Logo
image

ভাৰতীয় আমেৰিকানৰ প্ৰশংসাত পঞ্চমুখ জো বিডেন

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰত নিৰ্বাচনকেন্দ্ৰীক তৎপৰতা আৰম্ভ হোৱাৰ লগে লগে দেশখনত থকা ভাৰতীয়সকলৰ গুৰুত্ব যথেষ্ট বাঢ়িছে৷ ভাৰতীয়সকলৰ প্ৰশংসাত পঞ্চমুখ এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেন৷ মঙলবাৰে ভাৰতীয় আমেৰিকানৰ দ্বাৰা অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লৈ ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জো বিডেনে কয়– ভাৰতীয় আমেৰিকানসকলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আমেৰিকাৰ অৰ্থনীতিক সমৃদ্ধ কৰিছে৷ আমেৰিকাৰ সংস্কৃতিক গতিশীল কৰি তোলাৰ ক্ষেত্ৰতো ভাৰতীয় মূলৰ আমেৰিকানে লৈছে গুৰুত্বপূৰ্ণ ভূমিকা৷ ভাৰতীয়সকলক প্ৰশংসা কৰাৰ লগতে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে দেশখনৰ হৈ কৰিবলগীয়া কামৰ আভাসো তেওঁ দিয়ে৷ কৰ’নাই সৃষ্টি কৰা সংকটৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়– এই অতিমাৰীক তেওঁ পৰাজিত কৰি অৰ্থনীতিক পুনৰ প্ৰতিষ্ঠা কৰিব৷