Logo
image

ৰাজীৱ ভৱনত স্পাই-স্পাই খেল

আমাৰ অসম, ৪ এপ্ৰিলঃ যি সময়ত শাসকীয় দল বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ অভিযানত নামি পৰিছে সেই সময়ত ৰাজীৱ ভৱনত দলৰ মাজতে ইজনে সিজনক সন্দেহৰ দৃষ্টিৰে চাইছে৷ নিজৰ দলৰে বিধায়কৰ বিৰুদ্ধে দলীয় নেতাই উত্থাপন কৰিছে চোৰাংচোৱাৰ অভিযোগ৷ বকো সমষ্টিৰ বিধায়ক নন্দিতা দাসে দেওবাৰে ৰাজীৱ ভৱনত দলৰ সম্পাদক পৃথ্বিৰাজ সাথেৰ ভাষণ নিজৰ মোবাইল ফোনত ৰেকডিং কৰাৰ দৃশ্য ৰাজহুৱা হোৱাৰ পাছতে কংগ্ৰেছ দলৰে একাংশ নেতাই বিধায়কগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুপ্তচৰৰ অভিযোগ৷ আনকি কেবল অভিযোগ  উত্থাপনতে ক্ষান্ত নাথাকি ইতিমধ্যে দলৰ হাইকামাণ্ডকো নন্দিতা দাসৰ বিৰুদ্ধে লিখিত অভিযোগ দিয়া হয় প্ৰদেশ কংগ্ৰেছৰ পৰা৷ এই অভিযোগ পত্ৰৰ লগতে নন্দীতা দাসে বৈঠকৰ সময়ত সাথেৰ ভাষণ নিজৰ মোবাইল ফোনত ৰেকডিং কৰি থকাৰ আলোকচিত্ৰও দাখিল কৰা হয়৷ এতিয়া প্ৰশ্ন হ’ল বিধায়কগৰাকীয়ে সাথেৰ ভাষণ ৰেকডিং কৰি থকাৰ আলোকচিত্ৰ কোনে কিদৰে সংগ্ৰহ কৰিলে? কোনে এই আলোকচিত্ৰ ৰাজহুৱা কৰিলে? নিশ্চয় এই কাৰ্য সেই সময়ত সাথেৰ সভাত উপস্থিত থকা দলৰ কোনোবা নেতাই সংঘটিত কৰিছে৷ সভাৰ বাহিৰৰ মানুহে এই আলোকচিত্ৰ সংগ্ৰহ কৰাটো সম্ভব নহয়৷ তেন্তে দলৰ আভ্যন্তৰত চলি থকা সংঘাট আৰু অন্তঃকণ্ডলৰ বলী হ’ল নেকি বিধায়ক নন্দিতা দাস৷ বিধায়কগৰাকীৰ বিৰুদ্ধে যদি গুপ্তচৰৰ অভিযোগ উত্থাপন হৈছে তেন্তে প্ৰথমে দলীয় মঞ্চত বা অনুশাসন কমিটীয়ে বিষয়টো আলোচনা হ’ব লাগিছিলে৷ কিন্তু তাকে নকৰি বিধায়কগৰাকীৰ বিৰুদ্ধে সংগ্ৰহ কৰা আলোকচিত্ৰ ৰাজহুৱা কৰি দিয়া হয়৷ আনহাতে এই ঘটনা সন্দৰ্ভত বিধায়ক দাসে কয়–পৃথ্বিৰাজ সাথে ৰাহুল গান্ধীৰ সৈতে ঘটা ঘটনা তথ্য সহকাৰে নিজৰ ভাষণত উল্লেখ কৰিছিল৷ এই কথাবিলাক মনত ৰাখি নিজৰ বুথত প্ৰচাৰৰ কাৰণে কৈছিল৷ মই ব্যক্তিগতভাৱে সেই কথাখিনিৰ অডিঅ’ ৰেকৰ্ডিং কৰিছিলো৷ ভূপেন বৰাকো কথাখিনি জনাইছো৷ মই কামটো লুকাই চুৰকৈ কৰা নাই৷ সন্মুখত বহিহে ৰেকৰ্ডিং কৰিছো৷ আনহাতে কংগ্ৰেছ বিধায়নী দলৰ দলপতি দেবব্ৰত শইকীয়াই নন্দিতা দাসৰ পক্ষত থিয় দি কয়–কংগ্ৰেছৰ কিছু লোকে নন্দিতা দাসৰ বিষয়টো হাইকমাণ্ডক অবগত কৰিছে৷ হাইকমাণ্ডে নন্দিতা দাসক জবাবদীহি কৰিবলৈ ভূপেন বৰাক নিৰ্দেশ দিছে৷ কিন্তু তেখেতক যিদৰে গুপ্তচৰ বুলি কোৱা হৈছে মই এই কথাটো মানি ল’বলৈ টান পাইছো৷ কাৰণ তেখেতে মুকলিকৈ ৰেকৰ্ডিং কৰি আছিল৷ নিজৰ ভিতৰতে যদি বেছিকৈ সন্দেহ কৰা হয় তেন্তে অসুবিধাহে হ’ব৷ কংগ্ৰেছৰ কেইজনমান বিধায়কৰ কাৰণে দলৰ গোটেই বিধায়কসকলক টাৰ্গেট কৰি লোৱা হৈছে যিটো ভাল লক্ষণ নহয়৷ নন্দিতা দাসে ৰেকৰ্ডিংহে কৰিছিল৷ লাইভ কৰা নাছিল৷ কালিৰ মিটিংখনৰ মোবাইল ৰেকৰ্ডিং কৰিব নালাগে বুলি নীতি-নিৰ্দেশনা দিয়া আছিল বুলি মই নাজানো৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই দাবী কৰি কয় যে বিধায়ক নন্দিতা দাসে শুদ্ধ মানসিকতাৰে সাথেৰ কথাখিনি অডিঅ’ ৰেকৰ্ডিং কৰিছিল৷ লক্ষণীয়ভাবে নন্দিতা দাসক কেন্দ্ৰ কৰি দুভাগত বিভক্ত হৈছে কংগ্ৰেছ দল৷ কংগ্ৰেছ বিধায়নী দলে নন্দিতা দাসৰ সপক্ষে স্থিতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰাজীব ভবনে গ্ৰহণ কৰিছে নন্দিতা দাস বিৰোধী স্থিতি৷

