Logo
image

এপ্ৰিল ফুল

‘আমাৰ অসম’ত প্ৰকাণ্ড হেডলাইনেৰে বাতৰি প্ৰকাশ হ’ল যে সকলো নাগৰিকৰ একাউণ্টত ১৫ লাখকৈ টকা জমা হ’ব৷ সকলোৱে নিজৰ বেংক একাউণ্টত নজৰ ৰাখক৷ আজিকালি বেছিভাগ লোকেই একাউণ্টত টকা জমা হ’লে ফোনত এছএমএছ পায়৷ প্ৰতিজন লোকে অধিৰ আগ্ৰহেৰে একাউণ্টত ১৫ লাখ জমা হোৱা মেছেজ পাবলৈ ৰৈ থাকিল–তামাম উৎকণ্ঠা, বহু আশা– ১৫ লাখ পালে অমুক কৰিম-তমুক কৰিম৷ কেতিয়াবা মেছেজ নাহিবও পাৰে, গতিকে অনলাইন বেংকৰ ৱেবছাইটত টকা জমা হ’ল নেকি বাৰে বাৰে চাইছে৷ কিছুমানে ভাবিছে, বেংকলৈ গৈ চাই আহোঁ, কিন্তু আজিকালি বেংকৰ বিষয়া-কৰ্মচাৰীয়ে একাউণ্টত কিমান টকা আছে সেইটো চাই দিব নিবিচাৰে, তেওঁলোকে কয় আপুনি নিজে চাই লওক, পাছবুক আপডেট কৰক, মেছেজ পোৱা নাই নেকি? আমাৰ অসমে ক’ত পালে বাতৰিটো? বেলেগতো ওলাইছেনে কথাটো? দিনটো উৎকণ্ঠাৰে পাৰ হ’ল, একাউণ্টত টকা জমা নহ’ল৷ পিছদিনা আমাৰ অসমে ভেদ ভাঙিলে৷ আমাৰ অসমৰ পঢ়ুৱৈ পৰিয়ালৰ স’তে সেয়া আছিল এপ্ৰিল ফুলৰ দিনাখন কৰা এক প্ৰেক্টিকেল জ’ক, বুৰ্বক  বনাবলৈ কৰা ধেমালি৷ আমাৰ অসমে ৰাইজক এপ্ৰিল ফুল কৰিলে৷ ২৪ ঘণ্টাৰ ভিতৰতে সেয়া যে এক ধেমালিহে আছিল, সকলোৱে গম পালে৷ গণমাধ্যমে ৰাইজৰ স’তে এপ্ৰিল ফুলৰ ধেমালি কৰাৰ বহু উদাহৰণ আছে৷ 

এপ্ৰিল ফুলে কেইমুহূৰ্তমানৰ পৰা আৰম্ভ কৰি কেইঘণ্টামান বা খুব বেছি এদিনৰ বাবে বুৰ্বক বনাব পাৰে৷ হাঁহিব নজনা, হাঁহিলে পাতল হৈ পৰিব বুলি ভবা, অহম্মকধৰণৰ মানুহৰ বাদে আন সকৱোলে এইধৰণৰ ৰসিকতাক নিৰ্দোষ ধেমালি বুলিয়েই গ্ৰহণ কৰে৷ আমাৰ অসমেও এপ্ৰিল ফুলৰ সুবিধা লৈ মানুহক কিছু সময়ৰ বাবে ১৫ লাখ টকাৰ মালিক হোৱাৰ অলীক সপোন দেখুৱালে৷ মূল উদ্দেশ্য হ’ল অকণমান আনন্দ লাভ কৰা৷ আমাৰ অসমে এদিনৰ বাবে পাঠকক-ৰাইজক আভুৱা-ভাঁৰিলেও ইয়াৰ ফলত কাৰো একো ক্ষতি নহয়৷ এয়া নিৰ্দোষ ধেমালি৷

এপ্ৰিল ফুলত আভুৱা-ভাঁৰিলেও তাৰ আঁৰত কাৰো অনিষ্ট কৰাৰ বা নিজৰ উদ্দেশ্য সিদ্ধি কৰাৰ গুপুত উদ্দেশ্য নাথাকে৷ এক এপ্ৰিলৰ দিনাখন সকলো বিশেষভাৱে সচেতন হৈ থাকে, যাতে কোনেও তেওঁক বুৰ্বক বনাব নোৱাৰে৷ এপ্ৰিল ফুলৰ কথা মনত নৰখাসকলৰ কিছুমানে পুৱাই বুৰ্বক হ’ব লগা হয়৷ কিন্তু এপ্ৰিল ফুলৰ দিনটোৰ বাহিৰেও আন দিনতো আমি নিজৰ গুপুত উদ্দেশ্য সিদ্ধি কৰিব বিচৰাসকলৰ আঁচনিৰ জ্ঞাতে বা অজ্ঞাতে একোজন অংশীদাৰ হৈ বুৰ্বক হৈ থাকোঁ নেকি? এক এপ্ৰিলৰ দিনটো বাদ দি বছৰজোৰা এপ্ৰিল ফুল হৈ থাকোঁ নেকি? 

