Logo
image

ৰঙা চীনৰ আগ্ৰাসনঃ অৰুণাচল প্ৰদেশৰ ১১ টা স্থানক নতুন নামেৰে নামাকৰণ

ডিজিটেল ডেস্কঃ দেশত বিজেপি শাসিত ৰাজ্যসমূহত চৰকাৰে বিভিন্ন স্থানৰ নতুন নামাকৰণ কৰাত ব্যস্ত থকাৰ সময়তে চুবুৰীয়া দেশ ৰঙা চীনে অৰুণাচল প্ৰদেশৰ বহুকেইটা স্থানক নতুন নামাকৰণ কৰিলে৷ অৰুণাচল প্ৰদেশৰ মুঠ ১১ টা স্থানক নতুন নামেৰে নামাকৰণ কৰি মানচিত্ৰসহ তালিকা প্ৰকাশ কৰিলে চীনে৷

উল্লেখ্য যে অৰুণাচল প্ৰদেশক নিজৰ দেশৰ অংশ হিচাপে দাবী কৰাটো চীনৰ বাবে এয়া প্ৰথম নহয়৷ ১ এপ্ৰিলত চীনৰ অসামৰিক পৰিক্ৰমা মন্ত্ৰালয়ে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ 'নাম সলনি' কৰি 'জাংনান' বা 'দক্ষিণ তিব্বত' বুলি অভিহিত কৰিছে৷ চীনে প্ৰকাশ কৰা নতুন তালিকাত অৰুণাচল প্ৰদেশৰ পাঁচটা পৰ্বত শৃংগ, দুটা ভূমিক্ষেত্ৰ, দুটা আৱাসিক অঞ্চল আৰু দুখন নদী অন্তৰ্ভুক্ত আছে। ইয়াৰ পূৰ্বে চীনে ২০১৮ আৰু ২০২১ চনত একে ধৰণৰ তালিকা প্ৰকাশ কৰিছিল। 

চীনৰ এনে কাণ্ডৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে৷ ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশক দেশৰ অবিচ্ছেদ্য অংশ হিচাপে ঘোষণা কৰি চীনৰ এই পদক্ষেপক প্ৰত্যাখ্যান কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে চীনে এনে ধৰণৰ প্ৰয়াস কৰাটো প্ৰথমবাৰৰ বাবে নহয়। আমি ইয়াক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছোঁ। অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য, অপৰিহাৰ্য অংশ। লগতে তেওঁ কয় যে নতুনকৈ ঠাইৰ নামাকৰণেৰে বাস্তৱতাক সলনি কৰিব নোৱাৰে। 

গ্লোবেল টাইমছৰ প্ৰতিবেদন অনুসৰি, চীনে যি ঠাইসমূহৰ নাম বা 'স্বীকৃতি' সলনি কৰিছে সেই ঠাইসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ এটা অঞ্চল। ইফালে চীনৰ এই কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰিছে কংগ্ৰেছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চুবুৰীয়া দেশখনক 'ক্লীন শ্বিট' দিয়াৰ লগতে চীনা কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে এটা টুইটযোগে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে যে চীনে ২০০০ বৰ্গ কিলোমিটাৰ ভূমি কাঢ়ি লৈছে, ঠাইসমূহৰ নাম সলনি কৰিছে - প্ৰধানমন্ত্ৰী নীৰৱ, ইয়াৰ কোনো উত্তৰ নাই! প্ৰধানমন্ত্ৰীৰ ইমান ভয় কিয়?"