Logo
image

কামলৈ ওলাই যোৱা বিকাশ ঘূৰি অহা নাই ঘৰলৈঃ গৰ্ভৱতী পত্নীক এৰি আলফা স্বাধীনত যোগদানৰ সন্দেহ পৰিয়ালৰ

ডিজিটেল সংবাদ, কাকপথাৰঃ আলফাৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং চেলেংগুৰি গাঁৱৰ এজন বিবাহিত যুৱক বিগত ২১ মাৰ্চৰ পৰা সন্ধানহীন হোৱা ঘটনাই কাকপথাৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত খবৰ মতে, গাঁৱখনৰ গমিধৰ মহন্ত আৰু ৰূপা মহন্তৰ পুত্ৰ বিকাশ মহন্তই ২১ মাৰ্চত পেঙেৰীত কাম কৰিবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যোৱা দিন ধৰি পৰিয়ালৰ লগত কোনোধৰণৰ যোগাযোগ ৰখা নাই ৷ আনহাতে ঘৰৰ পৰা যোৱা দিনাই অজ্ঞাত লোকৰ পৰা অহা ফোনত বিকাশ আহি পালেহি বুলি খবৰ দিয়ে যদিও কোন ঠাইত বিকাশ আছে সেই ঠাইৰ নাম প্ৰকাশ নকৰিলে ৷ 

পোন্ধৰ দিনৰ পাছতো বিকাশৰ সন্ধান নোলোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰাৰ লগতে আলফা স্বাধীনত যোগদান কৰা বুলি পৰিয়ালৰ লোকে আশংকা কৰিছে৷ যদি বিকাশ মহন্তই আলফাত যোগদান কৰিছে তেন্তে ৯ মাহৰ অন্তঃসত্বা পত্নীৰ কথা ভাবি যুৱকজনক ঘৰলৈ ঘূৰাই পঠাবলৈ পিতৃ-মাতৃৰ লগতে পত্নীয়ে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে ৷ ইতিমধ্যে যুৱকজন সন্ধানহীন সন্দৰ্ভত পৰিয়ালৰ লোকে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