উক্তি-বক্ৰোক্তি
ব্ৰিটেইনৰ পৰা স্কটলেণ্ডক আঁতৰাই আনি পৃথক স্বাধীন ৰাষ্ট্ৰৰূপে ঘোষণা কৰিবলৈ আমি সংকল্পবদ্ধ৷ এইক্ষেত্ৰত সকলো চেষ্টা অব্যাহত থাকিব৷
– হামজা ইউছুফ
হামজা ইউছুফে কোৱা কথা ভিত্তিহীন৷ কোনো কাৰণত গ্ৰেট ব্ৰিটেইনক দ্বিখণ্ডিত হ’বলৈ দিয়া নহ’ব৷
– ঋষি ছুনক
অৰবিন্দ কেজৰিৱাল কাপুৰুষ৷ তেওঁ দিল্লী বিধানসভাৰ ভিতৰত মোৰ বিৰুদ্ধে কিবাকিবি কৈছে৷ তেওঁৰ যদি সাহস আছে অসমলৈ আহি মোৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দিয়ক৷ মই লগে লগে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিম৷
– হিমন্ত বিশ্ব শৰ্মা
কেজৰিৱাল নাহোঁতেই ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই৷ গুৱাহাটীৰ সভাত কেজৰিৱাল আৰু ভগৱন্ত মানে অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এনে কিছু দুৰ্নীতি উদঙাই দিব, যাক দেখি অসমৰ ৰাইজ স্তম্ভিত হ’ব৷ সলনি হ’ব অসমৰ ৰাজনৈতিক ইতিহাস৷
– আম আদমি পাৰ্টী
জীৱনৰ বিভিন্ন সমস্যা আৰু পৰিস্থিতিৰ মুখামুখি হওঁতে আৰু এই বিষয়ত সিদ্ধান্ত লওঁতে অসম আৰক্ষীৰ প্ৰশিক্ষণে মোক যথেষ্ট সহায় কৰিছে৷ অসম আৰক্ষীক গৌৰৱান্বিত কৰিবলৈ, অসম আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যাম৷ মোৰ সফলতাৰ আঁৰত আছে মোৰ পিতৃ-মাতৃৰ উপৰি অসমৰ ৰাইজ আৰু অসম আৰক্ষী৷
– লাভলীনা বৰগোহাঁই
মোৰ ভৱানীপুৰ সমষ্টিৰ মেধিকুছিলৈ যাব নোৱৰা হৈছোঁ৷ বিধায়ক হিচাপে হিতাধিকাৰীক চেক দিলোঁ, ফটো উঠিলোঁ, ফেচবুকতো দিলোঁ৷ কিন্তু হিতাধিকাৰীৰ একাউণ্টত সোমাল মাত্ৰ এটকা৷
– ফণীধৰ তালুকদাৰ






