Logo
image

এইবোৰ ভেষজে কিডনী ভালে ৰখাত সহায় কৰে

 বৃক্ক বা কিড্‌নী দেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ৷ কিডনীয়ে তেজ পৰিশোধনত সহায় কৰে৷ লগতে দেহৰ পৰা যাৱতীয় ট’ক্সিন উলিয়াই পঠায় কিডনীয়ে৷ ৰক্তচাপ, লোহিত ৰক্ত কণিকা নিয়ন্ত্ৰণৰ লগতে হাড় মজবুত কৰি ৰখাতো সহায় কৰে কিডনীয়ে৷ সেয়ে, কিডনী ভালে ৰাখিবলৈ সচেতন হোৱা উচিত৷ খাদ্য বিশেষজ্ঞসকলৰ মতে, কিডনী সুস্থ ৰখাৰ ক্ষেত্ৰত কেইটামান ভেষজে সহায় কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ ভেষজে কিডনী সুস্থ ৰাখে–

⬛ গিলয় হৈছে এনে এবিধ ভেষজ, যিয়ে কিডনীৰ পৰা যাৱতীয় ট’ক্সিন উলিয়াই পঠোৱাত সহায় কৰে৷ গিলয়ত থকা এলকাল’য়েড নামৰ এণ্টি অক্সিডেণ্টযুক্ত উপাদানে কিডনী সুস্থ ৰাখে৷ 

⬛ নিতৌ কেঁচা হালধি খালেও কিডনী সুস্থ থাকে৷ হালধিয়ে টাইপ-২  ডায়েবেটিছৰ ক্ষেত্ৰত ভাল কাম কৰে৷ লগতে ইউৰিয়া আৰু ক্ৰিয়েটিনিনৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ 

⬛ আদাই খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে দেহৰ বিভিন্ন সমস্যা নিৰাময় কৰে৷ আদাত থকা এণ্টিইনফ্লেমেটৰী গুণে কিডনী ফুলা ভাব ৰোধ কৰে৷ সেয়ে নিতৌ আদাৰ সৈতে চাহ খোৱাৰ অভ্যাস কৰক৷

⬛ ত্ৰিফলাৰ বিষয়ে প্ৰায়ভাগেই জানে৷পেটৰ যিকোনো সমস্যা আৰু কোষ্ঠ-কাঠিন্যৰ পৰা সকাহ দিয়ে ত্ৰিফলাই৷ ত্ৰিফলায়ো কিডনী সুস্থ ৰখাত সহায় কৰে৷ অৱশ্যে, ত্ৰিফলাৰ সৈতে পৰ্যাপ্ত পানী খাব লাগিব৷ অত্যধিক মছলাযুক্ত খাদ্যই কিডনীৰ ক্ষতি কৰে৷