Logo
image

চিন্তাৰ কাৰণ হৈ পৰিছে কম বয়সীয়া হৃদৰোগীৰ সংখ্যা

ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬৫ শতাংশ হৈছে যুৱক-যুৱতী৷ অৰ্থাৎ ৩৫ বছৰৰ অনূধবৰ্ৰ৷ সকলাৱে জানে যে সংস্থাপনহীনতা ভাৰতৰ যুৱসমাজৰ বাবে হৈ পৰিছে এটা ডাঙৰ সমস্যা৷ এই সমস্যাটোৰ লগতে আন এটা সমস্যাই শেহতীয়াভাৱে চিন্তাৰ উদ্ৰেক ঘটাইছে৷ সমস্যাটো হৈছে যে কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীৰ মাজত হৃদদৰোগৰ সমস্যা বৃদ্ধি৷ কেইবছৰমান আগলৈকে সৰ্বসাধাৰণৰ ধাৰণা আছিল যে ৪০ বছৰৰ ঊধবৰ্ৰ লোকসকলহে সাধাৰণতে হৃদৰোগৰ চিকাৰ হয়৷ কিন্তু শেহতীয়াকৈ  ১৮ বছৰীয়া কিশোৰ-কিশোৰীও হৃদৰোগত আক্ৰান্ত হোৱা দেখা গৈছে৷ ক’ভিড অতিমাৰীৰ পাছত ভাৰতত হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷ যুৱক-যুৱতীয়েই হওক অথবা বয়সস্থ লোক, বিগত কেইমাহমানৰ পৰা ভাৰতত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যিটো নিঃসন্দেহে বিশেষজ্ঞসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বহুতৰ ক্ষেত্ৰত দেখা নাযায় কোনো লক্ষণ৷ ভাৰতত হৃদৰোগীৰ সংখ্যাধিক্যক লৈ চলোৱা এটা গৱেষণাৰ প্ৰতিবেদন অনুসৰি বায়ু প্ৰদূষণ হৃদৰোগৰ অন্যতম কাৰণ হ’ব পাৰে৷ বিগত কেইবা বছৰৰ পৰা ভাৰতৰ বহুকেইখন ৰাজ্যত বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰিছে আৰু চিকিৎসা বিশেষজ্ঞসকলৰ ধাৰণা দেশখনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিত এই বায়ু প্ৰদূষণেই অৰিহণা যোগাইছে৷ বিশেষজ্ঞৰ মতে, যেতিয়া কোনো এজন লোকে দূষিত পদাৰ্থমিশ্ৰিত প্ৰদূষিত বায়ু সেৱন কৰে, তেতিয়া বায়ুমণ্ডলত মিহলি হৈ থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ বিষাক্ত কণা হাঁওফাঁওৰ মাধ্যমেৰে তেজত মিহলি হোৱাৰ লগতে হৃদপিণ্ডত জমা হ’ব পাৰে৷ এনেদৰে এজন মানুহ হৃদৰোগত আক্ৰান্ত হ’ব পাৰে৷ বায়ুমণ্ডলত মিহলি হৈ থকা প্ৰদূষণ সৃষ্টিকাৰী ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰে মানৱ দেহৰ ৰক্ত পৰিবাহী নলীক ক্ষতি কৰিব পাৰে৷ চিকিৎসা বিশেষজ্ঞসকলৰ মতে, বায়ুমণ্ডলত মিহলি হৈ থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰে মানৱদেহৰ হৃদপিণ্ডৰ ধমনীবোৰ সংকুচিত কৰিব পাৰে, যাৰ ফলত হৃদপিণ্ডৰ ৰক্তপ্ৰৱাহ বন্ধ হৈ পৰে আৰু এইদৰেই হাৰ্ট এটেক হয়৷
কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীৰ মাজত হৃদৰোগ বৃদ্ধি পোৱাটো কেৱল ভাৰতৰে সমস্যা নহয়৷ বিশ্বৰ প্ৰায় ১৫০খন দেশৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চলোৱা সমীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে শেহতীয়াকৈ ১৮ বছৰ বা তাতকৈ কম বয়সৰ ছাত্ৰ-ছাত্ৰীও হৃদৰোগত আক্ৰান্ত  হোৱা ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ অন্যতম কাৰণটো হৈছে, কিশোৰ-কিশোৰীৰ আৰামপ্ৰিয় মানসিকতা৷ টেলিভিছন,  কম্পিউটাৰ, ম’বাইল ফোন, স্কুলীয়া পাঠ্যক্ৰমৰ কিতাপ-পত্ৰত অধিক সময় অতিবাহিত হোৱাৰ কাৰণে অধিকসংখ্যক ছাত্ৰ-ছাত্ৰীৰেই  শাৰীৰিক পৰিশ্ৰম কৰা নহয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে ছাত্ৰ-ছাত্ৰীৰ মাজত যদি শাৰীৰিক পৰিশ্ৰম কৰাৰ প্ৰৱণতা এনেদৰে বৃদ্ধি পাবলৈ ধৰে, তেনেহ’লে পৰৱৰ্তী সময়ত তেওঁলোকক বিভন্ন উপসৰ্গই দেখা দিয়াৰ সম্ভাৱনা থাকে৷ এটা সময় আছিল, যেতিয়া স্কুল ছুটীৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে খেল-ধেমালিৰ বাবে অফুৰন্ত সময় পাইছিল৷ খেল-ধেমালিয়ে তেওঁলোকৰ স্বাস্থ্য আৰু মানসিক উৎকৰ্ষ সাধনত সহায় কৰিছিল৷ কিন্তু টেলিভিছন, ম’বাইল ফোনৰ আৱিষ্কাৰে ছাত্ৰ-ছাত্ৰীক আৰামপ্ৰিয় কৰি তুলিলে৷ খেল-ধেমালিৰ বাবে সময়ৰ অভাৱ হ’লেও ছাত্ৰ-ছাত্ৰীয়ে দৈনিক খোজকঢ়া, চাইকেল চলোৱা আদিৰ অভ্যাস গঢ় দিয়া উচিত৷ তেনে কৰিলে হাড় মজবুত হোৱাৰ লগতে মাংসপেশীৰ লগতে হৃদযন্ত্ৰ সবল হৈ থাকিব৷ তাৎপৰ্যপূৰ্ণ যে ল’ৰাৰ তুলনাত ছোৱালীৰ অলসতা অধিক বুলি প্ৰতিবেদনটোত পোৱা গৈছে৷ বিশেষজ্ঞসকলৰ পৰামৰ্শ এয়াই যে কোনো লোকে বুকুৰ বিষ অথবা শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিলে তাক যথেষ্ট গুৰুত্ব সহকাৰে ল’ব লাগে৷ তাৰ লগতে  চিকিৎসকৰ পৰামৰ্শ লৈ ব্লাড ছুগাৰ আৰু ব্লাড প্ৰেছাৰ নিয়মিত পৰীক্ষা কৰাই থাকিব লাগে৷
ভাৰততো শেহতীয়াভাৱে দহ বছৰৰ পৰা ১৯ বছৰৰ কিশোৰ-কিশোৰীৰ মাজত মধুমেহ আৰু হৃদৰোগৰ সমস্যাই দেখা দিছে৷ ইয়াৰ কাৰণো হৈছে শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ৷ কিশোৰ অৱস্থাত হৃদৰোগ মৃত্যুৰ কাৰণ হোৱাৰ সম্ভৱনা কম থাকে যদিও পূৰ্ণবয়স্ক লোক এজনৰ ক্ষেত্ৰত সেয়া গুৰুতৰ সমস্যা হ’ব পাৰে৷ শাৰীৰিক পৰিশ্ৰমৰ অভাৱৰ লগতে কিশোৰ-কিশোৰীৰ মাজত ধূমপানৰ প্ৰৱণতাও হৃদৰোগৰ কাৰণ হ’ব পাৰে৷ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকল এইক্ষেত্ৰত সচেতন নহ’লে পৰৱৰ্তী সময়ত তেওঁলোক গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে৷