Logo
image

উচ্ছতম ন্যায়ালয়ে নিষেধ কৰিব পাৰে কৃষক বিদ্ৰোহ

হতাশ কৃষকৰ ৰুদ্ৰমূৰ্তি, মুখ্যমন্ত্ৰীৰ অনুষ্ঠান লণ্ডভণ্ড

আমাৰ অসম, ১১ জানুৱাৰীঃ অতি কৰুণ পৰিণতিৰ দিশে আগবাঢ়িছে যোৱা ৪৬ দিন ধৰি চলি থকা কৃষক আন্দোলন৷ বিতৰ্কিত তিনিখন কৃষক আইন বাতিলৰ দাবীত আন্দোলনৰত কৃষকসকল ক্ৰমাৎ হতাশাগ্ৰস্ত হৈ পৰিছে আৰু ইয়াৰ ফলস্বৰূপে একাংশ আন্দোলনকাৰী হিংসাত্মক কাৰ্যকলাপত জড়িত হৈ পৰিছে৷ হতাশাৰ ফলত আন্দোলনকাৰীৰ আত্মহত্যাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে৷  ইপিনে কেন্দ্ৰীয় চৰকাৰে দেওবাৰে স্পষ্ট ভাষাত শেষবাৰৰ বাবে কৈ দিছে যে, কোনো পৰিস্থিতিতে ইতিমধ্যে প্ৰণয়ন কৰা কৃষক আইন তিনিখন বাতিল কৰা নহয়৷ আইনৰ বাতিলকৰণ বিচাৰিলে আন্দোলনকাৰী উচ্ছতম ন্যায়ালয়ৰ শৰণাপন্ন হ’ব পাৰে৷ আনহাতে উচ্ছতম ন্যায়ালয়ে সোমবাৰে দিল্লীৰ চৌদিশে ৰাজপথ আৰু ৰাজহুৱা স্থান দখল কৰি অৱস্থান গ্ৰহণ কৰি থকা কৃষকসকলক তাৰ পৰা বিতাড়িত কৰাৰ বাবে সৰ্বোচ্ছ আদালতত দাখিল হোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি ৰায়দান কৰিব৷ মুখ্য ন্যায়াধীশ এছ এ ববডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামসুব্ৰমণিয়মৰ  দ্বাৰা গঠিত তিনিজনীয়া বিচাৰপীঠে এই আবেদনৰ শুনানি  গ্ৰহণ কৰিব বুলি উচ্ছতম ন্যায়ালয়ৰ ৱেবছাইটৰ তালিকাভুক্ত হৈছে ঋষভ শৰ্মা নামৰ অজ্ঞাত পৰিচয়ৰ ব্যক্তি এজনে দাখিল কৰা আবেদন৷

দেওবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰে কাৰ্ণল জিলাৰ কাঈছল নামৰ ঠাইত এখন চৰকাৰপন্থী মহাকিষাণ পঞ্চায়তত অংশগ্ৰহণ কৰাৰ কথা আছিল৷ আন্দোলনকাৰী কৃষকৰ এটা বৃহৎ দলে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বাধা ওফৰাই মুখ্যমন্ত্ৰী খাট্টাৰে অবতৰণ কৰিবলগীয়া হেলিপেড আৰু অনুষ্ঠানৰ সম্পূৰ্ণ সভাস্থলী ভাঙি লণ্ড-ভণ্ড কৰে৷ আৰক্ষী আৰু অদ্ধৰ্সামৰিক বাহিনীৰ বৃহৎ দলে বেৰিকেড পাতি আন্দোলনকাৰীক ৰোধ কৰিবলৈ চলোৱা চেষ্টা কৃষকসকলে হেলাৰঙে ওফৰায়৷ স্থানীয় গাঁওবাসীয়েও আন্দোলনকাৰীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হয়৷ কিন্তু উত্তেজিত আন্দোলনকাৰীৰ বৃহৎ দলটোৱে সকলো বাধা ওফৰাই হেলিপেড আৰু সভাস্থলী ভাঙি পেলোৱাত  মুখ্যমন্ত্ৰী খাট্টাৰে অংশগ্ৰহণ কৰিবলগীয়া মহাকৃষক পঞ্চায়তৰ সভাখন বাতিল কৰিবলগীয়া হয়৷ এই সভাত মনোহৰলাল খাট্টাৰে কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰা কৃষক আইন তিনিখনৰ উপকাৰিতাৰ বিষয়ে স্থানীয় কৃষকসকলক বৰ্ণনা কৰাৰ কথা আছিল৷ 