এতিয়া সকলো বিভাগৰ মন্ত্ৰী এজনেইঃ ৰকিবুল

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘মুখ্যমন্ত্ৰীয়ে ছাঁটোকে বাঘটো দেখিছে৷ তেওঁ এতিয়া ভয়ত ত্ৰস্তমান৷ কোনে বা তেওঁৰ সম্পৰ্কত কি কথা কয়৷’ আজি নগাঁৱত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷ প্ৰাক্তন মন্ত্ৰী হুছেইনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালক প্ৰসংগত কয়– মই আন কথা সমৰ্থন কৰোঁনে নকৰোঁ পাছৰ কথা, কিন্তু তেওঁ কোৱা অসমীয়া জাতি অতিথিপৰায়ণ সেই কথা সমৰ্থন কৰোঁ৷ তেওঁ কয় যে-ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছত দেশত যি এক পৰিৱেশৰ সৃষ্টি হৈছে, সকলোৱে ভাবিছে কংগ্ৰেছ শাসনলৈ আহিবই নেকি৷ সেয়ে সাংবাদিকসকলেও কংগ্ৰেছৰ কথা সোধে৷ অথচ শাসকীয় দলৰ কথা নোসোধে৷ শাসকীয় দলটোৰ সকলো বিভাগৰ নেতৃত্বত যে এজনেই মন্ত্ৰী সেই কথা নোসোধে৷ সাংবাদিকসকলক আহ্বান জনায় তেওঁ কয়- ভাৰতবৰ্ষত যিদৰে ৰাইজৰ টেটু চেপা দিছে সেই বিষয়ে আপোনালোকে প্ৰশ্ন কৰিব লাগে৷ জীৱনদায়িনী ঔষধৰ দাম বঢ়াই দিয়াৰ প্ৰসংগত, টোল টেক্স দিয়াৰ প্ৰসংগত প্ৰশ্ন কৰিব লাগিছিল৷ বিদু্যৎ মাচুল বৃদ্ধিৰ সম্পৰ্কত আমাক কোনে সুধিব, আমি ক’ত ক’ম?