Logo
image

ট্ৰাম্প অভিযুক্ত মাৰ্কিন বিচাৰ ব্যৱস্থাক সমালোচনা

আমাৰ অসম, ৬ এপ্ৰিলঃ আমেৰিকাৰ পৰ্ণ তাৰকা ষ্টৰ্মী ডেনিয়েল্‌ছৰ সৈতে যৌন সংসৰ্গত লিপ্ত হৈ পাছত ৰাষ্ট্ৰপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত যৌনাচাৰৰ ঘটনা লুকুৱাই ৰাখিবলৈ ‘হাছ মানি’ আগবঢ়োৱা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ফৌজদাৰী গোচৰত অভিযুক্ত হৈছে৷ মুঠতে ৩৪টা অতি গুৰুতৰ অপৰাধত অভিযুক্ত হোৱা ড’নাল্ড ট্ৰাম্প এই ৩৪টা অপৰাধত [৩৪ ফেল’নী কাউণ্টছ] দোষী সাব্যস্ত হ’লে সৰ্বাধিক ১৩৬ বছৰ   কাৰাবাস খাটিব লাগিব৷ মাৰ্কিন ন্যায় ব্যৱস্থাত ‘ফেল’নী কাউণ্টছ’ হৈছে হত্যাৰ দৰে গুৰুতৰ ফৌজদাৰী বা অপৰাধমূলক গোচৰ৷ ট্ৰাম্পৰ যৌনাচাৰৰ ঘটনা লুকুৱাই ৰাখিবৰ বাবে মুখবন্ধ কৰিবলৈ পৰ্ণতাৰকা ষ্টৰ্মী ডেনিয়েল্‌ছক ১,৩০,০০০ মাৰ্কিন ডলাৰ প্ৰদান কৰাৰ ঘটনাৰ বিৰুদ্ধে মঙলবাৰে মানহাটান আদালতত ৩৪টা ‘কাউণ্ট’ বা অভিযোগ নথিভুক্ত হৈছে৷ মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত নমাৰ সময়ত ২০১৬ চনত প্ৰদান কৰা ধনৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পে ব্যৱসায়িক তথ্য বিকৃত কৰিছিল বা লুকুৱাইছিল৷ সেই দিশতহে প্ৰাক্তন ৰাষ্ট্ৰপতিজন সোমবাৰে আদালতত আনুষ্ঠানিকভাৱে অভিযুক্ত হৈছে৷ প্ৰসংগতঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী অভিযানত খৰচ কৰা প্ৰতিটো ডলাৰ ক’ৰ পৰা আহিছে আৰু ক’ত ব্যয় কৰা হৈছে তাৰ সঠিক তথ্য প্ৰদান কৰিবই লাগিব৷ অন্যথা তেওঁৰ প্ৰাৰ্থিত্বৰ দৌৰত বিঘিনি ঘটিব আৰু কাৰ্যকাল চলি থকা বা তাৰ পাছত সেই তথ্য প্ৰকাশ হ’লেও তেওঁৰ বিৰুদ্ধে গুৰুতৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাটো অৱধাৰিত৷ ড’নাল্ড ট্ৰাম্পে ষ্টৰ্মী ডেনিয়েল্‌ছক সেই ধন গোপনভাৱে নিজৰ এটৰ্নীৰ জৰিয়তে প্ৰদান কৰিছিল৷ সেই তথ্য ৰাজহুৱা কৰি এটৰ্নী মাইকেল কোহেনে নিৰ্বাচনী গোপনীয়তা ভংগৰ বাবে কাৰাবাস খাটি আছে৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, তাৰো বহুদিন পূৰ্বে, ৰাজনীতিত প্ৰৱেশ নকৰোঁতেই ২০০৬ চনত ব্যৱসায়ী ট্ৰাম্প ষ্টৰ্মী ডেনিয়েল্‌ছৰ সৈতে সহবাসত লিপ্ত হৈছিল যদিও দেশৰ আইনত সেয়া কোনো অপৰাধ নহয় আৰু সেই যৌনাচাৰৰ ঘটনাত ট্ৰাম্প অভিযুক্ত হোৱা নাই৷ অভিযুক্ত হৈছে, বদনামৰ পৰা হাত সাৰিবলৈ মুখ বন্ধ ৰখাৰ বাবে প্ৰদান কৰা ধন বা ‘হাছ মানি’ প্ৰদানৰ বাবেহে৷