কেন্দ্ৰীয় চৰকাৰে সঁহাৰি নজনোৱাত অতীষ্ঠ আৰু হতাশাগ্ৰস্ত হৈ দেওবাৰে আৰু এজন আন্দোলনকাৰী কৃষকে আত্মহত্যা কৰিছে৷ সিংঘু সীমান্তত আত্মহত্যা কৰা কৃষকজন হৈছে পঞ্জাৱৰ ফটেগড় চাহিবৰ বাসিন্দা ৪০ বছৰীয়া অমৰেন্দ্ৰ সিংহ৷ বিষ পান কৰি আত্মহত্যা কৰাৰ পূৰ্বে তেওঁ কেন্দ্ৰীয় চৰকাৰে আঁকোৰগোজ স্থিতি গ্ৰহণ কৰি থকাৰ প্ৰতিবাদত আত্মহত্যা কৰা বুলি কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ  কৰি ছুইচাইড নোট লিখি থৈ গৈছে৷ চলিত মাহত এয়া হৈছে দ্বিতীয়জন আন্দোলনকাৰীৰ আত্মহত্যা৷ 

আনহাতে উচ্ছতম ন্যায়ালয়ে আন্দোলনকাৰীৰ বিৰুদ্ধে অজ্ঞাতকুলশীল ঋষভ শৰ্মাৰ আবেদনৰ শুনানি ল’বলৈ সিদ্ধান্ত লোৱাৰ লগে লগে উদ্বিগ্ন হৈ পৰিছে যোৱা ২৪ নৱেম্বৰৰ পৰা দিল্লীৰ সীমাত আন্দোলন কৰি থকা কৃষকসকল৷ উল্লেখ্য এই আবেদনত ঋষভ শৰ্মাই আন্দোলনকাৰী কৃষকসকলে অবৈধভাৱে ৰাজহুৱা স্থান আৰু ৰাজপথ দখল কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে৷ আবেদনকাৰীৰ মতে আন্দোলনকাৰীক সেই স্থানৰ পৰা উচ্ছতম ন্যায়ালয়ে উৎখাত কৰাৰ নিৰ্দেশ জাৰি কৰিব লাগে কিয়নো দীৰ্ঘদিন ধৰি ৰাজহুৱা স্থান লাখ লাখ আন্দোলনকাৰীয়ে দখল কৰি থকাৰ ফলত সকলোৱেই অসুবিধাৰ সন্মুখীন হৈছে৷ প্ৰসংগতঃ উল্লেখযোগ্য ‘কা’ৰ বিৰুদ্ধে দিল্লীৰ শ্বাহিনবাগত ১০০ দিনৰো অধিক আন্দোলন চলি আছিল আৰু আন্দোলনকাৰীসকলে এটা ৰাজপথ দখল কৰি বহি আছিল৷ উচ্ছতম ন্যায়ালয়ে অনুৰূপ এক আবেদনৰ প্ৰত্যুত্তৰত আন্দোলনকাৰীক দীৰ্ঘদিন ধৰি ৰাজহুৱা পথ দখল কৰি আন্দোলন কৰাটো অবৈধ বুলি ৰায়দান কৰিছিল৷ এতিয়াও আন্দোলনকাৰী কৃষকৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ে একেধৰণৰ ৰায়দান কৰিলে চৰকাৰে তেওঁলোকক উচ্ছেদ কৰাৰ আশংকা সৃষ্টি হৈছে৷ ইপিনে কঠোৰ মনোভাৱ লৈ কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰীক আইন প্ৰত্যাহাৰৰ বাবে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ প্ৰত্যাহ্বান জনোৱাটো স্বাভাৱিকতে উদ্বেগজনক বিষয় হৈ পৰিছে৷ কিয়নো শেহতীয়াকৈ চৰকাৰ বিৰোধী অধিকসংখ্যক গোচৰত সৰ্বোচ্ছ আদালতে কেন্দ্ৰীয় চৰকাৰক ককৰ্থনা, ভৎৰ্সনা  কৰিলেও অৱশেষত তেনে গোচৰত মোদী চৰকাৰেই জয়লাভ কৰা দেখা গৈছে৷