Logo
image

মাৰ্কিন ৰাষ্ট্ৰপতিৰ উপদেষ্টা পদত যোগদান কৰিব অসমৰ ড॰ ৰূপম শৰ্মাই!

আমাৰ অসম, ৪ এপ্ৰিলঃ আমেৰিকা নিবাসী অসমৰ এজন সু-সন্তান ড॰ ৰূপম শৰ্মাই অচিৰেই মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনত উপদেষ্টা হিচাপে যোগদান কৰিব৷ সম্প্ৰতি আমেৰিকাৰ কেলিফৰ্ণিয়া চৰকাৰৰ ‘চিফ টেকন’লজি অফিচাৰ’ অৰ্থাৎ মুখ্য প্ৰযুক্তি বিষয়া হিচাপে কৰ্মৰত, মূলতঃ পেছাগতভাৱে অভিযন্তা ৰূপম শৰ্মাৰ যোগদান ৰঙালী বিহুৰ ঠিক পূৰ্বে অহা ১০ এপ্ৰিলত নিশ্চিত হ’ব৷ স্বাভাৱিকতে ব’হাগ বিহুৰ প্ৰাক্‌ক্ষণত এই খবৰে অসমবাসীক উৎফুল্লিত কৰি তুলিছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, এই পৰ্যন্ত বাইডেন প্ৰশাসন অথবা ৰূপম শৰ্মাৰ পক্ষৰ পৰা এই খবৰ নিশ্চিত কৰা হোৱা নাই৷ কিন্তু একাধিক অসমৰ্থিত সূত্ৰই এই খবৰটো নিশ্চিত বুলি দাবী কৰিছে৷ যোৰহাটত জন্মগ্ৰহণ কৰা আৰু যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰিকেলত বি ই ডিগ্ৰী লাভ কৰা ৰূপম শৰ্মাৰ সহপাঠীৰ এটা গোটে  এই খবৰটো ৰাজহুৱা কৰিছে আৰু তেওঁলাকে এই তথ্য নিৰ্ভৰযোগ্য বুলি দাবী কৰিছে৷ এই সন্দৰ্ভত ৰূপম শৰ্মাৰ ভাতৃ নয়নজ্যোতি শৰ্মাৰ সৈতে যোগাযোগ কৰাত তেওঁ সম্পূৰ্ণ বিষয়টো এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব পৰাৰ সময় হোৱা নাই বুলি জনালে৷ তেওঁ জনোৱা অনুসৰি ভাতৃ ৰূপমৰ সম্ভাব্য নতুন গুৰুদায়িত্ব সন্দৰ্ভত আনুষ্ঠানিকভাৱে যিবোৰ খবৰ প্ৰচাৰ হৈ আছে সেয়া পূৰ্ণ শতাংশ শুদ্ধ নহয়৷ কিন্তু তেওঁ এই খবৰৰ সত্যতা থকা বুলি অথবা আংশিক শুদ্ধ বুলি স্বীকাৰ কৰে৷ নয়নজ্যোতি শৰ্মাই কোৱা অনুসৰি ঘাইকৈ গোপনীয়তা আৰু সুৰক্ষাৰ  বাবেই এতিয়াই এই খবৰটো আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পৰা হোৱা নাই৷ স্বয়ং ৰূপম শৰ্মাৰ অনুমতি সাপেক্ষে অহা ১০ এপ্ৰিলতহে তেওঁ এই সন্দৰ্ভত আনুষ্ঠানিক বক্তব্য দাঙি ধৰিব৷ 

জো বাইডেন প্ৰশাসন আৰু ৰূপম শৰ্মাৰ পৰিয়ালে এতিয়াও অসম সন্তানজনৰ এই কৃতিত্ব আৰু অভাৱনীয় সাফল্য সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও অসমৰ সু-সন্তানজনৰ বিষয়ে আংশিকভাৱে প্ৰকাশিত খবৰ লাভ কৰিয়েই অসমবাসীয়ে গৌৰৱবোধ কৰিছে৷ কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইতিপূৰ্বে বহুকেইজন প্ৰবাসী ভাৰতীয়ক বা ইণ্ডিয়ান-আমেৰিকানক প্ৰত্যক্ষভাৱে তেওঁৰ আৰু নিজৰ প্ৰশাসনত বিভিন্ন বিভাগত উপদেষ্টা হিচাপে নিযুক্তি দিছে৷ শেহতীয়াকৈ যোৱা ১১ মাৰ্চত ‘ফেক্স’ৰ চিইঅ’ হিচাপে কৰ্মৰত ভাৰতীয়-মাৰ্কিন ৰেৱতী আদবৈথী আৰু ‘নেশ্বনেল ৰিচ’ৰ্ছ ডিফেন্স কাউন্সিল’ৰ চিইঅ’ মনীষ বাপনাক মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ বাণিজ্যিক নীতি আৰু আলোচনা বিভাগৰ উপদেষ্টাৰূপে নিযুক্তি প্ৰদান কৰা হৈছে৷ ইয়াৰ পূৰ্বে শীৰ্ষ স্থানীয় ভাৰতীয় বংশোদ্ভৱ বিজ্ঞানী ড॰ আৰতি প্ৰভাকৰক মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ শীৰ্ষ বৈজ্ঞানিক উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল৷ তাৰো পূৰ্বে ভাৰতীয়-মাৰ্কিন মনু আস্থানা আৰু মধু বেৰিৱালক মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি বিভাগৰ উপদেষ্টা হিচাপে নিয়োগ কৰা হৈছিল৷

