শিক্ষাৰ মান
অসমত শিক্ষাৰ মান স্বাধীনতাৰ ৭৫ বছৰ পাছতো বিশ্বমানৰ কৰিবলৈতো সক্ষম হোৱাই নাই, বৰং ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰতো পিছপৰা৷ সমাজ এখনৰ উন্নয়নৰ বাবে শিক্ষাৰ উন্নতি অতি জৰুৰী৷ আধুনিক আৰু বিশ্বমানৰ শিক্ষাইহে সমাজ একোখনক উন্নতিৰ শিখৰলৈ নিয়াত সহায় কৰে৷ কিন্তু যিখন সমাজ শিক্ষাক্ষেত্ৰত পিছপৰা, তেনে সমাজৰ উন্নতি আশা নকৰাই ভাল৷ অসমত দীৰ্ঘকাল শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ড॰ হিমন্ত বিশ্ব শৰ্মা সম্প্ৰতি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল যদিও অসমৰ শিক্ষাক্ষেত্ৰৰ উন্নতি আশানুৰূপ নহ’ল৷ বৰং শিক্ষা বিভাগটোৰ প্ৰতি জনসাধাৰণ ক্ৰমে আস্থাহীন হৈহে পৰিছে৷ চৰম বিশৃংখলতাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ উপৰি আন পৰীক্ষাসমূহতো নানা আসোঁৱাহৰ কথা সময়ে সময়ে প্ৰকাশ পাইছে৷ ৰাজ্যৰ দুখীয়া আৰু মধ্যবিত্তৰ বাবে আজিও শিক্ষাৰ বাবে একমাত্ৰ ভৰসা চৰকাৰী শিক্ষানুষ্ঠান৷ কিন্তু চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মান আৰু আন্তঃগাঁথনি পুতৌলগা হৈয়েই আছে৷ তদুপৰি ৰাজ্যত গুণোৎসৱ অনুষ্ঠিত কৰি বিদ্যালয়সমূহৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয় ক্ৰমে বন্ধ কৰা বা আন বিদ্যালয়ৰ লগত চামিল কৰাহে দেখা গৈছে৷ অসমত বিগত সময়ছোৱাত চাৰিবাৰ গুণোৎসৱ হ’ল যদিও আজিও চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰা নহ’ল৷ চৰকাৰী নিয়ম ৩০জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষকৰ বাবে সম্প্ৰতি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় ক্ৰমে বন্ধ হৈ আহিছে৷ এতিয়াও ৰাজ্যত ২,৯৭৯খন প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে৷ ইয়াৰ ভিতৰত ২,৯৬৯খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ২০খন উচ্ছ প্ৰাথমিক বিদ্যালয়৷ ৰাজ্যৰ মাত্ৰ ১,৮৬০খন প্ৰাথমিক বিদ্যালয়তহে মাত্ৰ ছজন বা তাৰ অধিক শিক্ষক আছে৷ ইয়াৰে ১,০৪৫খন নিম্ন প্ৰাথমিক আৰু ৮১৫খন উচ্ছ প্ৰাথমিক৷ ইয়াৰ উপৰি ৰাজ্যৰ ১২,৭৩১খন প্ৰাথমিক বিদ্যালয়ত প্ৰয়োজন অনুপাতে শিক্ষক নাই৷ অৰ্থাৎ এনে বিদ্যালয়ত এজন শিক্ষকৰ বিপৰীতে ৩০জনতকৈ বহুত বেছি শিক্ষাৰ্থী আছে৷ এনে অৱস্থাত ৰাজ্যৰ শিক্ষাব্যৱস্থা উন্নত হ’ব বুলি আশা কৰিব পাৰিনে? সেইদৰে ৰাজ্যৰ বহু বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, শৌচালয়, প্ৰস্ৰাৱাগাৰৰ ব্যৱস্থা৷ গাঁও অঞ্চলৰ অধিকাংশ বিদ্যালয়তে নাই বিদ্যুৎচালিত পাংখা৷ সম্প্ৰতি ৰাজ্যৰ বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে যদিও এতিয়াও বহু শিক্ষাৰ্থীয়ে লাভ কৰা নাই নতুন পাঠ্যক্ৰম৷ এনে অৱস্থাত ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ, বিশেষকৈ প্ৰাথমিক শিক্ষাৰ মান উন্নত হ’ব বুলি আশা কৰিব পাৰিনে? নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰাজ্যৰ এই শিক্ষাবৰ্ষৰ পৰাই আৰম্ভ কৰি হয়তো চৰকাৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা বিভিন্ন কাৰণত হ্ৰাস কৰি, বন্ধ কৰি নাইবা আন বিদ্যালয়ৰ লগত চামিল কৰি চৰকাৰী শিক্ষাব্যৱস্থা হয়তো ধবংস কৰিব৷ এনে অৱস্থাত ৰাজ্যৰ দুখীয়া-মধ্যবিত্ত লোকৰ সন্তানৰ বাবে বিশ্বমানৰ শিক্ষাতো সম্ভৱ নহয়েই, সেইসকলক সাক্ষৰ হোৱাৰ পথো হয়তো ৰুদ্ধ কৰিব৷ প্ৰকৃততে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত শিক্ষাৰ্থী অনুপাতে নহয়, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিলেহে চৰকাৰী বিদ্যালয়ৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈ তেওঁলোকৰ সন্তানক তেনে বিদ্যালয়ত নামভৰ্তি কৰাই দিব৷ নতুন শিক্ষানীতি প্ৰয়োগ কৰা সময়ত চৰকাৰে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ উপৰি প্ৰয়োজন অনুপাতে শিক্ষক নিযুক্তি দিয়া উচিত৷






