Logo
image

হঠাৎ কাণৰ বিষ হ’লে এনেদৰে সকাহ পাওঁক

হঠাৎ কাণৰ বিষত আক্ৰান্ত হ’লে ইয়াৰ যন্ত্ৰণা অতি অস্বস্তিদায়ক হয়৷ পিছে, কিছুমান ঘৰুৱা চিকিৎসাৰে এই বিষৰ পৰা সকাহ পাব পাৰি৷ চিকিৎসকৰ কাষ চপাৰ পূৰ্বে এনেধৰণৰ ঘৰুৱা চিকিৎসা গ্ৰহণ কৰিলে যন্ত্ৰণাও বহুখিনি উপশম হ’ব পাৰে৷ সাধাৰণতে, কাণৰ ভিতৰখন অত্যধিক মলিয়ন হৈ পৰিলে বা কোনো কাৰণত সংক্ৰমণ হ’লে, কাণৰ ভিতৰত পানী সোমালে, উচ্ছতা আৰোহণ কৰাৰ সময়ত কাণৰ বিষ হ’লে অথবা তনচিল আৰু দাঁতৰ অসুখ আদিত আক্ৰান্ত হ’লেও কাণত বিষ অনুভৱ হ’ব পাৰে৷ 

কাণৰ বিষৰ পৰা উপশম পোৱাৰ ঘৰুৱা চিকিৎসা 

⬛ ঠাণ্ডা বা গৰম সেকঃ কাণৰ বিষত আক্ৰান্ত হ’লে এটুকুৰা বৰফ কাণৰ ওপৰত কিছুসময়ৰ বাবে ৰাখিলে বিষ তাৎক্ষণিকভাৱে কমি যায়৷  তদুপৰি গৰমপানীৰ সেক বা হট্‌ ৱাটাৰ বেগৰ জৰিয়তেও কাণৰ বিষ কমাব পৰা যায়৷ যি ঠাইত বিষ অনুভৱ হয় সেই ঠাইত হট্‌ ৱাটাৰ বেগেৰে কিছুসময়ৰ বাবে সেক দিলে যন্ত্ৰণা উপশম হয়৷

⬛ অলিভ অইলঃ কাণৰ ভিতৰখন মলিয়ন হৈ বা ফাংগাল ইনফেকশ্বনৰ বাবে  কাণৰ বিষ হ’লে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে৷ ইয়াৰ বাবে সামান্য পৰিমাণৰ অলিভ অইল গৰম কৰি বিষ হোৱা ঠাইত দিলে আৰাম পোৱা যায়৷

⬛ আদা, নহৰু পিঁয়াজৰ জৰিয়তেও বিষ কমাব পাৰিঃ এটুকুৰা আদা, পিঁয়াজ অথবা নহৰু পিচি তাৰ পৰা ওলোৱা ৰস কাণত দিলে বিষ উপশম হয়৷ আদা, পিঁয়াজ আৰু নহৰুত এণ্টি ইমফ্লেমেটৰী উপাদান থাকে৷ এই উপাদানে বিষ নাশক হিচাপে কাম কৰে৷ 

⬛ শিশুৰ বাবে মাতৃদুগ্ধঃ কাণৰ বিষত শিশু আক্ৰান্ত হ’লে সামান্য পৰিমাণৰ মাতৃদুগ্ধ কাণত দিলেও বিষ উপশম হয়৷ 

⬛ ছুয়িংগামঃ কেতিয়াবা উচ্ছতা আৰোহন কৰিলে বহুতৰে কাণত বিষ অনুভৱ হয়৷ বিমানেৰে যাত্ৰা কৰিলেও বহুতৰে কাণ বিষায়৷ এনে ক্ষেত্ৰত ছুয়িংগাম চোবাই থাকিলে বিষৰ পৰা উপশম পাব পৰা যায়৷ 

⬛ নিমখঃ নিমখক প্ৰাকৃতিক এণ্টিবায়টিক ৰূপে গণ্য কৰা হয়৷ কাণৰ বিষত আক্ৰান্ত হ’লে এখন পাণ ভাজি লৈ কিছু পৰিমাণে তাৰ ওপৰত নিমখ ৰাখিব লাগে৷ নিমখৰ সৈতে পাণখন গৰম হোৱাৰ পাছত কিছুসময় ঠাণ্ডা হ’বলৈ দিয়ক৷ অলপ কুহুমীয়া গৰম হ’লে পাণৰ সৈতে নিমখখিনি মেৰিয়াই অলপ সময়ৰ বাবে কাণৰ ওপৰত ৰাখিলে বিষৰ পৰা উপশম পাব পৰা যায়৷ 

এইবোৰ ঘৰুৱা চিকিৎসাৰে কাণৰ বিষ উপশম হ’লেও পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱাত অৱহেলা নকৰিব৷