Logo
image

আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষীকঃ নগাঁৱত ন' পাৰ্কিঙত গাড়ী ৰাখি ২ হাজাৰ টকা জৰিমনা ভৰিলে আৰক্ষীয়ে

ডিজিটেল সংবাদ, নগাঁওঃ আইন-শৃংখলা নিয়ন্ত্ৰণ কৰা আৰক্ষী আইনৰ উৰ্দ্ধত নহয়। আজি সেই কথাৰে শিক্ষা পালে নগাঁৱৰ এজন আৰক্ষীয়ে। নগাঁও চহৰৰ ইটাচালিত ব্যস্ততাপূৰ্ণ পথৰ বিপৰীত দিশত আৰু ন' পাৰ্কিঙত গাড়ী ৰখাই বজাৰ কৰা আৰক্ষী বিভাগৰ গাড়ীক দুহেজাৰ টকা জৰিমনা বিহিলে ট্ৰেফিক আৰক্ষীয়ে। 

এই ঘটনা নগাঁও চহৰৰ ইটাচালিৰ বিশাল মেগামাৰ্টৰ সমীপৰ। পুৰণা ৩৭ নং ৰাষ্ট্ৰীয় পথত ন' পাৰ্কিং জ'নত অসম আৰক্ষীৰ এ এছ ৩০-৮৮১২ নম্বৰৰ বলেৰ' গাড়ীখন ৰাখি আৰক্ষীৰ এজনে লোকে বজাৰ কৰিছিল। গাড়ীখন সেই স্থানত ৰাখি থোৱাৰ ফলত পথত সৃষ্টি হৈছিল ট্ৰেফিক জাম। সেই সময়ত উক্ত স্থানত উপস্থিত হোৱা ট্ৰেফিক আৰক্ষীয়ে গাড়ীখনত হুইল ক্লেম্প লগাই দিয়ে। পিছত আৰক্ষী গাড়ীৰ চালকজনক দুহেজাৰ টকা জৰিমনা আদায় দিয়াতহে গাড়ীৰ হুইল ক্লেম্প খুলি দিয়া হয়। 

জানিব পৰা মতে গাড়ীখন ৰহা আৰক্ষী থানাৰ। নগাঁও ট্ৰেফিক আৰক্ষীৰ এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। আইনৰ উৰ্দ্ধত যে কোনো নহয় কাৰ্যতঃ নগাঁৱৰ যান-বাহন আৰক্ষীয়ে সেয়া প্ৰমাণ কৰিলে। আৰক্ষীৰ এনে কাৰ্যই য'তে ত'তে গাড়ী পাৰ্ক কৰাসকললৈ এক সতৰ্কবাণী প্ৰেৰণ কৰিলে।