৰুত্বপূৰ্ণ সফলতা অহাত আনাগত সময়ত যে দলটোৱে নিজৰ ৰাজনীতি আৰু অধিক মজবুট কৰিব, সেয়া নিশ্চিত৷ প্ৰথম সফলতা দিল্লীৰ পৌৰ নিগমৰ পৰা বিজেপিক উৎখাত আৰু দ্বিতীয় সফলতা ১০ বছৰৰ ভিতৰত দলটোৱে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি লাভ কৰা৷ এই গ্ৰহণযোগ্যতাৰ ভিত্তিত এতিয়া সমগ্ৰ দেশতে কেজৰিৱালৰ আকৰ্ষণ বৃদ্ধি পাইছে৷
এই আকৰ্ষণৰ পাছতো অসমৰ ক্ষেত্ৰত আৰু অলপ পৃথকৰূপে চৰ্চা হৈছে কেজৰিৱালৰ আগমন৷ আজি কেইমাহৰ আগতে অসমৰ বিদ্যালয় বন্ধ কৰি দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক কেজৰিৱালে সমালোচনা কৰি কৈছিল যে বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয়, বিদ্যালয় বন্ধ কৰাতকৈ সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছিল কেজৰিৱালে৷ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কেজৰিৱালক সমালোচনা কৰি অসমত নতুন বিদ্যালয় খোলা বুলি তথ্য দিছিল৷ সেই টুইটৰ প্ৰত্যুত্তৰ দিছিল কেজৰিৱালে আৰু অসমৰ বিদ্যালয় চাবলৈ বিচাৰিছিল, কিন্তু ড॰ শৰ্মাই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পৰিৱৰ্তে কিছুমান উপৰুৱা কথাহে কৈছিল৷ বেছ কিছু জমি উঠা সেই টুইট-যুদ্ধৰ পাছত কেজৰিৱালে দল সম্প্ৰসাৰণৰ উদ্দেশ্য অসমলৈ আহিবলৈ দুই এপ্ৰিলটো ঠিক কৰাত এতিয়া অসমত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে কেজৰিৱালৰ আগমন৷ সেইবোৰ যিয়েই ৰাজনীতি নহওক কিয় কেজৰিৱালৰ অসম আগমনে যে ৰাজনৈতিক কাৰণতে বিশেষ গুৰুত্ব লাভ কৰিছে, সেইটো নিশ্চিত৷ বৰ্তমান টকাসৰ্বস্ব ৰাজনীতিত অনাগত দিনত কেজৰিৱালে অসমত কেনে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়, সেয়া সময়েহে ক’ব৷






