অবিশ্বাস্য হাৰত নিবনুৱাৰ বৃদ্ধি দেশৰ বাবে অশনি সংকেত
কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে দুটা পাঁচ বছৰীয়া শাসনকাল পূৰ্ণ কৰিবলৈ এবছৰমানহে বাকী আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰ প্ৰধানমন্ত্ৰী হৈয়ে বছৰি দুই কোটি নিবনুৱাক নিযুক্তি প্ৰদানেৰে নিবনুৱাসকলক সংস্থাপিত কৰা হ’ব বুলি সদম্ভে কৰা ঘোষণা ফুটুকাৰ ফেনস্বৰূপ হ’ল৷ বছৰি দুই কোটি নিবনুৱাক চাকৰি দিয়াটো দূৰৈৰে কথা, অৰ্থনৈতিক মহামন্দা, মুদ্ৰাস্ফীতি আদি বিভিন্ন কাৰণত বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা বহু লোকে উক্ত সময়ছোৱাত কৰি থকা চাকৰিটোও হেৰুৱালে৷ ক’ভিড অতিমাৰীৰ পাছত পৰিস্থিতিৰ অধিক অৱনতি ঘটিল৷ লক্ষ লক্ষ লোক নিবনুৱা হৈ নিজ ঘৰলৈ ঘূৰি আহিল৷ ইয়াৰে কিছুসংখ্যক পৰিস্থিতি ভাল হোৱাৰ পাছত পূৰ্বৰ কৰ্মসংস্থানলৈ ঘূৰি গ’ল যদিও গৰিষ্ঠসংখ্যক লোক নিবনুৱা হৈ থাকিল বা সৰু-সুৰা কামত নিয়োজিত হৈ কোনোমতে জীৱন নিৰ্বাহ কৰি আছে৷ ক’ভিড একপ্ৰকাৰ শাম কাটিলে যদিও নিবনুৱাৰ সংখ্যা অবিশ্বাস্য হাৰত বৃদ্ধি পোৱাটো এতিয়া দেশৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এফালে বিশ্বৰ ৰাজনৈতিক-কূটনৈতিক মহলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে এক শক্তিশালী নেতাৰূপে পৰিচয় অটুট ৰখাত সমৰ্থ হৈছে যদিও তেওঁৰ বাবে চৰম অস্বস্তিকৰ দিশ হিচাপে পৰিগণিত হৈছে বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে নিবনুৱা সৃষ্টিৰ এক বৃহৎ কাৰখানাৰূপে চিহ্নিত হৈছে৷ বৰ্তমান সময়ত ভাৰতৰ নিবনুৱাৰ হাৰ নাইজেৰিয়া, এংগোলা, ইজিপ্ত, হণ্ডুৰাছ, বলিভিয়াৰ ঠিক পাছত৷ আজিৰ দিনত নিবনুৱাৰ সংখ্যাৰ দিশৰ পৰা ভাৰতৰ অৱস্থা শ্ৰীলংকা, বাংলাদেশ, কেনিয়া, ঘানা, পাকিস্তানতকৈও শোচনীয়৷ আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আদি বৃহৎ বৃহৎ বহু আঁচনি, প্ৰকল্পৰ পাছতো দেশখনত নিবনুৱাৰ সংখ্যা হ্ৰাস নোপোৱাটো লক্ষণীয়৷ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা বিগত বৰ্ষৰ সময়ছোৱাত নিবনুৱাৰ সংখ্যা সৰ্বনিম্ন ৭.১৪ শতাংশৰ বিপৰীতে সৰ্বোচ্ছ ৮.৩০ শতাংশ হৈছে৷ ২০২৩ চনৰ ফেব্ৰুৱাৰীত নিবনুৱাৰ সংখ্যা ৭.৪৫ শতাংশ৷ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত হাৰিয়ানা, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, হিমাচল, অসম, দিল্লী আদি ৰাজ্যসমূহত ২০২৩ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশিত চিএমআই-ইৰ তথ্যমতে নিবনুৱাৰ সংখ্যা সৰ্বাধিক৷ এই ক্ষেত্ৰত ছত্তীশগড়, মধ্যপ্ৰদেশ, উৰিষ্যা, তামিলনাডু, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আদি