প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী
স্বাধীন ভাৰতৰ ইতিহাসত বোধকৰো এইটোৱেই প্ৰথম বিতৰ্ক য’ত দেশৰ শাসনৰ মুৰব্বী প্ৰধানমন্ত্ৰীজনৰ শিক্ষাগত অৰ্হতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ বিতৰ্ক প্ৰধানমন্ত্ৰীজনৰ শিক্ষাগত অৰ্হতা কম এই বিষয়ত কাৰো আপত্তি থাকিব নোৱাৰে, কাৰণ সাংবিধানিকভাৱেই ইয়াৰ বাধ্যবাধকতা নাই৷ কিন্তু বিতৰ্ক হৈছে প্ৰধানমন্ত্ৰীজনে নিৰ্বাচন আয়োগক ভুল তথ্যৰে বিভ্ৰান্ত কৰিবলৈ যত্ন কৰাতহে৷ যিটো জনপ্ৰতিনিধিত্ব আইন মতে এটা ঘোৰ অপৰাধ৷ ভাৰতৰ সংসদ বা বিধানসভা জনপ্ৰতিনিধিত্ব আইনত এজন সাংসদ বা বিধায়কৰ কোনো শিক্ষাগত অৰ্হতা লিপিবদ্ধ কৰা হোৱা নাই৷ ফলস্বৰূপে এজন সম্পূৰ্ণ নিৰক্ষৰ ব্যক্তিও দেশৰ মুৰব্বীৰ পদত বহিব পাৰে, তাত কোনো আইনী বাধা নাই৷ কিন্তু এজন ব্যক্তি যদি অশিক্ষিত হৈ নিজৰ শিক্ষাগত অৰ্হতা সম্পৰ্কত ভুল তথ্য দিয়ে, সেয়া ঘোৰ অপৰাধ৷ এই সম্পৰ্কত নিৰ্বাচন আয়োগৰ ওচৰত যি তথ্য দিয়া হয়, সেয়া সাৰ্বজনীন হয় আৰু সকলোৱে জানিব পৰা তথ্য হয়৷ সেয়ে তাত ভুল তথ্য দিয়াৰ অৰ্থ হ’ল জনগণক ফাঁকি দিয়া৷ নিৰ্বাচন আয়োগক দিয়া তথ্যত এতিয়া প্ৰধানমন্ত্ৰীজনৰ শিক্ষাগত অৰ্হতা সম্পৰ্কত যি বিতৰ্ক হৈছে, সেয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল যদিও জনপ্ৰিয়তাৰ স্বাৰ্থত আৰু প্ৰচাৰ মাধ্যমৰ বলত বিশেষ আগবঢ়া নাছিল; কিন্তু সণ্ঢালনিকৈ প্ৰশ্নটো উঠি আহিছিল৷ বাৰে বাৰে সমালোচনা হোৱাৰ পাছত এই সম্পৰ্কত বিজেপি নেতা তথা কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদ মেল পাতি নৰেন্দ্ৰ মোদীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ প্ৰমাণ-পত্ৰ ৰাজহুৱা কৰিছিল৷ কিন্তু এইখন ৰাজহুৱা কৰাৰ পাছত বিতৰ্ক আৰু বৃদ্ধিহে পালে৷ ইয়াৰ সত্যতা বিচাৰি আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে তথ্য জনা আইনৰ অধীনত যেতিয়া আৱেদন কৰিলে, গুজৰাট বিশ্ববিদ্যালয়ে এয়া দিবলৈ অস্বীকাৰ কৰিলে আৰু এয়া প্ৰধানমন্ত্ৰীৰ গোপনীয়তাৰ অধিকাৰ বুলি কৈ গুজৰাট উচ্ছ ন্যায়ালয়ত গোচৰ তৰিলে আৰু ন্যায়ালয়ে বৰ অপ্ৰত্যাশিতভাৱে কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিলে৷ গৃহমন্ত্ৰী অমিত শ্বাহে যিখন প্ৰমাণ-পত্ৰ ৰাজহুৱা কৰিছিল, সেই প্ৰমাণ-পত্ৰখন আছিল গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে ১৯৮৩ চনৰ ১৩ মাৰ্চৰ দিনা ‘এণ্টায়াৰ পলিটিকেল চাইঞ্চ’ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা৷ এতিয়া সেইখন যদি প্ৰকৃত প্ৰমাণ-পত্ৰ হয়, তেতিয়াহ’লে এখন বিশ্ববিদ্যালয়ে তাক দিয়াত বাধা ক’ত৷ দ্বিতীয় কথা, যিখন প্ৰমাণ-পত্ৰ ৰাজহুৱা কৰা হ’ল, সেইখন সম্পৰ্কত আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে প্ৰশ্ন উত্থাপন কৰিছে যে সেই প্ৰমাণ-পত্ৰখনত কেইবাটাও বিসংগতি আছে৷ প্ৰথম, প্ৰমাণ-পত্ৰখনৰ দ্বিতীয় শাৰীত ইংৰাজী ব’ল্ড আখৰত লিখা আছে Gujrat Unibersity৷ এই ইউনিভাৰ্ছিটী বানানটো ভুল৷ আনহাতে, প্ৰমাণ-পত্ৰখনৰ শেষত যিটো ইউনিভাৰ্ছিটী বানান লিখিছে, সেইটো শুদ্ধ অৰ্থত University লিখিছে৷ সঞ্জয় সিঙে কৰা অভিযোগত আৰু এটা কথা কৈছে যে নৰেন্দ্ৰ দামোদৰ দাস মোদীৰ প্ৰমাণ-পত্ৰখনত যি আখৰ ব্যৱহাৰ কৰা হৈছে, সেই আখৰ উদ্ভাৱন বহু পাছতহে হৈছিল৷
আজিকালি আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগ, এই যুগত কোনো তথ্যই ফাঁকি দি বেছিদিনলৈ ৰাখিব নোৱাৰি৷ নৰেন্দ্ৰ মোদীৰ সেই প্ৰমাণ-পত্ৰখনো এতিয়া গুগ্লত ছাৰ্চ কৰিলেই উপলব্ধ হয়৷ কেজৰিৱালে নিশ্চয়কৈ গুজৰাট উচ্ছ ন্যায়ালয়ৰ ৰায় সম্পৰ্কত উচ্ছতম ন্যায়ালয়লৈ যাব৷ অসমীয়াত এষাৰ কথা আছে, ‘ঘাঁ খুঁচৰিলে গেলিবলৈ ধৰে৷’ এটা ফাঁকি লুকুৱাবলৈ যাওঁতে আৰু দুটা ফাঁকি ক’ব লগা হয়৷ প্ৰধানমন্ত্ৰীজনে তেওঁৰ জীৱনকালত বিভিন্ন ঠাইত নিজৰ শিক্ষাগত অৰ্হতাৰ কথা বা আনুষ্ঠানিক শিক্ষা সীমিত হোৱাৰ কথা কৈ আহিছে, তেতিয়া আজিৰ দৰে কোনেও প্ৰশ্ন উত্থাপন কৰিবলৈ সাহস কৰা নাছিল, কাৰণ এজন মানুহ অশিক্ষিত হ’লেও জ্ঞানী হ’ব পাৰে৷ কিন্তু জ্ঞানী মানুহে কেতিয়াও চৌৰ্যবৃত্তি গ্ৰহণ নকৰে৷ অধিক সন্দেহ ঘনীভূত হোৱাৰ আগতেই সন্দেহ নিৰসন কৰাৰ ব্যৱস্থা কৰাটো সন্দেহৰ আঙুলি উঠাজনৰ দায়িত্ব৷