মঙলবাৰে মানহাটান আদালতত ড’নাল্ড ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগেই অস্বীকাৰ কৰে৷ তেওঁ আদালতত মাথোঁ ৬টা শব্দহে উচ্ছাৰণ কৰে৷ কিন্তু শুনানিৰ পূৰ্বে আৰু পাছত ক্ৰমে ই-মেইল আৰু বক্তৃতাৰ জৰিয়তে ট্ৰাম্পে মাৰ্কিন ন্যায় ব্যৱস্থাক সমালোচনা কৰে আৰু এই সকলোবোৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি মন্তব্য কৰে৷ তেওঁক ২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা প্ৰতিহত কৰাৰ বাবেই বিচাৰৰ নামত তেওঁক অভিযুক্ত কৰি দোষী সাব্যস্ত কৰিবলৈ চেষ্টা চলোৱা বুলি ট্ৰাম্পে ৰাজহুৱা অভিযোগ কৰিছে৷ মঙলবাৰে ট্ৰাম্প আদালতৰ পৰা গৈ ফ্ল’ৰিডাৰ পাম বীচ্চৰ নিজৰ মালিকানাধীন মাৰ-এ-লাগ’ ক্লাবত উপস্থিত হয় আৰু বুধবাৰে তাত সমৰ্থকৰ সন্মুখত বক্তৃতা দি কয়– ‘মই আমেৰিকাত এনে ঘটনা হ’ব বুলি কেতিয়াও ভবা নাছিলোঁ৷ মোৰ অপৰাধ এটাই, মই নিৰ্ভীকভাৱে আমাৰ জাতিটোক ধবংস কৰিব বিচৰাসকলৰ পৰা সুৰক্ষা দিছিলোঁ৷ এয়া আমাৰ দেশৰ বাবেই অপমান৷’

মানহাটান জিলাৰ এটৰ্নী এলভিন ব্ৰাগে উত্থাপন কৰা অভিযোগত ট্ৰাম্প আদালতত অভিযুক্ত হ’লেও শুনানিৰ প্ৰথম দিনা অৰ্থাৎ মঙলবাৰে তেওঁ গ্ৰেপ্তাৰ নহ’ল৷ ৩৪টাকৈ গুৰুতৰ অপৰাধত অভিযুক্ত ড’নাল্ড ট্ৰাম্প এতিয়াই কাৰাবন্দী হ’বনে নহয় সেয়া এতিয়াও অস্পষ্ট৷ কিন্তু যদিহে তেওঁ সৰ্বমুঠ ৩৪টা অপৰাধত দোষী সাব্যস্ত হয়, তেন্তে প্ৰতিটো অপৰাধৰ বাবে ৪ বছৰকৈ, মুঠতে ১৩৬ বছৰ কাৰাবাস খাটিব লাগিব৷ উল্লেখ্য, আমেৰিকাৰ ইতিহাসত ট্ৰাম্পৰ পূৰ্বে কোনো ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি ফৌজদাৰী গোচৰত অভিযুক্ত হোৱা নাছিল৷ তাৎপৰ্যপূৰ্ণ যে দোষী সাব্যস্ত হৈয়ো ট্ৰাম্পে প্ৰথমবাৰৰ বাবে কৰা অপৰাধৰ বাবে কাৰাবাস নখটাকৈ ৰক্ষা পৰাৰো সম্ভাৱনা আছে বা ১০ বছৰমান কাৰাবাস খোৱাৰ আশংকা আছে৷ ইপিনে ট্ৰাম্পক অহা বছৰৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা এই অভিযোগ আৰু অপৰাধে ক্ষান্ত কৰিব নোৱাৰে৷ আইনসংগতভাৱেই তেওঁৰ সেই দৌৰ অব্যাহত থাকিব৷