অসমৰ্থিত সূত্ৰই দাবী কৰা অনুসৰি অসম সন্তান ৰূপম শৰ্মাই মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ তথ্য-প্ৰযুক্তি, মানৱ সম্পদ-স্বাস্থ্য আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিভাগত উপদেষ্টা হিচাপে নিয়োগ লাভ কৰিব৷ স্বাভাৱিকতে অসমৰ বাবে  আৰু বিশেষকৈ যোৰহাটৰ বাবে এয়া অতিশয় গৌৰৱৰ বিষয়৷ ১৯৯১ চনত আমেৰিকালৈ যোৱা যোৰহাটৰ ৰূপম শৰ্মাই আমেৰিকাত বিগত সময়ছোৱাত বহুকেইটা আগশাৰীৰ কোম্পানীৰ শীৰ্ষ পদত চাকৰি কৰাৰ উপৰি চৰকাৰী বিভাগৰো দায়িত্ব পালন কৰি আহিছে৷ সেয়ে ২৫ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ৰূপম শৰ্মাক যোৱা নৱেম্বৰত কেলিফ’ৰ্ণিয়া চৰকাৰে স্বাস্থ্যসেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু গৱেষণাৰ প্ৰযুক্তি তথা উদ্ভাৱনৰ ক্ষেত্ৰখনক নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্য প্ৰযুক্তি বিষয়া হিচাপে নিযুক্তি দিছিল৷ যোৰহাট আৰু গোলাঘাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰাক্‌স্নাতক শিক্ষা গ্ৰহণৰ পাছত তেওঁ যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰিকেলৰ বি ই ডিগ্ৰী লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি লাভ কৰে৷ তেওঁ মেনেজমেণ্টৰ স্নাতকোত্তৰ, কম্পিউটাৰ ছায়েন্সৰ স্নাতকোত্তৰ ডিগ্ৰীও মাৰ্কিন শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰে৷ 

যোৰহাটৰ সন্তান ৰূপম শৰ্মা  প্ৰকৃততে বহুমুখী প্ৰতিভাসম্পন্ন৷ আমেৰিকাত তেওঁ আলী আকবৰখানৰ ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিক্ষাগ্ৰহণ কৰে৷ ইয়াৰ জৰিয়তে তেওঁ গ্ৰেমীৰ এজন সদস্য হিচাপে নিৰ্বাচিত হয়৷ সংগীতৰ ক্ষেত্ৰখনত ৰূপম শৰ্মাৰ অগাধ দখল আছে৷ সেইকথা তেওঁ প্ৰতিপন্ন কৰিছে গিনীজ অভিলেখ প্ৰতিষ্ঠা কৰি৷ ৰূপম শৰ্মাই বিশ্ব শান্তিৰ হকে ৩১৫ বিধ পৃথক বাদ্যযন্ত্ৰৰ জৰিয়তে ৫০০ গৰাকী শিল্পীৰ দ্বাৰা এক সংগীতৰ ‘ছিম্ফনী’ সৃষ্টি কৰি গিনীজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত স্থান লাভ কৰিছিল৷ ইতিমধ্যে তেওঁ ‘ইন চাৰ্ছ অৱ গড’ নামৰ এখন ছবিও পৰিচালনা কৰিছে৷ তেওঁ নিৰ্মাণ কৰা ছবি আৰু তথ্যচিত্ৰৰে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে৷ নিজে নিৰ্মাণ কৰা ছবি ‘ইন চাৰ্ছ অৱ গড’ৰ সংগীতৰ বাবে ৰূপম শৰ্মাই মৌলিক সংগীতৰ অস্কাৰৰ মনোনয়ন লাভ কৰিছিল৷ ৰূপম শৰ্মাই ‘ৱান লিটল ফিংগাৰ’ নামৰ এটা অলাভদায়ক সংগঠন প্ৰতিষ্ঠা কৰি বিশ্বজুৰি শাৰীৰিকভাৱে অক্ষম আৰু পিছপৰা শ্ৰেণীৰ শিশুৰ শিক্ষা, গৱেষণা আৰু শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সহায় কৰি আহিছে৷