ৰাজ্যৰ পৰিস্থিতি বহু সন্তোষজনক৷ উল্লেখ্য সামগ্ৰিকভাৱে দেশখনৰ বাবে অতি প্ৰত্যাহ্বানজনক বিষয় হৈছে যে দেশৰ বহু ৰাজ্যত শিক্ষিত নিবনুৱাৰ সংখ্যা অভূতপূৰ্ব হাৰত বৃদ্ধি পাইছে৷ স্নাতক, স্নাতকোত্তৰ, কাৰিকৰী বিষয়ত আভিযান্ত্ৰিক ডিগ্ৰীধাৰী, কৃষি স্নাতক-স্নাতকোত্তৰ, এমবিএ, ডিগ্ৰীধাৰী লক্ষ লক্ষ নিবনুৱা লোকে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছে৷ দেশৰ অধিকাংশ ৰাজ্যতে চতুৰ্থবৰ্গৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত উচ্ছ শিক্ষিত লোক অৱতীৰ্ণ হোৱাটো অতি সাধাৰণ কথাত পৰিণত হৈছে৷ বিশ্বৰ ভিতৰতে সৰ্বাধিক নৱ-প্ৰজন্মৰ লোকে বাস কৰা ভাৰতত অবিশ্বাস্য হাৰত নিবনুৱাৰ বৃদ্ধিয়ে দেশৰ শাসনকৰ্তাসকলে দেখা সপোন ‘বিশ্বগুৰু’ক কিমানদূৰ সফলকাম কৰিব সেয়া এতিয়া এক চৰ্চিত বিষয়৷ অসমৰ দৰে এখন সৰু ৰাজ্যত চাকৰিপ্ৰাৰ্থী শিক্ষিত নিবনুৱাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাইছে৷ ২০২০ চনত অসমত চাকৰিপ্ৰাৰ্থী নিবনুৱাৰ সংখ্যা প্ৰায় চাৰে সোতৰ লাখৰ পৰা ২০২১ চনত বৃদ্ধি পাইছে ২১ লাখলৈ৷ ৰাজ্য চৰকাৰৰ তথ্যমতে এই মুহূৰ্তত অসমত পঞ্জীয়নভুক্ত শিক্ষিত নিবনুৱাৰ সংখ্যা ১৮ লাখৰো অধিক৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত যিমানেই নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে সেই অনুপাতে বিভিন্ন স্থানত আৰ্থ-সামাজিক সমস্যাসমূহ দ্ৰুতগতিত বৃদ্ধি পাইছে৷ হত্যা, লুণ্ঠন, অপহৰণ, ড্ৰাগ-মদ-ভাঙৰ মুকলি বেহা, ডকাইতি, ধৰ্ষণ, বেশ্যাবৃত্তি আদিত এচাম শিক্ষিত লোক জড়িত হৈ পৰাটো সমগ্ৰ দেশৰ বাবে এক অশুভ বাৰ্তা৷ তাৎপৰ্যপূৰ্ণভাৱে বহু ডিগ্ৰী লাভ কৰিও একো ৰোজগাৰ লাভ কৰিব নোৱাৰা নৱ-প্ৰজন্মৰ মাজত হতাশা, মানসিকতাৰ অৱক্ষয় পূৰ্ণৰূপত প্ৰতিফলিত হৈছে৷ কেন্দ্ৰ চৰকাৰৰ লগতে বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহে নিবনুৱাসকলক উৎপাদনশীল কৰ্মৰ লগত জড়িত কৰাৰ লগতে বজাৰৰ সুস্থিৰতা, মূল্যবৃদ্ধি-মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰাটো যুগুত আছিল যদিও তাৰ পৰিৱৰ্তে মুষ্টিমেয় পুঁজিপতি শ্ৰেণীৰ লোকৰ প্ৰতিহে অধিক দৰদ প্ৰদৰ্শন কৰিছে৷ সম্প্ৰতি সমগ্ৰ দেশত এতিয়া ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল আদি নেতাসকলে এনে পৰিস্থিতিৰ সুযোগ লৈ বিজেপি হতাও এক অভিযান আৰম্ভ কৰিছে৷ ৰাজনীতিৰ উত্থান-পতন হোৱাটো এক অৱধাৰিত প্ৰক্ৰিয়া৷ এটা দলৰ নেতৃত্বত শাসন চলাৰ পাছত আন এটা দলৰ নেতৃত্বত বা যৌথ উদ্যোগত চৰকাৰ গঠন হ’ব৷ কিন্তু কোটি কোটি নতুন প্ৰজন্ম নিবনুৱা হৈ থাকিলে কোনো চৰকাৰেই শান্তিৰে শাসন চলাব নোৱাৰে সেয়া নিশ্চিত৷