কোৱা হয় যে কিছু মানুহক সদায়েই বুৰ্বক বনাই ৰাখিব পাৰি আৰু সকলো মানুহকে কিছু সময়ৰ বাবে বুৰ্বক বনাব পাৰি, কিন্তু সকলো মানুহকে সৰ্বকালৰ বাবে বুৰ্বক বনাব নোৱাৰি৷ কথাটো সঁচাও হ’ব পাৰে৷ কিন্তু বুৰ্বক বনোৱাৰ আঁচনি তৈয়াৰ কৰাসকলৰ বাবে কিছু মানুহক সৰ্বকালৰ বাবে নহ’লেও দীঘলীয়া সময়ৰ বাবে বুৰ্বক বনাই ৰাখিব পাৰিলেই তেওঁলোকৰ উদ্দেশ্য সিদ্ধি হয়৷ সকলোকে সকলো সময়ৰ বাবে বুৰ্বক বনোৱাৰ কোনো প্ৰয়োজন নাই৷ 

প্ৰায় চাৰি শতিকাজোৰা উদ্যোগ বিপ্লৱে পৃথিৱীৰ চেহেৰা সলনি কৰিলে৷ এতিয়া আমি গম পাইছোঁ যে এই ‘বিপ্লৱে’ পৃথিৱীৰ পৰিৱেশ বিষাক্ত কৰিলে৷ পৃথিৱীৰ বায়ু-পানী-সাগৰ-মাটি সকলো বিষাক্ত হৈ পৰিছে আৰু দিনে দিনে আৰু অধিক বিষাক্ত হৈ গৈ আছে৷ তাপমান বাঢ়ি আহিছে, সাগৰপৃষ্ঠ ওপৰলৈ উঠি আহি আছে৷ ইয়াৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত কোন হ’ব? উদ্যোগ বিপ্লৱৰ সুফল লাভ কৰা দেশবোৰ? নহয়৷ ইয়াৰ ফলত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হ’ব উদ্যোগ বিপ্লৱৰ সুফল আটাইতকৈ কমকৈ ভোগ কৰা বাংলাদেশৰ দৰে দেশ, মালদ্বীপ, মৰিছাছৰ দৰে দুখীয়া দেশবোৰ৷ সেইবোৰ দেশ সম্পূৰ্ণৰূপে বা আংশিকৰূপে সাগৰত বুৰ যাব৷ বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীয়েও স্কুলক উদ্যোগ বিপ্লৱে কেনেকৈ পৃথিৱীখন সলাই পেলালে, বিজ্ঞান-প্ৰযুক্তিয়ে কেনেকৈ আনৰ লগতে তেওঁলোককো ‘সভ্য’ আৰু ‘আধুনিক’ কৰি তুলিলে, সেই বিষয়ে পঢ়ে, পৰীক্ষাত প্ৰশ্নৰ উত্তৰ লিখে৷ এতিয়া উদ্যোগ বিপ্লৱৰ কোনো সুফল যিবোৰ দেশৰ বেছিভাগ মানুহেই ভোগ কৰা নাই, তেনেবোৰ দেশে পৰিৱেশ প্ৰদূষণ আৰু বাঢ়ি অহা সাগৰপৃষ্ঠৰ বাবে অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে, অৰ্থাৎ উদ্যোগ বিপ্লৱৰ দুৰ্ভোগ ভোগ কৰিছে৷ উদ্যোগ বিপ্লৱে, বিজ্ঞান-প্ৰযুক্তিয়ে তেওঁলোকক এপ্ৰিল ফুল কৰিলে নেকি? একেখিনি কথাকে ভাৰতৰ, অসমৰ বহু লোকৰ ক্ষেত্ৰতো ক’ব নোৱাৰিনে– আমাৰ সাগৰত বুৰ যোৱাৰ ভয়টো নাই যদিও সমীক্ষা প্ৰকাশ হৈছে যে বাংলাদেশৰ একাংশ সাগৰত বুৰ গ’লে ডেৰ-দুই কোটি মানুহ উদ্বাস্তু হৈ পৰিব৷ তেওঁলোক অসম আৰু পশ্চিমবংগলৈ আহিব৷

