Logo
image

আই পি এলৰ মানচিত্ৰত গুৱাহাটী

বিশ্বত বৰ্তমান যিমানবোৰ ফ্ৰেঞ্চাইজী টুৱেণ্টী২০ ক্ৰিকেট অনুষ্ঠিত হয়, তাৰ ভিতৰত সবাতোকৈ জনপ্ৰিয় আৰু চহকী লীগখনেই হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]৷ ইতিমধ্যে পোন্ধৰটা ছীজন সম্পূৰ্ণ কৰা টুৰ্নামেণ্টখন আয়োজন কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] প্ৰচুৰ ৰাজহ আদায় কৰে৷  আনহাতে, টুৰ্নামেণ্টখনে বহুতো ক্ৰিকেটাৰক নিজৰ দক্ষতাৰ প্ৰমাণ দিয়াৰ  লগতে ধন ঘটাৰো সুযোগ দিছে৷ এইফালৰ পৰা আই পি এলে ভাৰতীয় ক্ৰিকেটত ইতিবাচক প্ৰভাৱ পেলোৱা বুলি ক’ব লাগিব৷  ৩১ মাৰ্চৰ পৰা আৰম্ভ হোৱা আই পি এলৰ ষষ্ঠদশ ছীজনৰ খেল আয়োজনৰ বাবে নিৰ্বাচন কৰা ১২খন চহৰৰ মাজত নতুনকৈ স্থান পাইছে গুৱাহাটীয়ে৷ আই পি এলত উত্তৰ-পূৰ্বাঞ্চলৰ ফ্ৰেঞ্চাইজী নাথাকিলেও এইবাৰ গুৱাহাটীয়ে টুৰ্নামেণ্টখনৰ দুখন খেল আয়োজন কৰাৰ সুযোগ পাইছে৷ এয়া সম্ভৱ হৈছে অসম ক্ৰিকেট সন্থা আৰু ৰাজস্থান ৰয়েলছৰ মাজত হোৱা বুজাবুজিৰ বাবে৷ ৰাজস্থান ৰয়েলছে গুৱাহাটীক দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰিছে আৰু দলটোৱে গুৱাহাটীত ৫ এপ্ৰিলত পঞ্জাব কিংছ আৰু ৮ এপ্ৰিলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব৷ অসম ক্ৰিকেট সন্থাই কেইবাবছৰ পূৰ্বেই গুৱাহাটীত আই পি এলৰ খেল আয়োজন কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল৷ কিন্তু টুৰ্নামেণ্টখনত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কোনো প্ৰতিদ্বন্দ্বী দল নথকাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ অসমৰ ক্ৰিকেটপ্ৰেমীক আই পি এলৰ খেল চোৱাৰ সুযোগ দিয়াৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই সহায় বিচাৰিছিল ৰাজস্থান ৰয়েলছৰ৷ গুৱাহাটীক দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে বিবেচনা কৰিবলৈ ৰাজস্থান ৰয়েলছক প্ৰস্তাৱ দিছিল অসম ক্ৰিকেট সন্থাই আৰু এই প্ৰস্তাৱৰ প্ৰতি ইতিবাচক সঁহাৰি দিছিল ফ্ৰেঞ্জাইজীটোৱে৷ কেৱল গুৱাহাটীত আই পি এলৰ খেল অনুষ্ঠিত কৰাই নহয়, ৰাজস্থান ৰয়েলছে অসম ক্ৰিকেট সন্থাক বিভিন্ন প্ৰকাৰে সহায় কৰিব৷ ফলত পৰৱৰ্তী সময়ত অসমৰ ক্ৰিকেট আৰু ক্ৰিকেটাৰ লাভৱান হ’ববুলি আশা কৰিব পাৰি৷

অসম ক্ৰিকেট সন্থা আৰু ৰাজস্থান ৰয়েলছৰ মাজত হোৱা বুজাবুজিৰ চুক্তি অনুসৰি ২০২০ চনতে গুৱাহাটীত দুখন আই পি এলৰ খেল অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ভিডকালীন পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ এইবাৰ অসম ক্ৰিকেট সন্থাই পাইছে সেই সুযোগ৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে ভাৰতত বৰ্তমান সকলো অত্যাধুনিক সা-সুবিধা থকা যিকেইখন ক্ৰিকেট ষ্টেডিয়াম আছে, তাৰ মাজত অন্যতম হৈছে বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন৷ এই ষ্টেডিয়ামখনত এতিয়ালৈকে হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় খেলকেইখনত কেতবোৰ বিসংগতি দেখা গ’লেও ক্ৰিকেটাৰৰ লগতে বি চি চি আইৰ বিষয়ববীয়ায়ো আন্তঃগাঁথনিৰ প্ৰশংসা কৰিছে৷ হয়তো সেইবাবেই চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰত ভাৰতত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপ ক্ৰিকেটৰ এখন খেল গুৱাহাটীত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিটো অসমৰ ক্ৰিকেটৰ বাবে আন এটা উৎসাহৰ বিষয়৷ প্ৰশ্ন উঠিব পাৰে যে অসমত আই পি এল অথবা বিশ্বকাপৰ খেল অনুষ্ঠিত কৰাৰ ফলত ৰাজ্যখনৰ ক্ৰিকেট আৰু ক্ৰিকেটাৰ কেনেদৰে উপকৃত হ’ব? ইয়াৰ উত্তৰত ক’ব পাৰি যে আই পি এলৰ ফ্ৰেঞ্চাইজী ৰাজস্থান ৰয়েলছে গুৱাহাটীক দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে লোৱাৰ পাছত ভৱিষ্যতলৈ তেওঁলোকে অসমৰ অধিক ক্ৰিকেটাৰক দলটোত সুযোগ দিয়াৰ সম্ভাৱনা আছে৷ অসমৰ ৰিয়ান পৰাগে ইতিমধ্যে দলটোৰ হৈ খেলি আছে৷ আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে অসমৰে ৰঞ্জিৎ বৰঠাকুৰ আছে ৰাজস্থান ৰয়েলছৰ শীৰ্ষ পদবীত৷ ৰিয়ান পৰাগৰ পূৰ্বে অসমৰ আবু নেছিম আহমেদেও আই পি এলত খেলাৰ সুযোগ পাইছিল৷ আনহাতে, প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলা প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ দলত আছিল অসমৰ জিণ্টিমণি কলিতা৷ আবু নেছিম, ৰিয়ান পৰাগ আৰু জিণ্টিমণিহঁতক দেখি অসমৰ বহুতো উঠি অহা ক্ৰিকেটাৰে হয়তো এতিয়া আই পি এলত খেলাৰ সপোন দেখিব৷ কিয়নো আই পি এলত দেখুওৱা প্ৰদৰ্শনৰ সূত্ৰে কেইবাজনো ক্ৰিকেটাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ বাট মুকলি হৈছে৷ অৱশ্যে আই পি এলত খেলাৰ সুযোগ পাবলৈ হ’লে ক্ৰিকেটাৰসকলে ৰাজ্যিক দলত খেলি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিব লাগিব৷ ৫ আৰু ৮ এপ্ৰিলত হ’বলগীয়া আই পি এলৰ খেল দুখন আয়োজন কৰাটো গুৱাহাটীৰ বাবে হ’ব এক পৰীক্ষা৷ এই পৰীক্ষাত উত্তীৰ্ণ হোৱা মানে গুৱাহাটীয়ে অধিক খেল আয়োজনৰ সুযোগ পাব আৰু এইদৰেই দেশৰ ক্ৰিকেটত এক বিশেষ স্থান পাব গুৱাহাটীয়ে৷