আধুনিক যন্ত্ৰ সভ্যতাই পৃথিৱীৰ গৰিষ্ঠসংখ্যক লোকৰ জীৱনৰ দুখ-যন্ত্ৰণাৰ অৱসান ঘটাব পৰা নাই৷ শ্ৰমিকে তাহানিৰে পৰা অভাৱৰ স’তে যুঁজি আছে, এতিয়া আধুনিক পৃথিৱীয়ে তেওঁৰ হাতত এটা স্মাৰ্টফোন তুলি দিছে, ঘৰলৈ আনি দিছে এটা ৰঙীণ টিভি, যিবোৰে তেওঁক স্থায়ীভাৱে আধুনিকতাৰ এপ্ৰিল ফুল কৰি ৰাখিছে৷ পুঁজিবাদৰ ৰঙীণ জীৱনৰ সপোন, মাজতে হিটলাৰ-মুচোলিনীৰ ফেচিবাদৰ পৃথিৱীজয়ী জাতি গঢ়াৰ সপোন, কমিউনিজ্‌মৰ সাম্যবাদৰ সপোন, উদাৰবাদী গণতন্ত্ৰৰ স্বাধীন ব্যক্তিৰ, ব্যক্তিৰ সাৰ্বভৌমত্বৰ সপোন এইবোৰে অলেখ সপোন দেখুৱাইছিল৷ এতিয়া ৰামৰাজ্যৰ সপোন, পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি, হিন্দু জাতি-হিন্দু ৰাষ্ট˜ৰ সপোন দেখুৱাই আছে৷ একাউণ্টত জমা হোৱা ১৫ লাখ টকাৰ দৰে৷ বহু মানুহক বহু সময়লৈ বুৰ্বক বনাই ৰখা একোটা দীঘলীয়া এপ্ৰিল ফুলৰ দৰে৷ 

ধৰ্মই ক’লে যে ইহকালটো, পাৰ্থিৱ জীৱনটো, পৃথিৱীখনেই এটা মস্ত এপ্ৰিল ফুল৷ গতিকে ইহকালৰ এপ্ৰিল ফুলৰ সলনি পৰকালটোৰ, দেহাৰ এপ্ৰিল ফুলৰ সলনি আত্মাৰ, মৰতৰ এপ্ৰিল ফুলৰ সলনি সৰগৰ কথাহে ভাবিব লাগে, সেয়াহে আচল৷ লগতে এই এপ্ৰিল ফুলৰ কবলত পৰাসকল কিন্তু ৰৌ ৰৌ নৰকত গৰম তেলত ভজাৰ যন্ত্ৰণা সহ্য কৰিব লাগিব৷ সমস্যাটো হ’ল জীয়াই থকা দিনকেইটাত ভাত-কাপোৰ-ঔষধ-স্কুলৰ ফীজ যোগাৰ কৰা৷ ধৰ্মই সমাধান পৰকালতহে দিছে৷ বহুতেই এতিয়া সন্দেহ কৰে যে ধৰ্ম নিজেই এটা মস্ত এপ্ৰিল ফুল? 

আভুৱা-ভাঁৰি থকা বুলি, বুৰ্বক বনাই থকা বুলি, এপ্ৰিল ফুল কৰি থকা বুলি গম পালেই ঠগ নাখাবলৈ সচেষ্ট হৈ থাকিব পাৰি৷ কিন্তু যদি গমেই নাপায়? গণতন্ত্ৰত সেই গম নোপোৱাকৈ থকা মানুহখিনিৰ ভোট ক্ষমতা দখলৰ বাবে যথেষ্ট হ’ব পাৰে৷ এপ্ৰিল ফুল কৰিয়েই ক্ষমতাত অধিষ্ঠিত হ’ব পাৰে৷ মানুহখিনিক এপ্ৰিল ফুল হোৱা বুলি গম নোপোৱাকৈ ৰাখিব পাৰিলেই হ’ল যিকোনো প্ৰকাৰে৷ আপোনাক এপ্ৰিল ফুল কৰি আছে নেকি, বহুদিন ধৰি, নে আপুনি গম পাইছে? এটা বিষণ্ণ হাঁহিৰে মানি লৈছে আৰু হাতত মোনা লৈ মহঙা বজাৰলৈ দৰ-দাম  কৰিবলৈ ওলাই গৈছে৷ হীৰেন ভট্টাচাৰ্যৰ কবিতা মনত পেলাইছে, ‘হৃদয়ৰ দীনতাৰ দাহনত অকলে অকলে মই কান্দো, কিযে ভয়াৱহভাৱে আমি অসহায়৷’ আৰু যদি এতিয়ালৈ  আপুনি গমেই পোৱা নাই তেনেহ’লেতো ন-প্ৰব্লেম!আপোনাক এপ্ৰিল ফুলৰ ওলগ জনালো৷ হেপ্পী এপ্ৰিল ফুল!